உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • National Nutrition Week 2021: চুলি সৰাও পুষ্টিহীনতাৰ এটা প্ৰধান লক্ষণ, ইয়াৰ প্ৰতি সজাগ হওক...

    National Nutrition Week 2021: চুলি সৰাও পুষ্টিহীনতাৰ এটা প্ৰধান লক্ষণ, ইয়াৰ প্ৰতি সজাগ হওক...

    শৰীৰত পুষ্টিৰ অভাৱৰ কিছুমান সচৰাচৰ লক্ষণ আছে যাক কেতিয়াও এৰাই চলিব নালাগে।

    শৰীৰত পুষ্টিৰ অভাৱৰ কিছুমান সচৰাচৰ লক্ষণ আছে যাক কেতিয়াও এৰাই চলিব নালাগে।

    শৰীৰত পুষ্টিৰ অভাৱৰ কিছুমান সচৰাচৰ লক্ষণ আছে যাক কেতিয়াও এৰাই চলিব নালাগে।

    • Share this:
    স্বাস্থ্যই পৰম সম্পদ,  এই সৰু বাক্যটো সকলো জীৱৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ স্বাস্থ্য ভাল হ'লেহে জীৱন ধাৰা সুন্দৰভাৱে প্ৰবাহিত হয়। আমাৰ স্বাস্থ্য আমাৰ আহাৰৰ ওপৰত নিৰ্ভৰশীল। কিন্তু কেতিয়াবা জীৱনশৈলীৰ বাবে আমাৰ শৰীৰত উপযুক্ত পুষ্টিৰ অভাৱ হয় আৰু ই শৰীৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়। ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ (National Nutrition Week)  প্ৰতি বছৰৰ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত উদযাপন কৰা হয়। বিভিন্ন পুষ্টি সমস্যা, পুষ্টিৰ প্ৰয়োজনীয়তা আৰু পুষ্টিহীনতাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে।

    আমাৰ শৰীৰটো এটা যন্ত্ৰৰ দৰে। গতিকে যদি কোনো সমস্যা হয়, শৰীৰে স্বয়ংক্ৰিয়ভাৱে ইয়াৰ ইংগিত দিয়ে। কিন্তু বহুতে এই সংকেত বুজি নাপায় আৰু পিছত বহুতো সমস্যাৰ সন্মূখীন হয়। কিন্তু শৰীৰত পুষ্টিৰ অভাৱৰ কিছুমান সচৰাচৰ লক্ষণ আছে যাক কেতিয়াও এৰাই চলিব নালাগে।

    চুলি সৰা :

    প্ৰতিদিনে ১০০ ডাল চুলি সৰাটো স্বাভাৱিক। কিন্তু ইয়াতকৈ অধিক চুলি সৰাৰ অৰ্থ হৈছে যে শৰীৰত খনিজ বা আইৰণ জাতীয় পদাৰ্থৰ অভাৱ ঘটিছে। আইৰণ হ্ৰাস হোৱাৰ ফলত  চুলি সৰাৰ লগতে মূৰ ঘূৰোৱা আৰু শৰীৰ দুৰ্বল হোৱাৰ দৰে সমস্যাইও  দেখা দিব পাৰে।

    হঠাত ওজন হ্ৰাস পোৱা :

    ওজন হ্ৰাস কৰিবলৈ সকলোৱে কিমান পৰিশ্ৰম কৰে। কিন্তু শৰীৰে ইয়াৰ কাম নিয়াৰিকৈ ৰাখিবৰ বাবে মেক্ৰো আৰু মাইক্ৰ' পুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া সেইবোৰৰ অভাৱ হয়, শৰীৰে সঞ্চিত শক্তি ব্যৱহাৰ কৰে যাৰ ফলত ওজন হ্ৰাস পাবলৈ ধৰে।

    ৰাতি দেখাত অসুবিধা পোৱা :

    ৰাতি দেখাত অসুবিধা হোৱাৰ অৰ্থ হৈছে যে শৰীৰত ভিটামিন-Aৰ অভাৱ হৈছে। তদুপৰি, শুকান চকু, ডিঙি আৰু বুকুৰ সংক্ৰমণ এই সকলোবোৰ ভিটামিন Aৰ অভাৱৰ ফলতে হয়।

    হাড়ৰ বিষ :

    যদি শৰীৰৰ যিকোনো অংশত, বিশেষকৈ ভৰিত বিষ হয়, ই ভিটামিন D বা কেলছিয়ামৰ অভাৱৰ বাবে হ'ব পাৰে। অৱশ্যে হাড়ৰ বিষ আইৰণৰ অভাৱৰ বাবেও হয়। কিয়নো ৰক্তহীনতা হৈছে শৰীৰ, হাত-ভৰিৰ বিষৰ অন্যতম কাৰণ।

    ঘাঁৰ দাগ নুশুকোৱা :

    যদি শৰীৰৰ কোনো অংশত কটা বা জ্বলাৰ ফলত ঘাঁ হয় , তেন্তে আঘাতপ্ৰাপ্ত অংশৰ অনতিপলমে চিকিৎসা কৰা প্ৰয়োজন। আৰোগ্য হওঁতে যদি পলম হয়, আপুনি বুজিব লাগিব যে শৰীৰত ভিটামিন Cৰ পৰিমাণ হ্ৰাস পাইছে।

    হৃদস্পন্দনৰ হাৰৰ বিসংগতি :

    যদি কোনো কাৰণ নোহোৱাকৈ হৃদস্পন্দনৰ হাৰ বৃদ্ধি বা হ্ৰাস হয়, আপুনি বুজিব লাগিব যে শৰীৰত কেলছিয়ামৰ অভাৱ হৈছে।
    Published by:Manjumoni Borah
    First published: