Health Benefits of Chilli: জলকীয়া সদায়ে খোৱা হয়, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ই কেনেদৰে উপকাৰ সাধে জানেনে?

News18 Assam | News18-Assam
Updated:July 19, 2021, 8:17 PM IST
Health Benefits of Chilli: জলকীয়া সদায়ে খোৱা হয়, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ই কেনেদৰে উপকাৰ সাধে জানেনে?
হৃদযন্ত্ৰৰ পৰা ব্লাড ছুগাৰলৈ ই প্ৰভাৱিত কৰে।

হৃদযন্ত্ৰৰ পৰা ব্লাড ছুগাৰলৈ ই প্ৰভাৱিত কৰে।

  • Share this:

জলকীয়া আমাৰ খাদ্যৰ এৰাব নোৱাৰা এক সামগ্ৰী। ইয়াক কোনোৱে কমকৈ খায় বা কোনোৱে বেছিকৈ, কিন্তু নোখোৱা মানুহ খুব কমেই ওলাব। কিন্তু আপুনি জানেনে জলকীয়াই কেৱল খাদ্যৰ সোৱাদেই বৃদ্ধি নকৰে। ইয়াৰ বহুতো গুণ আছে। শৰীৰৰ যত্ন লোৱাত ইয়াৰ অলপো কৃপণালি নাই। হৃদযন্ত্ৰৰ পৰা ব্লাড ছুগাৰলৈ ই প্ৰভাৱিত কৰে। ফলস্বৰূপে, কোনো ৰোগ থাকিলেও আপুনি জলকীয়া অবিহনে খাদ্য ৰান্ধিব লগা নহয়। জলকীয়াই শৰীৰৰ যত্ন কেনেকৈ লয় চমুকৈ জানো আহক-


(১) হজমৰ ক্ষেত্ৰত জলকীয়াৰ অৱদান আছে। সেইকাৰণে মুখ্যতঃ ৰন্ধনত জলকীয়া দিয়া হয়। এই মচলাজাতীয় খাদ্যবিধে হজম প্ৰক্ৰিয়া প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰে।


(২) জলকীয়াত বিভিন্ন ধৰণৰ এণ্টিঅক্সিডেণ্ট থাকে। ইয়াৰ প্ৰভাৱত বিভিন্ন স্বাস্থ্যজনিত সমস্যা আঁতৰ হয়। আনহাতে যদি প্ৰষ্টেটৰ সমস্যা হয়, তেন্তে জলকীয়াই ইয়াৰ সমাধান কৰে।



(৩) তেজৰ কলেষ্টেৰলৰ স্তৰো নিয়ন্ত্ৰণত ৰাখে জলকীয়াই, কলেষ্টেৰল– যিয়ে হৃদৰোগৰ মূল কাৰক।


(৪) জলকীয়াত কেপচাইচিন নামৰ এবিধ পদাৰ্থ থাকে, যাৰ বাবে ই জ্বলা হয়। কিন্তু এই বস্তুটোৱে শৰীৰটো শীতল কৰি ৰখাত সহায় কৰে।


(৫) জলকীয়াত থকা ভিটামিন চি-য়ে চকু আৰু ছালৰ যত্ন লয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।


(৬) জলকীয়া খালে শৰীৰত এণ্ডোৰ্ফিন উৎপন্ন হয়। ইয়াৰ প্ৰভাৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে।

Published by: Gautam Barman
First published: July 19, 2021, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি