দাঁতৰ বিষৰ সমস্যা আছে নেকি? এতিয়া আৰু চিন্তা নাই, এইসমূহ সহজ উপায়ে আপোনাক দিব সকাহ...

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:54 PM IST
দাঁতৰ বিষৰ সমস্যা আছে নেকি? এতিয়া আৰু চিন্তা নাই, এইসমূহ সহজ উপায়ে আপোনাক দিব সকাহ...
দাঁতৰ বিষৰ পৰা সকাহ পাবলৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে অন্য কোনো ঔষধ গ্ৰহণ কৰাতকৈ গ্ৰহণ কৰক এইসমূহ ঘৰুৱা প্ৰতিকাৰ।

দাঁতৰ বিষৰ পৰা সকাহ পাবলৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে অন্য কোনো ঔষধ গ্ৰহণ কৰাতকৈ গ্ৰহণ কৰক এইসমূহ ঘৰুৱা প্ৰতিকাৰ।

  • Share this:
দাঁতৰ বিষ এটা সাধাৰণ সমস্যা। আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলীৰ বাবেই অধিকাংশ লোকেই এই সমস্যাত ভুগিবলগীয়া হৈছে । অৱশ্যে ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে যেনে পোকে খোৱা, বেক্টেৰিয়াৰ সংক্ৰমণ, কেলচিয়ামৰ অভাৱ, দাঁত পৰিষ্কাৰকৈ নৰখা ইত্যাদি।

এই সমস্যাসমূহ যেতিয়ালৈকে ডাঙৰ নহয় তেতিয়ালৈ মানুহে ইয়াৰ বাবে চিকিৎসকৰ ওচৰলৈ যাবলৈ অনিচ্ছুক হৈ থাকে। লগতে কোনো চিন্তা নকৰাকৈয়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে ভিন্ন প্ৰকাৰৰ বিষনাশক ঔষধ নিজে খাবলৈ আৰম্ভ কৰে।

সেয়েহে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনাক জনাম কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে। যাৰ দ্বাৰা আপোনাৰ দাঁতত বিষ দূৰ হোৱাৰ লগতে  কোনো পাৰ্শ্বক্ৰিয়া হোৱাৰো শংকা নাথাকিব ।

মধুৰীৰ পাত - 

মধুৰীৰ পাতে দাঁতৰ বিষ উপশম কৰাত সহায় কৰে। ইয়াৰ বাবে সতেজ মধুৰীৰ পাত ধুই লৈ দাঁতেৰে ভালদৰে চোবাওক। দিনত দুই-তিনিবাৰ এনে কৰিলে আপুনি দাঁতৰ বিষৰ পৰা সকাহ লাভ কৰিব ।

নহৰু - 

যেতিয়া দাঁতৰ বিষ হয়, আপুনি দুটা নহৰুৰ বাকলি পেলাই দিয়ক আৰু ইয়াক দাঁতেৰে চোবাওক, বিশেষকৈ বিষ হৈ থকা দাঁতেৰে। এনে কৰিলে আপুনি বিষৰ পৰা মুক্তি পাব ।

পিঁয়াজ- 

দাঁতত বিষ হ'লে বিষ উপশম কৰিবলৈ আপুনি পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে পিঁয়াজৰ টুকুৰা এটা লওক আৰু দাঁতেৰে ভালদৰে চোবোওক। ই দাঁতৰ বিষ উপশম কৰাৰ লগতে মুখৰ বেক্টেৰিয়াও আঁতৰ কৰিব ।

হি়ং- 

হিঙৰ ব্যৱহাৰে দাঁতৰ বিষ উপশম কৰাত সহায় কৰে। তিনি বা চাৰি চিমটা হিং লওক আৰু তিনি বা চাৰি টোপাল নেমুৰ ৰস মিহলি কৰক। আৰু দাঁতত লগাওক।

লং - 

লঙে দাঁতৰ বিষ উপশম কৰিবলৈ যথেষ্ট সহায় কৰে।  ইয়াৰ বাবে আপুনি তিনি বা চাৰিটা লং মঠি  বিষ হোৱা দাঁতৰ তলত দি থব পাৰে।  ইয়াৰ বাবে আপুনি লং তেলো ব্যৱহাৰ কৰিব পাৰে।

গোটা নিমখ- 

দাঁতৰ বিষ উপশম কৰিবলৈ গোটা নিমখো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এগিলাচ কুহুমীয়া পানীত এচামুচ গোটা নিমখ যোগ দিয়ক আৰু এই পানীৰে গাৰ্গল কৰক।  দিনত দুই-তিনিবাৰ এনে কৰিলে বিষৰ পৰা সকাহ পাব |

ব্ৰেণ্ডী - 

দাঁতৰ বিষ উপশম কৰিবলৈ ব্ৰেণ্ডীও ব্যৱহাৰ কৰিব পাৰি । ব্ৰেণ্ডিত অলপ কঁপাহ ডুবাওক আৰু বিষ হোৱা দাঁতৰ তলত ৰাখক।

আলু - 

দাঁতৰ বিষৰ পৰা সকাহ লাভ কৰিবলৈ আপুনি আলুও ব্যৱহাৰ কৰিব পাৰে। আলুৰ বাকলি গুচাই টুকুৰা টুকুৰাকৈ কাটি লওক। ইয়াক পোন্ধৰ মিনিটৰ বাবে বিষ হৈ থকা দাঁতৰ তলত  ৰাখি থওক।

সৰিয়হৰ তেল আৰু নিমখ - 

সৰিয়হৰ তেল আৰু নিমখৰ ব্যৱহাৰেৰ আপোনাক দাঁতৰ বিষৰ পৰা মুক্তি পোৱাত সহায় কৰিব পাৰে।  ইয়াৰ বাবে আধা চামুচ নিমখত ৫ৰ পৰা ৬ টোপাল সৰিয়হৰ তেল যোগ দিয়ক আৰু ইয়াক দাঁতত লগাওক।
Published by: Himangshu Bhuyan
First published: March 13, 2021, 10:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি