உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • অমিতাৰ ৬টা গুণ! কৰ্কটৰ দৰে ৰোগ প্ৰতিহত কৰিবলৈ অমিতাৰ আছে শক্তি! জানি লওক

    অমিতাৰ ৬টা গুণ! কৰ্কটৰ দৰে ৰোগ প্ৰতিহত কৰিবলৈ অমিতাৰ আছে শক্তি! জানি লওক

    হেল্পলাইন অনুসৰি, অমিতা এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি আমাৰ ছাল মসৃণ কৰি ৰাখে আৰু যিকোনো ধৰণৰ প্ৰদাহ আৰু ৰোগ আঁতৰ কৰে।

    হেল্পলাইন অনুসৰি, অমিতা এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি আমাৰ ছাল মসৃণ কৰি ৰাখে আৰু যিকোনো ধৰণৰ প্ৰদাহ আৰু ৰোগ আঁতৰ কৰে।

    হেল্পলাইন অনুসৰি, অমিতা এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি আমাৰ ছাল মসৃণ কৰি ৰাখে আৰু যিকোনো ধৰণৰ প্ৰদাহ আৰু ৰোগ আঁতৰ কৰে।

    • Share this:
    অমিতা (Papaya)ৰ কথা আমাৰ মনলৈ তেতিয়া আহে, যেতিয়া আমি কোনো ৰোগত ভুগি থাকো অথবা পেটৰ সমস্যা হয়। সাধাৰণতে অমিতা এনে এবিধ ফল যি, পুষ্টিৰে পৰিপূৰ্ণ আৰু ইয়াৰ বহু ঔষধি গুণ আছে। নিয়মীয়াকৈ অমিতা গ্ৰহণে বহুতো ৰোগৰ পৰা আমাক আঁতৰাই ৰাখে।

    ই কেৱল পাচনতন্ত্ৰক শক্তিশালী কৰি ৰখাই নহয়, ভোক বৃদ্ধি কৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে, আপুনি ইয়াক কেঁচাই আৰু ৰান্ধি দুয়োটা ৰূপতেই খাব পাৰে আৰু দুয়োটা ৰূপতে ই উপকাৰী। অমিতাত ভিটামিন A, ভিটামিন C, নিয়াচিন, মেগনেছিয়াম, কেৰোটিন, ফাইবাৰ, ফলেট, পটাছিয়াম, তাম, কেলচিয়াম আদি থাকে।

    হেল্পলাইন অনুসৰি, অমিতা এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ যি আমাৰ ছাল মসৃণ কৰি ৰাখে আৰু যিকোনো ধৰণৰ প্ৰদাহ আৰু ৰোগ আঁতৰ কৰে। গতিকে আমাৰ স্বাস্থ্যৰ বাবে অমিতা কিমান উপকাৰী সেই বিষয়ে জানো আহক...

    • ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় -


    অমিতা ভিটামিন C-ৰে সমৃদ্ধ। যি বগা কোষ গঠনত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট, প্ৰ'টিন, ভিটামিন A আৰু ভিটামিন E-য়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ৰোগৰ পৰা আঁতৰাই ৰাখে।

    • চকুৰ বাবে ভাল -


    অমিতা ভিটামিন A সমৃদ্ধ, যি চকুৰ বাবে এক অত্যাৱশ্যকীয় উপাদান। ইয়াত থকা কেৰোটিনইড লুটিন উপাদানে আমাৰ চকুক নীলা পোহৰৰ পৰা সুৰক্ষিত কৰে। তদুপৰি, ই ৰেটিনা সুৰক্ষিত কৰে আৰু ছানি ধৰাৰ সম্ভাৱনা হ্ৰাস কৰে।

    • কৰ্কট ৰোগ প্ৰতিৰোধ -


    অমিতাত লাইকোপেন, কেৰোটিনইড, এণ্টিঅক্সিডেণ্ট, বিটা-ক্ৰিপ্টোক্সাথেন আৰু বিটা কেৰোটিনৰ দৰে উপাদান থাকে যি কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ক্ষেত্ৰত ইয়াক আপোনাৰ নিয়মীয়া আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰক।

    • পাচনতন্ত্ৰ শক্তিশালী কৰে-


    অমিতাত বহুতো পাচন এনজাইম থাকে। ইয়াৰ উপৰিও অমিতাত বহুতো আঁহ থাকে যি হজম ত্বৰান্বিত কৰে।

    • হৃদযন্ত্ৰৰ বাবে ভাল-


    অমিতাত যথেষ্ট পৰিমাণে ভিটামিন চি, এণ্টিঅক্সিডেণ্ট আৰু আঁহ থাকে যি স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াত থকা আঁহে কলেষ্ট'ৰেলৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ প্ৰবাহ উন্নত কৰে। যি হৃদৰোগ প্ৰতিৰোধ কৰে।

    • ওজন নিয়ন্ত্ৰণত ৰাখে -


    অমিতাত থকা প'পেন এনজাইমে খাদ্য সহজে হজম কৰাত সহায় কৰে। অমিতাত কলেষ্ট'ৰেল আৰু চৰ্বিৰ পৰিমাণ তেনেই নগণ্য সেয়ে ই ওজন হ্ৰাস কৰাত সহায় কৰে। এই ক্ষেত্ৰত যদি আপুনি ওজন হ্ৰাস কৰাৰ কথা ভাবিছে তেন্তে দৈনিক এটা মজলীয়া আকাৰৰ অমিতা খাব। ইয়াত ১২০ কেলৰি থাকে।
    Published by:Himangshu Bhuyan
    First published: