কোৰোণাৰ এনে সংক্ৰমণৰ সময়ত সকলো লোকেই নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে।
কোৰোণাৰ এনে সংক্ৰমণৰ সময়ত সকলো লোকেই নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে।
দেশত অব্যাহত আছে কোৰোণাৰ দ্বিতীয়টো ঢৌ। শেহতীয়াকে সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও এতিয়া ঘূৰি অহা নাই স্বাভাৱিক পৰিৱেশ। কোৰোণাৰ এনে সংক্ৰমণৰ সময়ত সকলো লোকেই নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্ব আৰোপ কৰিছে।
শৰীৰৰ বাবে অতি উত্তৰ নিমপাত। নিমপাত হৈছে অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট। যি শৰীৰক নানা ৰোগৰ পৰা বচাই ৰখাৰ লগতে মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে। ইয়াত থকা এণ্টি-মাইক্ৰোবাইল, এণ্টি-ভাইৰেল আৰু এণ্টিঅক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় কৰে।
নিমপাতে পাকস্থলী পৰিষ্কাৰ কৰে। হজম শক্তিও শক্তিশালী কৰে নিমপাতে। আনহাতে নিমপাত চালৰ বাবেও অতি উপকাৰী। নিমৰ শিপা, বাকলি আৰু কেঁচা ফলৰ সকলো ধৰণৰ ৰোগৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা আছে। আনকি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাৰ লগতে ৰক্ত সঞ্চালক প্ৰক্ৰিয়াত সহায় কৰে নিমপাতে।
উল্লেখ্য যে, জ্বৰ, পেটৰ সমস্যা, উশাহ নিশাহৰ সমস্যা, চালৰ সমস্যা, হৃদৰোগ, ডায়েবেটিছ আদি ৰোগ নিয়ন্ত্ৰণৰ বাবে নিমপাত অতি উত্তম বুলি জনা যায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|