সুস্থ-সবল হৈ থাকিবলৈ আপোনাৰ দিনটো ভালদৰে আৰম্ভ হোৱাটো গুৰুত্বপূৰ্ণ। কিছুমান বেয়া অভ্যাসে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। Morning Habits That Can Effect Your Health : সৰৰাচৰ কোৱা হয় যে দিনটোৰ আৰম্ভণি যিমানেই ভাল হ'ব, গোটেই দিনটো সিমানেই ভাল হ'ব। কিন্তু যদিহে আপুনি ৰাতিপুৱা পলমকৈ বিচনা এৰে বা আপুনি শুই উঠাৰ লগে লগে আপোনাৰ ম'বাইলটো চাবলৈ আৰম্ভ কৰে, এই অভ্যাসবোৰে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপুনি নজনাকৈয়ে অসুস্থ হৈ পৰিব পাৰে। এই অভ্যাসবোৰে আপোনাক ভাগৰুৱা অনুভৱ কৰাব আৰু গোটেই দিনটো সতেজ অনুভৱ কৰাৰ পৰা দূৰৈত ৰাখিব । গতিকে জানি লওঁ আহক ৰাতিপুৱাৰ কোনবোৰ অভ্যাসে আমাক অসুস্থ কৰি তোলে ।
ৰাতিপুৱাৰ এই বেয়া অভ্যাসবোৰ তৎক্ষণাৎ সলনি কৰক -
১. ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিচনাত পৰি থকা - ৰাতিপুৱা সাৰ পোৱাৰ পিছত আপুনি যিমান সম্ভৱ সোনকালে বিচনা এৰিব লাগে, কিন্তু বহু লোক আছে, যিয়ে দীঘলীয়া সময়ৰ বাবে বিচনাতেই থাকে । যদি আপুনিও এনে কৰে, আপুনি গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰিব। ৰাতিপুৱা শুই উঠি ১ ঘণ্টা ব্যায়াম বা যোগ আদি কৰাটো ভাল। ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
২. সোনকালে ব্ৰেকফাষ্ট কৰক -
ৰাতিপুৱাৰ আহাৰ খোৱাত কেতিয়াও পলম নকৰিব। এটা স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰে আপোনাক গোটেই দিনটো উদ্যমী কৰি ৰাখিব পাৰে। যদি আপুনি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ'ব পাৰে আৰু আপুনি ৰোগৰ সন্মুখীন হ'ব পাৰে।
৩. চাহ বা কফি গ্ৰহণ -
ৰাতিপুৱা উঠি প্ৰথমে চাহ বা কফি খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞান দুয়োটাই ইয়াক সঠিক বুলি বিবেচনা নকৰে। এনে কৰিলে পেটত গেছ আৰু অন্যান্য সমস্যা হ'ব পাৰে।
৪. ব্যায়াম নকৰা -
ৰাতিপুৱা উঠি ব্যায়াম কৰাটো অতি গুৰুত্বপূৰ্ণ। ব্যায়ামে কেৱল গোটেই দিনটো সক্ৰিয় কৰি ৰখাই নহয়, ই আপোনাৰ পেশী, হাড় আৰু শৰীৰৰ বহু অংশ শক্তিশালী কৰি ৰাখে। ব্যায়ামৰ ফলত বহু গুৰুতৰ ৰোগো আঁতৰ হয় । ই আপোনাৰ মানসিক স্বাস্থ্যকো উন্নত কৰে।
৫. অস্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ -
সবল স্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ অতি গুৰুত্বপূৰ্ণ। ৰাতিপুৱাৰ আহাৰো গধুৰ হ'ব লাগে। ৰাতিপুৱাৰ আহাৰত ওটমিল, শুকান ফল, ফলৰ ৰস, বুট-মগু,ৰুটি,সেউজীয়া পাচলি আদি খাব লাগে । এনে কৰিলে আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰিব।
Published by: Manjumoni Borah
First published: June 30, 2021, 12:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|