মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»মানসিক চাপ আৰু হতাশা আঁতৰাবলৈ Chocolate Meditationৰে লওক স্বস্তিৰ নিশ্বাস ! কেনেকৈ কৰিব ? জানি লওক সকলো...

মানসিক চাপ আৰু হতাশা আঁতৰাবলৈ Chocolate Meditationৰে লওক স্বস্তিৰ নিশ্বাস ! কেনেকৈ কৰিব ? জানি লওক সকলো...

News18 Assam | News18-Assam
Updated:June 3, 2021, 12:16 PM IST
মানসিক চাপ আৰু হতাশা আঁতৰাবলৈ Chocolate Meditationৰে লওক স্বস্তিৰ নিশ্বাস ! কেনেকৈ কৰিব ? জানি লওক সকলো...
Image/shutterstock

ধ্যানৰ এটা উপায় হৈছে চকলেট ধ্যান (Chocolate Meditation) । যিয়ে আপোনাক স্বাস্থ্যৱান কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

  • Share this:
স্বাস্থ্যৱান হৈ থাকিবলৈ ধ্যান কৰা বা কিবা এটাত মনোযোগ দিয়া হৈছে এক ভাল উপায় । যাৰ বাবে বহুলোকে নিজকে সুস্থ কৰি ৰাখিবলৈ ধ্যানৰ আশ্ৰয় লয়। যাৰ অধীনত তেওঁলোকে ধ্যানৰ আন বহু পদ্ধতি যেনে সংগীত ধ্যান(Music Meditation) আৰু খোজ কঢ়া ধ্যান(Walking Meditation)ৰ দৰে ভিন্ন ধ্যানক আকোৱালি লয় ।

ইয়াৰ মাজতেই ধ্যান কৰাৰ এটা উপায় হৈছে চকলেট ধ্যান (Chocolate Meditation), যিয়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি ৰখাত এক বিশেষ ভূমিকা পালন কৰিব পাৰে। যদি আপুনি স্বাস্থ্যৱান হৈ থাকিবলৈ ধ্যানত আগ্ৰহী, তেন্তে আপুনি চকলেট ধ্যান গ্ৰহণ কৰিব পাৰে। চকলেট ধ্যান কি আৰু ইয়াক কেনেদৰে কৰিব পাৰি জানি লওক সকলো ।

চকলেট ধ্যান(Chocolate Meditation) কি ?

চকলেট ধ্যান(Chocolate Meditation) কৰিবলৈ আপোনাক চকলেটৰ প্ৰয়োজন হ'ব। আপুনি ডাৰ্ক চকলেট ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব। চকলেট ধ্যানৰ সময়ত আপুনি চকলেট খাব লাগিব আৰু ইয়াৰ গোন্ধ আৰু সোৱাদক গভীৰভাৱে অনুভৱ কৰি ইয়াৰ ওপৰত নিজৰ ধ্যান দিব লাগিব। ধ্যানৰ এই পদ্ধতিয়ে আপোনাক মানসিক চাপ, হতাশা আৰু নেতিবাচক চিন্তাৰ দৰে বস্তুবোৰ দূৰ কৰাত সহায় কৰিব। ইয়ে আপোনাৰ শৰীৰত হেপ্পী হৰমনো মুকলি কৰিব। মনোভাৱ সতেজ কৰাৰ লগকে চাপমুক্ত কৰি মানসিক শান্তি প্ৰদান কৰিব ।

এনেদৰে কৰক (Chocolate Meditation) -

চকলেট ধ্যান কৰিবলৈ আপুনি প্ৰথমে এটা ডাৰ্ক চকলেট লওক আৰু এক শান্ত স্থানত যোগৰ মেট এখন পাৰি তাত ভৰি দুখন মেৰিয়াই বহি লওক। এতিয়া দীঘলকৈ এটা উশাহ লওক আৰু আপোনাৰ পেশী আৰু মন শিথিল কৰক। তাৰ পিছত চকলেট চাই চাই নিজৰ মনটো চকলেটলৈ লৈ যাওক । তাৰ পিছত ইয়াক নাকৰ ওচৰলৈ লৈ আনক আৰু ইয়াৰ গোন্ধ অনুভৱ কৰক।

ইয়াৰ পিছত আপোনাৰ মুখত চকলেটৰ এটা টুকুৰা ৰাখক আৰু আপোনাৰ চকু বন্ধ কৰক। যেতিয়া চকলেট মুখত দ্ৰৱীভূত হ'বলৈ আৰম্ভ কৰিব, তেতিয়া ইয়াৰ সোৱাদ আৰু গোন্ধৰ ওপৰত গুৰুত্ব দিয়ক আৰু লাহে লাহে বাইটটো শেষ কৰক। নিশ্চিত কৰিব যাতে আপোনাৰ মনোযোগ কেৱল চকলেট, ইয়াৰ গোন্ধ আৰু সোৱাদৰ ওপৰতেই আছে । আপুনি এই টুকুৰাটো শেষ কৰাৰ পিছত চকলেটৰ আন এটা টুকুৰা লওক আৰু প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰক ।

আপুনি যিমান সময়লৈকে ধ্যান কৰিব বিচৰে, তেতিয়ালৈকে এই প্ৰক্ৰিয়াটো লাহে লাহে পুনৰাবৃত্তি কৰক। আৰু যেতিয়া আপুনি ধ্যান সমাপ্ত কৰিব বিচাৰিব,তেতিয়া চকলেট খোৱাৰ পিছত কেইবা ছেকেণ্ডৰ বাবে ৰৈ থাকিব আৰু দীঘলীয়া উশাহ লৈ স্বাভাৱিক স্থিতিলৈ ঘূৰি আহক ।
Published by: Kokil Sarma
First published: June 3, 2021, 12:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি