• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Diet Plan For Gastric Patient: গেছষ্ট্ৰিকে আৰু সমস্যাৰ সৃষ্টি নকৰে! এই ৫ বিধ খাদ্যই নিমিষতে দূৰ কৰিব Acidityৰ সমস্যা; জানি লওক সবিশেষ...

Diet Plan For Gastric Patient: গেছষ্ট্ৰিকে আৰু সমস্যাৰ সৃষ্টি নকৰে! এই ৫ বিধ খাদ্যই নিমিষতে দূৰ কৰিব Acidityৰ সমস্যা; জানি লওক সবিশেষ...

 সঠিক আহাৰৰ অভাৱৰ বাবে বহুলোকে কেতিয়াবা এচিডিটি (Acidity) আৰু গেষ্ট্ৰিকৰ (Gastric) সমস্যাত পৰে। এই সমস্যাটো বৰ্তমান সময়ত স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰূপ ল'ব পাৰে আৰু তেতিয়াই সৃষ্টি হয় জটিল সমস্যাৰ।

সঠিক আহাৰৰ অভাৱৰ বাবে বহুলোকে কেতিয়াবা এচিডিটি (Acidity) আৰু গেষ্ট্ৰিকৰ (Gastric) সমস্যাত পৰে। এই সমস্যাটো বৰ্তমান সময়ত স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰূপ ল'ব পাৰে আৰু তেতিয়াই সৃষ্টি হয় জটিল সমস্যাৰ।

সঠিক আহাৰৰ অভাৱৰ বাবে বহুলোকে কেতিয়াবা এচিডিটি (Acidity) আৰু গেষ্ট্ৰিকৰ (Gastric) সমস্যাত পৰে। এই সমস্যাটো বৰ্তমান সময়ত স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰূপ ল'ব পাৰে আৰু তেতিয়াই সৃষ্টি হয় জটিল সমস্যাৰ।

  • Share this:
Diet Plan For Gastric Patient: সঠিক আহাৰৰ অভাৱৰ বাবে বহুলোকে কেতিয়াবা এচিডিটি (Acidity) আৰু গেষ্ট্ৰিকৰ (Gastric) সমস্যাত পৰে। এই সমস্যাটো বৰ্তমান সময়ত স্বাভাৱিক যদিও কেতিয়াবা ই গুৰুতৰ ৰূপ ল'ব পাৰে আৰু তেতিয়াই সৃষ্টি হয় জটিল সমস্যাৰ। গেষ্ট্ৰিকৰ সমস্যাত ভোগাৰ আঁৰৰ কাৰণ হ'ব পাৰে গৰম বস্তু বা বহু পৰিমাণে ভজা খাদ্য খোৱা। এনে ধৰণৰ বস্তু খালে পাকস্থলীত বদহজম আৰু গেছৰ সমস্যা হয়। যদি এই সমস্যা আঁতৰ কৰিব বিচাৰে, তেন্তে খাদ্যৰ সামান্য পৰিৱৰ্তন কৰিব লাগিব। গেষ্ট্ৰিকৰ সমস্যাত ভুগি থকা লোকসকলে কি গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ আহাৰ পৰিকল্পনা কেনেকুৱা হ'ব লাগে সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।

কল খাব লাগিবঃ

কল শৰীৰৰ বাবে অতি উপকাৰী। ইয়াত কেলচিয়াম আৰু আইৰণৰ পৰিমাণ যথেষ্ট বেছি। কল খোৱাৰ ফলত পাকস্থলীত গেছ উৎপন্ন নহয়। ই এণ্টিঅক্সিডেণ্ট আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে সমৃদ্ধ যি এচিড ৰিফ্লাক্স হ্ৰাস কৰে। লগতে কলৰ ফলত পাকস্থলীৰ আৱৰণত শ্লেষ্মা উৎপন্ন হয় যাৰ ফলত pHৰ স্তৰ হ্ৰাস হয়। কলত যথেষ্ট আঁহ থাকে যি এচিডিটি নিয়ন্ত্ৰণ কৰে।

তৰমুজ খালে গেছ উৎপন্ন নহয়ঃ

তৰমুজে শৰীৰত পানীৰ অভাৱ দূৰ কৰে। তৰমুজ খালে পাকস্থলী ভৰ্তি অনুভৱ কৰা যায় আৰু গেছৰ সমস্যাই দেখা নিদিয়ে। তৰমুজত কলৰ দৰে যথেষ্ট আঁহ থাকে যি খাদ্য হজম কৰাত অতি উপযোগী। যেতিয়া খাদ্য সঠিকভাৱে হজম হয়, পাকস্থলীত গেছ সৃষ্টি নহয়। যদি আপুনি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে, তৰমুজ খোৱাটো আপোনাৰ বাবে উপযোগী।

স্বাস্থ্যৱান হৈ থাকিবলৈ তিয়ঁহ খাওকঃ

তিয়ঁহ খালে গোটেই দিনটো পেট ঠাণ্ডা কৰি ৰাখে। তিয়ঁহত যথেষ্ট পানী থাকে যিয়ে শৰীৰক হাইড্ৰেটেড ৰাখে। তিয়ঁহ খোৱাৰ ফলত গ্ৰীষ্মকালতো ডিহাইড্ৰেচন নহয়। তিয়ঁহ খালে এচিড ৰিফ্লাক্স হ্ৰাস কৰে আৰু এচিডিটি আৰু গেছৰ সমস্যা সৃষ্টি নকৰে।

নাৰিকলৰ পানী খাওকঃ

যিসকল লোকৰ ৰাতিপুৱা চাহ বা কফি খাই গেছৰ সমস্যা হয় আৰু পেটৰ বিষে দেখা দিয়ে সেইসকলে নাৰিকলৰ পানী খাব লাগে। ৰাতিপুৱা নাৰিকলৰ পানী গ্ৰহণে শৰীৰক বিষমুক্ত কৰে। নাৰিকল পানীত আঁহ আৰু এণ্টিঅক্সিডেণ্ট থাকে যি শৰীৰৰ হজম সঠিক ৰাখে। নাৰিকল পানী খোৱাৰ ফলত এচিডিটিও নহয়।

এগিলাচ ঠাণ্ডা গাখীৰ খাবঃ

গাখীৰ খালে কেৱল হাঁড় শক্তিশালীয়ে নহয় ই পেটৰ ৰোগো নিৰাময় কৰে। ৰাতিপুৱা এগিলাচ ঠাণ্ডা গাখীৰ খালে পেটত খজুৱতি নহয়। ই ভোক নিয়ন্ত্ৰণ কৰাৰ লগতে গোটেই দিনটো পেট ঠাণ্ডা ৰাখে। ই এচিডিটি আৰু গেষ্ট্ৰিকৰ সমস্যাও আঁতৰ কৰে।
Published by:Himangshu Bhuyan
First published: