মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী জামুৰ বীজ ! কেনেদৰে ব্যৱহাৰ কৰিব জানি লওক...

News18 Assam | News18-Assam
Updated:June 8, 2021, 1:09 PM IST
মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী জামুৰ বীজ ! কেনেদৰে ব্যৱহাৰ কৰিব জানি লওক...
জামুত জাম্বোলিন আৰু জাম্বোচিন নামৰ উপাদান থাকে, যি তেজত চেনীৰ নিঃসৰণ কমকৈ কৰে। ই ইনচুলিনৰ স্তৰো বৃদ্ধি কৰে।

জামুত জাম্বোলিন আৰু জাম্বোচিন নামৰ উপাদান থাকে, যি তেজত চেনীৰ নিঃসৰণ কমকৈ কৰে। ই ইনচুলিনৰ স্তৰো বৃদ্ধি কৰে।

  • Share this:
বৰ্তমান সময়ত মধুমেহ বা ডায়েবেটিচ ৰোগ যেন এক স্বাভাৱিক ৰোগলৈ পৰিণত হৈছে। এই ৰোগৰ পৰা নিজকে মুক্ত ৰাখিবলৈ বহুতো পৰম্পৰাগত ঔষধৰ ব্যৱহাৰ কৰা হয়। আমি সকলোৱে জানো যে মধুমেহ (Diabetes) ৰোগীৰ বাবে জামু (Jamun) অতি উপকাৰী। ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে আৰু বহুতো সমস্যা প্ৰতিহত কৰে কিন্তু আপোনাক জনাও যে ইয়াৰ বীজ অথবা গুটি (Seed)ডায়েবেটিচ ৰোগীৰ বাবে অতি উপযোগী। ইয়াৰ বীজৰ পৰা গুৰি বনোৱা আৰু ইয়াক দৈনিক ব্যৱহাৰ কৰিলে ডায়েবেটিচৰ সমস্যাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। ইয়াৰ প্ৰয়োগ আয়ুৰ্বেদৰ পৰা ইউনানী আৰু চীনা পৰম্পৰাগত ঔষধতো কৰা হয়।

ই কিয় লাভজনক -

এনডিটিভিৰ এক প্ৰতিবেদনত মাইক্ৰ'বায়োটিন নিউট্ৰিশ্যনলিষ্ট শিল্পা অৰোৰাই কৈছিল যে প্ৰকৃততে, ইয়াত জাম্বোলিন আৰু জাম্বোচিন নামৰ উপাদান থাকে, যি তেজত চেনীৰ নিঃসৰণ কমকৈ কৰে। ই ইনচুলিনৰ স্তৰো বৃদ্ধি কৰে। এই ক্ষেত্ৰত বীজবোৰ শুকুৱাওক আৰু পাউডাৰ এটা বনাওক, আহাৰ খোৱাৰ পূৰ্বে জামুৰ গুটিৰ এই গুড়ি খাওক।

কেনেদৰে ব্যৱহাৰ কৰিব -

প্ৰথমে জামুবোৰ চাফাকৈ ধুই মচি লওক। এতিয়া ইয়াৰ বীজবোৰ ফলৰ অংশৰ পৰা পৃথক কৰক। ইয়াক পুনৰ ধুই শুকান কাপোৰ এখনত ৰাখক আৰু তিনিৰ পৰা চাৰি দিনৰ বাবে ৰ'দত শুকুৱাওক। যেতিয়া ই সম্পূৰ্ণৰূপে শুকাই যায় আৰু ওজন পাতল হ'বলৈ আৰম্ভ কৰে, ইয়াৰ ওপৰত থকা পাতল বাকলিটো আঁতৰ কৰক আৰু খুন্দি ভালদৰে গুড়ি কৰক। ভাল ফলাফলৰ বাবে আপুনি ইয়াক ৰাতিপুৱা খালী পেটত গাখীৰৰ সৈতে মিহলি কৰি সেৱন কৰক। আপুনি এগিলাচ গাখীৰত এক চামুচ পাউডাৰ যোগ দিয়ক আৰু ৰোগীক ইয়াক খাবলৈ দিয়ক। এইদৰে দৈনিক গ্ৰহণে ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব। একে সময়তে, পেটৰ সমস্যাও নাইকিয়া কৰিব।

জামু খোৱাৰ লাভালাভ কি -

- যদি আপুনি দৈনিক জামু খাই তেন্তে পাকস্থলী সম্পৰ্কীয় সমস্যা দূৰ হ'ব।

- যদি আপুনি ইয়াৰ বাকলিৰ ৰস উলিয়াই ইয়াক পান কৰে তেন্তে পেটৰ বিষ আৰু বদহজমৰ দৰে সমস্যা আঁতৰ হ'ব।

- জামুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

- শৰীৰত ৰক্তহীনতাৰ উপশম কৰাত সহায় কৰে। শৰীৰত তেজৰ স্তৰ বৃদ্ধি হয়।

- যদি এপেণ্ডিচাইটিছৰ সমস্যা হয়, জামুৰ কাৰ্ণেলৰ গুড়ি বনাওক আৰু ইয়াক দৈৰ সৈতে মিহলি কৰি খাওক। যথেষ্ট উপশম লাভ কৰিব।

উল্লেখ্য যে, পুষ্টিৰে ভৰপূৰ জামু গ্ৰীষ্মকালত খোৱাটো অত্যন্ত উপকাৰী। ই শৰীৰক পৰ্যাপ্ত পৰিমাণৰ এণ্টিঅক্সিডেণ্ট প্ৰদান কৰে, যি শৰীৰৰ কোষবোৰক অক্সিডেটিভ চাপ আৰু মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰে। জামু প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা চেনীত সমৃদ্ধ যাক ফ্ৰুক্টোজ বুলি কোৱা হয় আৰু ইয়াত খুব কম কেলৰি থাকে। ১০০ গ্ৰাম জামুৱে আপোনাক মাত্ৰ ৬২ কেলৰি আৰু ১৮ মিগ্ৰা ভিটামিন চি, ১৫ মিগ্ৰা কেলচিয়াম, ১৫ মিগ্ৰা ফছফৰাছ, ২৬.৫ মিগ্ৰা ছডিয়াম, ৫৫ মিগ্ৰা পটেছিয়াম, ৫ মিগ্ৰা মেগনেছিয়াম আৰু কম পৰিমাণৰ থিয়ামিন, ৰাইবোফ্লেভিন, কেৰোটিন, ফলিক এচিড, আঁহ আৰু নগণ্য চৰ্বি প্ৰদান কৰে। জামুত গ্লুকোজ আৰু পানীৰ পৰিমাণ অত্যাধিক পৰিমাণে থাকে, যাৰ ফলত গৰমৰ দিনবোৰত ইয়াক উপযুক্ত ফল হিচাপে বিবেচিত কৰা হয়।
Published by: Kokil Sarma
First published: June 8, 2021, 1:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি