মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»চুপাৰ ফুড কঁঠাল! প্ৰতিহত কৰে কৰ্কট সহ একাধিক ৰোগ

চুপাৰ ফুড কঁঠাল! প্ৰতিহত কৰে কৰ্কট সহ একাধিক ৰোগ

News18 Assam | News18-Assam
Updated:June 27, 2021, 2:17 PM IST
চুপাৰ ফুড কঁঠাল! প্ৰতিহত কৰে কৰ্কট সহ একাধিক ৰোগ
ভাৰতীয় উপমহাদেশৰ এই ফলৰ গুণাগুণ অতি আকৰ্ষণীয়। কিয় কঁঠালক কোৱা হয় চুপাৰ ফুড?

ভাৰতীয় উপমহাদেশৰ এই ফলৰ গুণাগুণ অতি আকৰ্ষণীয়। কিয় কঁঠালক কোৱা হয় চুপাৰ ফুড?

  • Share this:
অসমীয়াত কঁঠাল, ইংৰাজীত জ্যেকফ্ৰুট। জ্যেকফ্ৰুট নাম অৱশ্যে পতুৰ্গীজ শব্দ জাকাৰ পৰা আহিছে। ভৰতীয় উপমহাদেশৰ এই ফলৰ খাদ্যগুণ অতি উত্তম। আহক জানি লও, কঁঠালক কিয় কোৱা হয় চুপাৰ ফুড?

  • ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ কঁঠালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সংক্ৰমণ প্ৰতিহত কৰিব পাৰে।


  • শৰ্কৰা পৰিপূৰ্ণ এই ফলৰ ১০০ গ্ৰাম পৰিমাণৰ প্ৰায় ৩৪ কেলৰী। ফলত কঁঠাল খালে শৰীৰৰ দুৰ্বলতা আঁতৰে।

  • কঁঠালত পটাচিয়াম প্ৰচূৰ পৰিমাণে থাকে। ফলত হৃদযন্ত্ৰ ভালে থাকে।

  • কঁঠালে পাকস্থলীৰ কাৰ্যক্ষমতা বঢ়ায়। কাৰণ অন্য ফলৰ দৰে কঁঠালো ফাইবাৰযুক্ত ফল।

  • কঁঠালৰ এণ্টি অক্সিডেণ্টে শৰীৰক টক্সিনমুক্ত কৰি ৰখাত সহায় কৰে। ফলত কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে।


  • ভিটামিন চি সমৃদ্ধ কঁঠালে চকু ভালে ৰাখে। দৃষ্টিশক্তি উন্নত কৰে।

  • কঁঠাল কেলচিয়াম সমৃদ্ধ। হাড় মজবুত কৰে।

  • এনেবোৰ গুণ থকাৰ বাবে কঁঠালক পাশ্চিমীয়া দেশক চুপাৰফুড বুলি গণ্য কৰা হয়।

Published by: Himangshu Bhuyan
First published: June 27, 2021, 2:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি