মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»ক'ৰোণাকালীন সময়ত অনিয়ন্ত্ৰিত Diabetesক লৈ চিন্তিত হৈ পৰিছে নেকি? ঘৰুৱা উপায়েৰে এনেদৰে নিয়ন্ত্ৰণ কৰক diabetes...

ক'ৰোণাকালীন সময়ত অনিয়ন্ত্ৰিত Diabetesক লৈ চিন্তিত হৈ পৰিছে নেকি? ঘৰুৱা উপায়েৰে এনেদৰে নিয়ন্ত্ৰণ কৰক diabetes...

News18 Assam | News18-Assam
Updated:May 26, 2021, 12:28 PM IST
ক'ৰোণাকালীন সময়ত অনিয়ন্ত্ৰিত Diabetesক লৈ চিন্তিত হৈ পৰিছে নেকি? ঘৰুৱা উপায়েৰে এনেদৰে নিয়ন্ত্ৰণ কৰক diabetes...
Image Credit : Pixabay

জীৱনশৈলীৰ পৰিৱৰ্তন আৰু ঔষধৰ সহায়ত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি। মেডিকেল নিউজ টুডেৰ মতে, কিছুমান ঘৰুৱা উপায় অৱলম্বনেৰে আপুনি প্ৰকাৰ ২ Diabetes নিয়ন্ত্ৰণ বা উন্নত কৰিব পাৰে ।

  • Share this:
কোৰোণাৰ সংহাৰৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যত এতিয়া ব্লেক ফাংগাছৰ ত্ৰাসে আতংকিত কৰি ৰাখিছে সকলোকে । লগতে মধুমেহত আক্ৰান্ত লোকসকল এই ব্লেক ফাংগাছত অধিক আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে । এনে পৰিস্থিতিত নিজকে ডায়েবেটিচৰ পৰা বচাই ৰাখিবলৈ আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে । জীৱনশৈলীৰ পৰিৱৰ্তন আৰু ঔষধৰ সহায়ত ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিব পাৰি,যদিও মেডিকেল নিউজ টুডেৰ মতে, কিছুমান ঘৰুৱা উপায় অৱলম্বনেৰে আপুনি প্ৰকাৰ ২ Diabetes নিয়ন্ত্ৰণ বা উন্নত কৰিব পাৰে । গতিকে ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কি কি ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে, সেই বিষয়ে জানি লওক সকলো...

১. ছাল কুঁৱৰী বা Aloe Veraৰ ব্যৱহাৰ কৰা

ছাল কুঁৱৰী বা Aloe Veraৰ হৈছে এনে এবিধ উদ্ভিদ, যাক ভিন্ন বস্তুত ব্যৱহাৰ কৰা হয় । বেছিভাগ লোকে ইয়াক ছালৰ যত্নৰ বাবে ব্যৱহাৰ কৰে, কিন্তু জানি লওক যে ইয়ে ডায়েবেটিচৰ প্ৰকাৰ২ হ্ৰাস কৰাতো অতি কাৰ্যকৰী। ইয়াত এণ্টিঅক্সিডেণ্ট গুণ আছে, যি বিটা চেল মেৰামতি কৰাত অতি উপযোগী। আপুনি ইয়াক ৰস বা কেপচুল হিচাপে ব্যৱহাৰ কৰিব পাৰে।

২. ডালচেনি গ্ৰহণ কৰা -

ঘৰৰ পাকঘৰত সদায়েই থকা ডালচেনি গ্ৰহণেৰেও ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি ৰাতিপুৱা চাহ খোৱাৰ আগতে দৈনিক ইয়াক গ্ৰহণ কৰা উচিত। দৈনিক ১ গ্ৰাম ডালচেনি গ্ৰহণে আপোনাক ডায়েবেটিচৰ পৰা আঁতৰাই ৰাখিব পাৰে।

৩. চজিনাৰ পাতৰ ব্যৱহাৰ -

আয়ুৰ্বেদত চজিনাৰ গুৰুত্ব অধিক । আয়ুৰ্বেদৰ মতে, যদি আপুনি চজিনাৰ লগতে ইয়াৰ পাত গ্ৰহণ কৰে,তেন্তে ইয়ে আপোনাৰ ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰি আৰু ডায়েবেটিচ প্ৰতিৰোধ কৰিব ।

৪. নিম পাত -

নিম পাতত ইনচুলিন ৰিচেপ্টৰ সংবেদনশীলতা বৃদ্ধি কৰাৰ গুণাগুণ আছে। এয়াই নহয়, ইয়ে শৰীৰত ৰক্ত সঞ্চালন বজাই ৰখাত সহায় কৰে, যাতে আপোনাৰ ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে । এই ক্ষেত্ৰত, ডায়েবেটিচ ৰোগীসকলে প্ৰতিদিনে খালী পেটত নিম পাতৰ ৰস খাব লাগে ।

৫. তুলসী পাতৰ ব্যৱহাৰ -

যদি আপুনি ডায়েবেটিচৰ পৰা আঁতৰি থাকিব বিচাৰে, আপুনি প্ৰতিদিনে খালী পেটত ২ৰ পৰা ৩টা তুলসী পাত চোবাব লাগে। দৰাচলতে ইয়াত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট উপাদান থাকে, যি শৰীৰত ইনচুলিন মুকলি কৰাত আৰু কোষবোৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে।

৬. মেথিৰ ব্যৱহাৰ -

মেথিও সকলোৰে পাকঘৰত পোৱা যায়। এই ক্ষেত্ৰত, আপুনি বিচাৰিলে ইয়াক দৈনিক সেৱন কৰি ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিব পাৰে। ৰাতি শুবলৈ যোৱাৰ পূৰ্বে যদি আপুনি এগিলাচ পানীত ১ চামুচ মেথিগুটি তিয়াই ৰাখি ৰাতিপুৱা খালী পেটত সেই পানী সেৱন কৰে, তেনেহ'লে স্বাস্থ্যৰ বাবে ই যথেষ্ট উপকাৰী হিচাপে বিবেচিত হ'ব পাৰে ।
Published by: Kokil Sarma
First published: May 26, 2021, 12:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি