মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Mango: প্ৰতিহত কৰে কৰ্কট ৰোগ, দৃষ্টিশক্তি আৰু যৌনক্ষমতা বৃদ্ধিৰ বাবে উপযোগী ফলৰ ৰজা!

Mango: প্ৰতিহত কৰে কৰ্কট ৰোগ, দৃষ্টিশক্তি আৰু যৌনক্ষমতা বৃদ্ধিৰ বাবে উপযোগী ফলৰ ৰজা!

News18 Assam | News18-Assam
Updated:June 6, 2021, 5:02 PM IST
Mango: প্ৰতিহত কৰে কৰ্কট ৰোগ, দৃষ্টিশক্তি আৰু যৌনক্ষমতা বৃদ্ধিৰ বাবে উপযোগী ফলৰ ৰজা!
সুস্বাদু আমৰ স্বাস্থ্যসন্মত গুণ অনেক! জানি লওক ফলৰ ৰজাৰ গুণাগুণ-

সুস্বাদু আমৰ স্বাস্থ্যসন্মত গুণ অনেক! জানি লওক ফলৰ ৰজাৰ গুণাগুণ-

  • Share this:
আম অবিহনে গ্ৰীষ্ম অসম্পূৰ্ণ! বিগত চাৰি হাজাৰ বছৰৰ অধিক সময়ত ধৰি ভাৰতীয় তথা দক্ষিণ-পূব এছিয়াৰ সংস্কৃতিৰ অংগ হৈ পৰিছে আম! সুস্বাদু আমৰ স্বাস্থ্যসন্মত গুণো অনেক।

  • এণ্টিঅক্সিডেণ্টেৰে ভৰপুৰ আমে কৰ্কট ৰোগ প্ৰতিহত কৰিব পাৰে। কোলন কেনচাৰ, ব্ৰেষ্ট কেনচাৰ, প্ৰষ্টেট কেনচাৰ আনকি লিউকোমিয়াৰ দৰে ৰোগৰ আশংকা হ্ৰাস কৰে আমে।


  • ভিটামিন চি, ফাইবাৰ আৰু পেক্টিনৰ দৰে উপাদানেৰে সমৃদ্ধ আমে নিয়ন্ত্ৰণত ৰাখে কোলেষ্টৰেল।

  • আম খালে শৰীৰৰ উজ্জ্বলতা বৃদ্ধি পায়।

  • বিশেষজ্ঞই পৰামৰ্শ দিয়ে যে, ওজন হ্ৰাস কৰাতো কাম কৰে আমে। ভিটামিন আৰু ফাইবাৰসমৃদ্ধ আমে হজমশক্তি বৃদ্ধি কৰে। অবাঞ্চিত কেলৰী বাৰ্ণ কৰে।

  • আমক কোৱা হয় প্ৰেমৰ ফল। পুৰুষৰ যৌনক্ষমতা বৃদ্ধিত সহায় কৰে আমে।


  • আমাত আছে ভৰপূৰ ভিনামিন এ। ফলত দৃষ্টিশক্তি ভাল হয়। চকুৰ অন্যান্য সমস্যাৰ পৰাও সকাহ দিয়ে।

  • আমৰ এনজাইম আৰু ফাইবাৰে হজম শক্তি বৃদ্ধি কৰে। যকৃতৰ সমস্যাও দূৰ কৰে।

  • ছুপাৰফ্ৰুট আমে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

  • স্মৃতিশক্তি বঢ়োৱাত সহায় কৰে আমে। আম হ'ল আয়ৰণৰ ভাণ্ডাৰ। ফলত ইনিমিয়াৰ দৰে সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰি।

Published by: Himangshu Bhuyan
First published: June 6, 2021, 5:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি