Urinary Tract Infection: মূত্ৰনলীৰ সংক্ৰমণ সমস্যাৰে যুঁজিছে নেকি? চিন্তা নকৰিব, আছে ঘৰুৱা প্ৰতিকাৰ!

আপুনি ইউটিআইৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঘৰুৱা প্ৰতিকাৰবোৰ গ্ৰহণ কৰিব পাৰেঃ
আপুনি ইউটিআইৰ পৰা পৰিত্ৰাণ পাবলৈ এই ঘৰুৱা প্ৰতিকাৰবোৰ গ্ৰহণ কৰিব পাৰেঃ
- News18 Assam
- Last Updated: April 7, 2021, 3:00 PM IST
এই ৰোগৰ মুখ্য কাৰণ হৈছে, যৌনাংগ পৰিষ্কাৰলৈ নৰখা। আনহাতে অন্যান্য কাৰণবোৰৰ ভিতৰত আছে, গৰ্ভনিৰোধক বড়ি অত্যাধিক ব্যৱহাৰ, প্ৰস্ৰাৱ ৰাখি থোৱা, কিডনীত পাথৰ হ'লে, মনোপোজ পিৰিয়ড, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পালে, অত্যাধিক এণ্টিবায়টিক ব্যৱহাৰ কৰিলে এই সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে।
ইউটিআই সংক্ৰমণ E-Coli বেক্টেৰিয়াৰ ফলত হয়। মূত্ৰাশয় আৰু প্ৰস্ৰাৱ নলীবোৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হ’লে এই সমস্যা হয়। ইউটিৰ বহুতো লক্ষণ থাকিব পাৰে, যেনে মূত্ৰাশয়ৰ স্তৰ ফুলা, প্ৰস্ৰাৱ কৰোতে বিষ বা জ্বলা-পোৰা, পেটৰ বিষ আৰু জ্বৰ।
- এই সমস্যাৰ পৰা সকাহ পাবলৈ আমলখি আৰু হালধি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে, এচামুচ আমলখি গুৰি আৰু এক চাহ চামুচ হালধি গুৰি মিহলি কৰক। এই মিশ্ৰণটো একাপ পানীত উতলাওক। আৰু প্ৰতিদিনে চাৰিবাৰলৈ সেৱন কৰক।
- ইউটি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চাহ গছৰ তেল ব্যৱহাৰ কৰিব পাৰে। এই তেলৰ বেক্টেৰিয়া-ৰোধ কৰিব পৰা গুণাগুণ আছে। যি বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এই তেলৰ কেইটোপালমান অলপ পানীত মিহলি কৰক আৰু দিনত তিনি বা চাৰিবাৰ এই পানীৰে আপোনাৰ যৌনাংগ পৰিষ্কাৰ কৰক।
- আনাৰসে এই সমস্যাত বহুখিনি সকাহ দিয়ে। এই সমস্যাত আক্ৰান্ত হ'লে আপুনি দৈনিক আনাৰস খাব পাৰে।
- আপুনি ইউটিআই সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ আপেলৰ ৰস, নেমু আৰু মৌ ব্যৱহাৰ কৰিব পাৰে।
(এই প্ৰবন্ধৰ তথ্য সাধাৰণ সমল ওপৰত আধাৰিত। News18এ এইসমূহ নিশ্চিত নকৰে। এইবোৰ ব্যৱহাৰ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)