உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • অকল Mouth Freshener নহয়, চফগুটিৰ আছে অসংখ্য গুণাগুণ ! চফগুটিয়ে এইসমূহ ৰোগত সহজেই দিব পৰিত্ৰাণ...

    অকল Mouth Freshener নহয়, চফগুটিৰ আছে অসংখ্য গুণাগুণ ! চফগুটিয়ে এইসমূহ ৰোগত সহজেই দিব পৰিত্ৰাণ...

    Image-shutterstock.com

    Image-shutterstock.com

    চফ হৈছে এক আয়ুৰ্বেদিক ঔষধ (Ayurvedic Medicine) যি প্ৰায় সকলোৰে ঘৰত উপলব্ধ। চফগুটিত কেলচিয়াম, ছডিয়াম, লো আৰু পটাছিয়ামৰ দৰে বহুতো উপাদান থাকে।

    • Share this:
    Benefits Of Fennel Water: খাদ্যগ্ৰহণৰ পাছত বেছিভাগ লোকেই মুখৰ দুৰ্গন্ধ নোহোৱাৰ কৰিবৰ বাবে চফগুটি (Fennel) খায়। আপুনিও হয়তো খাদ্যগ্ৰহণৰ পাছত অথবা মুখৰ যিকোনো গোন্ধ নোহোৱা কৰিবৰ বাবে মাউথ ফ্ৰেচনাৰ হিচাপে চফ ব্যৱহাৰ কৰে। চফগুটিয়ে কেৱল মাউথ ফ্ৰেচনাৰ হিচাপেই কাম নকৰে, ই শৰীৰৰ বহুতো সমস্যা আঁতৰ কৰাৰ ক্ষেত্ৰতো সহায়ক হিচাপে কাম কৰে। উল্লেখ্য যে, চফ হৈছে এক আয়ুৰ্বেদিক ঔষধ (Ayurvedic Medicine) যি প্ৰায় সকলোৰে ঘৰত উপলব্ধ। চফগুটিত কেলচিয়াম, ছডিয়াম, লো আৰু পটাছিয়ামৰ দৰে বহুতো উপাদান থাকে। গ্ৰীষ্মকালত বহুতো লোকে চফগুটিৰ পানী গ্ৰহণ কৰে। দৰাচলতে, গ্ৰীষ্মৰ দিনবোৰত চফগুটিৰ পানী খালে শৰীৰ শীতল হৈ থকাৰ লগতে পেটৰ সমস্যাৰ পৰাও আমি সকাহ পাব পাৰো।

    যিসকল লোকৰ কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেওঁলোকে দিনত এবাৰ কৈ চফৰ পানী খাব লাগে। চফৰ পানী তৈয়াৰ কৰিবলৈ ৰাতি এগিলাচ পানীত ২ চামুচ চফ আৰু অলপ মিচিৰিৰ তিয়াই ৰাখক। ৰাতিপুৱা এই পানীখিনি চেকি খাওক। এনে কৰিলে বহুতো ৰোগৰ পৰা সকাহ পায়। গ্ৰীষ্মকালত চফৰ পানী খোৱাৰ লাভালাভ সম্বন্ধে বিস্তৃতভাৱে জানো আহক ।

    ওজন হ্ৰাস কৰাৰ সহজ উপায়

    চফত আঁহ যথেষ্ট বেছি থাকে, যাৰ ফলত এজন ব্যক্তিয়ে পেট ভৰ্তি হৈ থকাৰ অনুভৱ কৰে।  ই ওজন হ্ৰাস কৰাত সহায় কৰে। ই শৰীৰত চৰ্বি জমা হ'বলৈ নিদিয়ে, যাৰ ফলত মেদবহুলতাৰ আশংকা হ্ৰাস হয়। ইয়াৰ উপৰিও, চফৰ পানী খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ যায়। শৰীৰৰ মেটাব'লিজ্যম শক্তিশালী হয় । ভাল মেটাব'লিজ্যমে ওজন হ্ৰাস কৰাত সহায় কৰে।

    পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওক

    গ্ৰীষ্মকালত চফৰ পানী খালে পাকস্থলী আৰু শৰীৰ শীতল হৈ থাকে। এনে পৰিস্থিতিত, আপুনি পেটৰ সমস্যাৰ পৰা পৰিত্ৰাণ পায়। কোষ্ঠকাঠিন্য আৰু পেটৰ বিষৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে চফৰ পানী খায়।

    কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰক

    চফৰ যথেষ্ট আঁহ থাকে যি শৰীৰত হজম উন্নত কৰে। ই কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা সকাহ দিয়ে। নিয়মীয়াকৈ চফৰ পানী খোৱাৰ ফলত গেছ আৰু এচিডিটিৰ সমস্যা আঁতৰ হয়। যিসকলে সদায় বদহজম আৰু কোষ্ঠকাঠিন্যৰ অভিযোগ কৰে তেওঁলোকে চফগুটিৰ পানী খাব লাগে। ই পাকস্থলী ভালদৰে পৰিষ্কাৰ কৰিব আৰু যকৃত স্বাস্থ্যৱান কৰি ৰাখে।

    চকুৰ বাবে উপকাৰী

    চফৰ পানীয়ে দৃষ্টিশক্তি বৃদ্ধি কৰে। যদি দৈনিক চফৰ পানী খোৱা হয়, ই চকু ভালে ৰাখে আৰু চকুক কোনো সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

    স্মৃতিশক্তি বৃদ্ধি কৰে

    স্মৃতিশক্তি বৃদ্ধি কৰাত চফগুটি গ্ৰহণ উপকাৰী। ইয়াৰ বাবে, নিশ্চিতভাৱে চফগুটি আৰু মিচিৰিৰ পানী খাব লাগে।

    কাঁহ নিৰাময়ত সহায় কৰে

    যেতিয়া আপুনি অত্যাধিক কাঁহত ভোগে তেতিয়া লঙৰ সৈতে চফগুটি খোৱাটো উপকাৰী। ১০ গ্ৰাম চফগুটি মৌ-জোলৰ সৈতে যোগ দি দিনত দুইৰ পৰা তিনিবাৰ কৈ সেৱন কৰিলেও কাহ নিৰাময় হয়। ঔষধিৰ ৰস তৈয়াৰ কৰিবলৈ এগিলাচ পানীত ১ চামুচ চফগুটি আৰু ২ চামুচ এজবাইন উতলাওক আৰু তাৰ পিছত ইয়াক চেকি লৈ মৌ-জোলৰ সৈতে মিহলাই খাওক, এনেদৰেও আপোনাৰ কাহ নিৰাময় হ'ব।
    Published by:Kokil Sarma
    First published: