• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মহৌষধ মধুৰীআম! ডায়েবেটিছ ৰোগীৰ কাৰণে কিয় ভাল এইবিধ ফল

মহৌষধ মধুৰীআম! ডায়েবেটিছ ৰোগীৰ কাৰণে কিয় ভাল এইবিধ ফল

স্বাস্থ্যৰ যতন বৰ্তমান সময়ত অতিকৈ জৰুৰী। ৰোগমুক্ত হৈ থাকিবলৈ এক নিয়মিত খাদ্য তালিকা মানি চলাটো প্ৰয়োজন।

স্বাস্থ্যৰ যতন বৰ্তমান সময়ত অতিকৈ জৰুৰী। ৰোগমুক্ত হৈ থাকিবলৈ এক নিয়মিত খাদ্য তালিকা মানি চলাটো প্ৰয়োজন।

স্বাস্থ্যৰ যতন বৰ্তমান সময়ত অতিকৈ জৰুৰী। ৰোগমুক্ত হৈ থাকিবলৈ এক নিয়মিত খাদ্য তালিকা মানি চলাটো প্ৰয়োজন।

  • Share this:
স্বাস্থ্যৰ যতন বৰ্তমান সময়ত অতিকৈ জৰুৰী। ৰোগমুক্ত হৈ থাকিবলৈ এক নিয়মিত খাদ্য তালিকা মানি চলাটো প্ৰয়োজন। আনকি নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যাতে শক্তিশালী কৰি তুলিব পাৰি, সেই কথা মনত ৰাখি নিয়মিত যোগাভ্যাস, শাৰীৰিক ব্যায়াম কৰাৰ লগতে স্বাস্থ্যকৰ খাদ্যও খাব লাগে।

স্বাস্থ্য ভালে ৰাখিবলৈ সতেজ ফল-মূল খোৱাটো প্ৰয়োজন। আজি আমি এনে এটা ফলৰ কথা আলোচনা কৰিম, যি মধুমেহ ৰোগীৰ বাবে অত্যন্ত উপকাৰী। তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ মধুৰীআমৰ আছে মহৌষধী গুণ। গতিকে ডায়েবেটিছ ৰোগীয়ে সদায় নিজৰ খাদ্যৰ তালিকাত মধুৰীআম অন্তৰ্ভুক্ত কৰিব লাগে।

  • মধুৰীআমত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে। যি শৰীৰ সুস্থিৰ কৰি ৰখাত অত্যন্ত লাভদায়ক। ফাইবাৰে তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

  • মধুৰীআমে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰে। যিসকলে নিজৰ ওজন হ্ৰাস কৰিব বিচাৰে, সেইসকলে নিজৰ ডায়েটত মধুৰীআম ৰাখিব লাগে। ওজন বাঢ়িলে তেজত শৰ্কৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।

  • মধুৰীআমত ভিটামিন চি প্ৰচূৰ পৰিমাণে পোৱা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ মধুৰীআম উপকাৰী।

  • মধুৰীআমত কেলৰীৰ পৰিমাণ কম থাকে। যি তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত বিশেষ ভাবে সহায় কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগে জনোৱা মতে, ১০০ গ্ৰাম মধুৰীত মাত্ৰ ৬৮ কেলৰী থাকে। আৰু মাত্ৰ ৮.৯২ গ্ৰাম প্ৰাকৃতিক চুগাৰ থাকে।

  • মধুৰীত ছডিয়ামৰ পৰিমাণ কম, সেইদৰে পটাচিয়াম প্ৰচূৰ পৰিমাণে পোৱা যায়। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী। আৰু ক্ৰনিক ডিজিজ নিয়ন্ত্ৰণত সহায় কৰে।


(সকলোৰে স্বাস্থ্য সমাধান একেই নহয় আৰু যিকোনো খাদ্য চিকিৎসকৰ সন্মতি নোহোৱাকৈ সেৱন নকৰাই উত্তম।)
Published by:Himangshu Bhuyan
First published: