உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • চাহৰ সৈতে কেতিয়াও খাব নালাগে কিছুমান বস্তু ! শৰীৰৰ বাবে অপকাৰী হ'ব পৰা এই বস্তুবোৰ কি ? জানো আহক...

    চাহৰ সৈতে কেতিয়াও খাব নালাগে কিছুমান বস্তু ! শৰীৰৰ বাবে অপকাৰী হ'ব পৰা এই বস্তুবোৰ কি ? জানো আহক...

    চাহৰ সৈতে খোৱা কিছুমান খাদ্য-সামগ্ৰীয়ে আপোনাক অসুস্থ কৰি তুলিব পাৰে, হ'ব পাৰে পেটৰ সমস্যা...

    চাহৰ সৈতে খোৱা কিছুমান খাদ্য-সামগ্ৰীয়ে আপোনাক অসুস্থ কৰি তুলিব পাৰে, হ'ব পাৰে পেটৰ সমস্যা...

    চাহৰ সৈতে খোৱা কিছুমান খাদ্য-সামগ্ৰীয়ে আপোনাক অসুস্থ কৰি তুলিব পাৰে, হ'ব পাৰে পেটৰ সমস্যা...

    • Share this:
    ৰাতিপুৱা শুই উঠি একাপ চাহৰ সৈতে দিনটোৰ আৰম্ভণি কৰা অথবা দিনটোৰ ভাগৰ আঁতৰ কৰিবলৈ সন্ধিয়া একাপ চাহ খোৱা মানুহ আপুনি বহুতেই পাব । আন একাংশ লোকে আকৌ চাহৰ সৈতে বিস্কুট বা কিছু নিমখীয়া খাদ্য খাবলৈও প্ৰায়েই পছন্দ কৰে।

    কিন্তু আপুনি জানেনে চাহৰ সৈতে খোৱা কিছুমান সামগ্ৰীয়ে আপোনাক যে অসুস্থ কৰি তুলিব পাৰে ? আনকি এই বস্তুবোৰ সেৱন কৰিলে আপুনি পেটৰ সমস্যাৰ লগতে কোষ্ঠকাঠিন্য আৰু এচিডিটি দৰে সমস্যাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে । সেয়েহে এনে ক্ষতিৰ পৰা আঁতৰি থাকিবলৈ চাহৰ সৈতে কি কি খাব নালাগে জানি লওক সকলো...

    বেচনৰ বস্তু একেবাৰেই নাখাব -

    অধিকাংশ মানুহেই চাহৰ সৈতে বেচনৰ দ্বাৰা তৈয়াৰী সামগ্ৰী যেনে ভিন্ন নিমখীয়া সামগ্ৰী আৰু পকৰি খাবলৈ ভাল পায়, কিন্তু এয়া খোৱাটো একেবাৰেই ভাল নহয়। চাহৰ সৈতে বেচনৰ সামগ্ৰী খোৱাৰ ফলত শৰীৰত পুষ্টিৰ অভাৱ হয় আৰু ইয়ে হজমৰ সমস্যাৰ সৃ্ষ্টি কৰে ।

    কেঁচা বস্তু নাখাব -

    চাহৰ সৈতে কেতিয়াও কেঁচা বস্তু নাখাব। চাহৰ সৈতে কেঁচা বস্তু খালে ইয়ে স্বাস্থ্য আৰু পাকস্থলীক ক্ষতিগ্ৰস্ত হ'ব পাৰে। চাহৰ সৈতে চালাড, গজালি মাহজাতীয় সামগ্ৰী বা সিজোৱা কণী খোৱাটো পৰিহাৰ কৰিব ।

    ঠাণ্ডা বস্তু নাখাব -

    চাহৰ সৈতে বা চাহ খোৱাৰ পিছত একেবাৰে ঠাণ্ডা বস্তু নাখাব। চাহ খোৱাৰ পিছমুহূৰ্ততে আনকি পানীও সেৱনো পৰিহাৰ কৰিব লাগে । কিয়নো এনে কৰিলে পাচন তন্ত্ৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত গুৰুতৰ এচিডিটি বা পেটৰ সমস্যা হ'ব পাৰে। সেয়েহে আপুনি চাহ খোৱাৰ পূৰ্বেই পানী খোৱাৰ চেষ্টা কৰক ।

    টেঙা বস্তু নাখাব -

    বহুলোকে চাহত নেমু চেপি খায় । কিন্তু চাহত নেমুৰ পৰিমাণ অধিক হ'লে ইয়ে এচিডিটি, হজম আৰু গেছৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে চাহৰ সৈতে টেঙা বস্তু খোৱা পৰিহাৰ কৰক আৰু কেতিয়াবা চাহত নেমু দিলেও কমকৈ দিয়ক ।

    হালধিযুক্ত সামগ্ৰী খোৱাটো পৰিহাৰ কৰক -

    চাহৰ সৈতে বা চাহ খোৱাৰ লগে লগে অত্যাধিক মাত্ৰাত হালধি থকা সামগ্ৰী সেৱন নকৰিব। চাহ আৰু হালধিত থকা ৰাসায়নিক উপাদানবোৰে একেলগে প্ৰতিক্ৰিয়া কৰি পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ই পাচন তন্ত্ৰৰো ক্ষতি কৰিব পাৰে।
    Published by:Kokil Sarma
    First published: