• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Plants For Diabetes Control: ডায়েবেটিছ ৰোগৰ মহৌষধ ! এই ৪বিধ গছৰ পাত ডায়েবেটিচ ৰোগীৰ বাবে অতি উপকাৰী, জানোঁ আহক সবিশেষ...,

Plants For Diabetes Control: ডায়েবেটিছ ৰোগৰ মহৌষধ ! এই ৪বিধ গছৰ পাত ডায়েবেটিচ ৰোগীৰ বাবে অতি উপকাৰী, জানোঁ আহক সবিশেষ...,

ডায়েবেটিছ (Diabetes) ৰোগীয়ে যদি প্ৰাকৃতিক উপায়েৰে ঘৰতে থাকি ব্লাড ছুগাৰ নিয়ন্ত্ৰন কৰিব বিচাৰে তেন্তে ঘৰৰ চৌহদত এই গছ ৰোপন কৰি আৰু তাৰ পাত নিয়মিতভাৱে সেৱন কৰিব পাৰে।

ডায়েবেটিছ (Diabetes) ৰোগীয়ে যদি প্ৰাকৃতিক উপায়েৰে ঘৰতে থাকি ব্লাড ছুগাৰ নিয়ন্ত্ৰন কৰিব বিচাৰে তেন্তে ঘৰৰ চৌহদত এই গছ ৰোপন কৰি আৰু তাৰ পাত নিয়মিতভাৱে সেৱন কৰিব পাৰে।

ডায়েবেটিছ (Diabetes) ৰোগীয়ে যদি প্ৰাকৃতিক উপায়েৰে ঘৰতে থাকি ব্লাড ছুগাৰ নিয়ন্ত্ৰন কৰিব বিচাৰে তেন্তে ঘৰৰ চৌহদত এই গছ ৰোপন কৰি আৰু তাৰ পাত নিয়মিতভাৱে সেৱন কৰিব পাৰে।

  • Share this:
শৰীৰত যেতিয়া ইনছুলিন হৰমন কম উৎপাদন হয় তেতিয়াই ডায়েবেটিছ (Diabetes) ৰোগে দেখা দিয়ে। এই ৰোগ বংশগতও হ'ব পাৰে। ইয়াৰ ওপৰিও মেদ বহুলতা আৰু উশৃংখল জীৱনশৈলী ডায়েবেটিছ ৰোগৰ কাৰণ হ'ব পাৰে। ব্যস্ততাপূৰ্ণ জীৱনৰ এক গুৰুতৰ সমস্যা হৈছে মানসিক চাপ আৰু এই চাপৰ ফলতে কম বয়সীয়ালোকসকলৰ মাজতো ডায়েবেটিছ ৰোগ হোৱা দেখা গৈছে। ।এইটো এনে এটা ৰোগ য'ত এজন ব্যক্তিয়ে জীৱনভৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়, আনকি সামান্য অসাৱধানতা জীৱনৰবাবে বিপদজনক হ'ব পাৰে। এই ক্ষেত্ৰত, চিকিৎসকে কিছুমান ঔষধৰ লগতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও, আয়ুৰ্বেদৰ কিছুমান ঘৰুৱা প্ৰতিকাৰ (Home Remedies) গ্ৰহণ কৰিও ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। আজি আমি আপোনালোকক এনে কিছুমান উদ্ভিদৰ বিষয়ে ক'ম যিবোৰ আপুনি আপোনাৰ ঘৰতে ৰোপণ কৰিব পাৰে আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে সেইবোৰৰ পাত সেৱন কৰিব পাৰে।

১. এলো ভেৰা

এলো ভেৰা (Aloe vera) হৈছে এক অতি উপযোগী উদ্ভিদ আৰু ই ডায়েবেটিছ ৰোগীসকলৰ বাবেও অতিকে উপযোগী। ইয়াত কিছুমান উপাদান থাকে যি উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ এলো ভেৰাই ৰামবাণৰ দৰে কাম কৰে।

২. ইনচুলিন উদ্ভিদ

আয়ুৰ্বেদত ইনচুলিন উদ্ভিদ (Insulin Plant) অতি গুৰুত্বপূৰ্ণ। এই উদ্ভিদ ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ইনচুলিন পাতৰ সোৱাদ টেঙা হয়। এই গছৰ পাত সেৱনৰ কৰিলে তেজত শৰ্কৰা (Blood Sugar)ৰ স্তৰ হ্ৰাস হয়।।

৩. ষ্টেভিয়া গছ

ষ্টাইভিয়া গছ (Stevia plant)ৰ পাত ডায়েবেটিছ ৰোগীসকলৰ বাবে অতি উপকাৰী। এই গছৰ পাতবোৰৰ সোৱাদ মিঠা। ইয়াৰ পাত শুকুৱাই আৰু পাউডাৰ তৈয়াৰ কৰি আপুনি ইয়াক চাহ, চৰবত বা যিকোনো বস্তুত চেনী ৰ দৰে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পাতবোৰৰ ৰক্ত শৰ্কৰাৰ (Blood Sugar) স্তৰ নিয়ন্ত্ৰণ কৰাতো যথেষ্ট সহায়ক। ইয়াত শূন্য-কেলৰি থাকে আৰু এই গছৰ পাত নিয়মিত সেৱন কৰি ওজন হ্ৰাস কৰিব পৰা যায়।

৪. নিম পাত

আয়ুৰ্বেদত নিম পাতৰ গুৰুত্ব অসীম। নিমৰ সেউজীয়া পাতবোৰত যথেষ্ট পৰিমাণে গ্লাইকোচাইড থকাৰ লগতে বহুতো এণ্টি-ভাইৰেল উপাদান থাকাৰ বাবে  ই ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।
(Disclaimer: এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। নিউজ-১৮ অসম নৰ্থইষ্ট-এ এইবোৰ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
Published by:Manjumoni Borah
First published: