• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Diabetic Patient: এই ৫ বিধ পানীয়ই নিয়ন্ত্ৰণত ৰাখিব আপোনাৰ ডায়েবেটিচ ! সোৱাদভৰা এইসমূহ ৰসে শৰীৰো কৰি ৰাখিব শীতল...

Diabetic Patient: এই ৫ বিধ পানীয়ই নিয়ন্ত্ৰণত ৰাখিব আপোনাৰ ডায়েবেটিচ ! সোৱাদভৰা এইসমূহ ৰসে শৰীৰো কৰি ৰাখিব শীতল...

Image-shutterstock.com

Image-shutterstock.com

ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকসকলৰ হৃদ আক্ৰমণ আৰু হৃদযন্ত্ৰৰ ষ্ট্ৰোকৰ আশংকাও যথেষ্ট পৰিমাণে বেছি। ডায়েবেটিচ ৰোগীসকলে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবলৈ ফল, সেউজীয়া পাচলি আদি তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে।

  • Share this:
Healthy Drinks For Diabetic Patient: ডায়েবেটিচ বা মধুমেহ হৈছে এনে এক প্ৰকাৰৰ ৰোগ যি এজন ব্যক্তিক সম্পূৰ্ণৰূপে বিচলিত কৰি ৰাখে। বৰ্তমান সময়ত ডায়েবেটিচ এক গুৰুতৰ সমস্যা হৈ পৰিছে। ডায়েবেটিচ বা মধুমেহ ৰোগৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰা সম্ভৱ নহয় কিন্তু ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে শৰীৰত থকা ৰক্ত শৰ্কৰাৰ স্তৰ (Blood Sugar Level) নিয়ন্ত্ৰণত ৰাখিব লাগিব। ডায়েবেটিচ ৰোগীসকলে তেওঁলোকৰ খাদ্য আৰু পানীয়ৰ ক্ষেত্ৰত যথেষ্ট যত্ন ল'ব লাগে। ডায়েবেটিচ ৰোগীয়ে যিকোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰে। আহাৰৰ ক্ষেত্ৰত ৰৈ যোৱা ক্ৰুটিয়ে যথেষ্ট ক্ষতি কৰিব পাৰে ৰোগীসকলৰ। চিকিৎসকৰ মতে, ডায়েবেটিচ বংশানুক্ৰমিক হ'ব পাৰে বা বয়স বৃদ্ধি অথবা মেদবহুলতাৰ বাবেও হ'ব পাৰে।

ডায়েবেটিচ ৰোগত আক্ৰান্ত লোকসকলৰ হৃদ আক্ৰমণ আৰু হৃদযন্ত্ৰৰ ষ্ট্ৰোকৰ আশংকাও যথেষ্ট পৰিমাণে বেছি। ডায়েবেটিচৰ ফলত বৃক্ক আৰু প্ৰস্ৰাৱৰ সমস্যাও হ'ব পাৰে। উল্লেখ্য যে ডায়েবেটিচ ৰোগীসকলে শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবলৈ ফল, সেউজীয়া পাচলি আদি তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে। আজি এই প্ৰতিবেদনৰ জৰিয়তে ডায়েবেটিচ ৰোগীৰ বাবে উপযোগী কেইবিধমান পানীয়ৰ বিষয়ে অৱগত কৰিম যি শৰীৰৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে।

গ্ৰীণ টি

ডায়েবেটিচ ৰোগীৰ বাবে গ্ৰীণ টি অতি উপকাৰী। ইয়াত কাৰ্বোহাইড্ৰেট আৰু কেলৰি অতি কম। গ্ৰীণ টিত বহুতো এণ্টিঅক্সিডেণ্ট থাকে আৰু যিকোনো সংক্ৰমণ প্ৰতিহত কৰে। ই হৃদযন্ত্ৰৰ লগতে ২ প্ৰকাৰৰ ডায়বেটিচৰ বাবেও যথেষ্ট উপকাৰী। ই শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।

তিতা কেৰেলাৰ ৰস

ডায়েবেটিচ ৰোগীৰ বাবে তিতা কেৰেলাৰ ৰস অতি উপকাৰী। ই প্ৰস্ৰাৱ আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে। কেৰেলা ৰসে কেৱল গ্লুকোজৰ স্তৰৰ ওপৰত নিয়ন্ত্ৰণ ৰখাই নহয় পেটৰ বহুতো সমস্যাৰ পৰাও সকাহ দিয়ে।

নাৰিকল পানী

নাৰিকল পানীত ভিটামিন, খনিজ আৰু এমিনো এচিডৰ দৰে পুষ্টি থাকে। নাৰিকলত পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম, ভিটামিন চি, ছডিয়াম আৰু মেঙ্গানিজ আদিৰ খনিজ পদাৰ্থও থাকে। নাৰিকল পানীয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে আৰু ডায়েবেটিচ ৰোগীসকলৰ বাবে ই এক স্বাস্থ্যকৰ পানীয় হিচাপে প্ৰমাণিত।

তিয়ঁহৰ ৰস

তিয়ঁহত কেলচিয়াম, লো, ফছফৰাছ, ভিটামিন এ, বি১, ভিটামিন চি আৰু এমিনো এচিড থাকে। তিয়ঁহৰ ৰসে শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। তিয়ঁহ তাপ, সংক্ৰমণ, প্ৰদাহ আৰু আৰ্থ্ৰাইটিছ হ্ৰাস কৰাতো উপকাৰী। তিয়ঁহ খোৱাৰ ফলত শৰীৰৰ পানীৰ অভাৱ আঁতৰ কৰে আৰু শৰীৰটো শীতল কৰি ৰাখে। তিয়ঁহৰ ৰস ডায়েবেটিচ ৰোগীসকলৰ বাবে এক স্বাস্থ্যসন্মত পানীয়।

কেমোমাইল টি

কেমোমাইল টিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত কেলৰি অতি কম। ই ডায়েবেটিচৰ বাবে অতি উপকাৰী। প্ৰকাৰ ২ ডায়বেটিচত গ্লাইচেমিক নিয়ন্ত্ৰণত কেমোমাইল টিয়ে সহায়ক হিচাপে কাম কৰে। এই চাহৰ নিয়মীয়া গ্ৰহণে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। ই বৃক্কৰ লগতে চকু স্বাস্থ্যৱান কৰি ৰাখে।
Published by:Kokil Sarma
First published: