Soaked Foods: কিছুমান খাদ্য সামগ্ৰী ওৰেনিশা পানীত তিয়াই থৈ খালে শৰীৰৰ বাবে উপকাৰী। শৰীৰৰ দুৰ্বলতা দূৰ কৰে, পেটৰ সমস্যা নাইকীয়া কৰে। আৰু শৰীৰক এনাৰ্জী প্ৰদান কৰে।
Soaked Foods: কিছুমান খাদ্য সামগ্ৰী ওৰেনিশা পানীত তিয়াই থৈ খালে শৰীৰৰ বাবে উপকাৰী। শৰীৰৰ দুৰ্বলতা দূৰ কৰে, পেটৰ সমস্যা নাইকীয়া কৰে। আৰু শৰীৰক এনাৰ্জী প্ৰদান কৰে।
পুৱা শুই উঠাৰ পিছত কিছুমান খাদ্য খালে শৰীৰৰ বাবে বৰ উপকাৰী। কিছুমান খাদ্যবস্তু এনেধৰণৰো হয় যে, ওৰে নিশা পানীত তিয়াই থৈ খাব লাগে। এনে খাদ্যই শৰীৰৰ দুৰ্বলতা দূৰ কৰে, পেটৰ সমস্যা নাইকীয়া কৰে। আৰু শৰীৰক এনাৰ্জী প্ৰদান কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
বাডামঃ ওৰেনিশা পানীত তিয়াই থোৱা বাডাম শৰীৰৰ বাবে উপকাৰী। ই হাই ব্লাড প্ৰেচাৰ আৰু ব্লাড কলেষ্টৰেলৰ পৰা সকাহ দিয়ে। মগজুৰ স্মৃতিশক্তি বৃদ্ধি হয়। শৰীৰে এনাৰ্জী লাভ কৰে।
তিয়াই থোৱা বুটঃ তিয়াই থোৱা বুট শৰীৰৰ বাবে বহুক্ষেত্ৰত উপকাৰী। ইয়াত অধিক মাত্ৰাত প্ৰচিন আৰু ফাইবাৰ থাকে। শৰীৰ সতেজ থকাৰ লগতে, কৌষ্ঠকাঠিন্যতা দূৰ কৰে।
তিয়াই থোৱা কিচমিচঃ নিশা পানীত তিয়াই থৈ পিছদিনা পুৱা কিচমিচ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। পেট চাফা কৰে, স্বাস্থ্য সতেজ কৰি ৰাখে। লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
তিয়াই থোৱা মুনক্কাঃ কিচমিচৰ দৰে দেখাত মুনক্কাত মেগনেচিয়াম, পটাচিয়াম, আইৰণ অধিক মাত্ৰাত থাকে। স্কিন উজ্জ্বল কৰে। ৰক্তহীনতা দূৰ কৰে। কিডনী সম্বন্ধীয় সমস্যা সমাধানতো সহায় কৰে।
তিয়াই থৱা মগুঃ পেটৰ বাবে বহু উপযোগী। কৌষ্ঠকাঠিন্যতা দূৰ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|