মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Benefits of Cardamom Water: ওজন কমোৱাৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈ, ইলাচি তিয়াই থোৱা পানীৰ এই গুণবোৰ জানেনে? 

Health Benefits of Cardamom Water: ওজন কমোৱাৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈ, ইলাচি তিয়াই থোৱা পানীৰ এই গুণবোৰ জানেনে? 

News18 Assam | News18-Assam
Updated:September 14, 2021, 2:41 PM IST
Health Benefits of Cardamom Water: ওজন কমোৱাৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈ, ইলাচি তিয়াই থোৱা পানীৰ এই গুণবোৰ জানেনে? 
Health Benefits of Cardamom Water: ইলাচি তিয়াই থোৱা পানীয়ে আপোনাৰ কি উপকাৰ কৰিব পাৰে চাওক।

Health Benefits of Cardamom Water: ইলাচি তিয়াই থোৱা পানীয়ে আপোনাৰ কি উপকাৰ কৰিব পাৰে চাওক।

  • News18 Assam
  • Last Updated: September 14, 2021, 2:41 PM IST
  • Share this:
Health Benefits of Cardamom Water: ইলাচি একধৰণৰ জনপ্ৰিয় মছলা যিয়ে খাদ্যৰ জুতি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই শৰীৰৰ দুৰ্গন্ধ নিবাৰণৰ লগতে আন বহু ধৰণে উপকাৰ কৰে। কিন্তু বহুতে নাজানে ইলাচি (Cardamom) পানীত তিয়াই সেই পানী সেৱন কৰিলে মানুহৰ শৰীৰত বহু উপকাৰ সাধন কৰিব পাৰে। সাধাৰণতে ভাৰতীয় খাদ্য প্ৰস্তুত কৰাৰ সময়ত ইলাচি ব্যৱহাৰৰ কৰিলে খাদ্য সুগন্ধিযুক্ত হোৱাৰ লগতে সোৱাদ বৃদ্ধি কৰাত সহায়ক হয়। কেবল ৰান্ধনী শালতে নহয়, ভাৰতীয় খাদ্য তালিকাৰ বহু ধৰণৰ মিঠাই অথবা মিঠা বস্তু বনোৱাৰ সময়তো ইলাচি ব্যৱহাৰ কৰা হয়।

কিন্তু ইলাচি তিয়াই ৰখা পানী সেৱন কৰিলে কি লাভ হয়, সেয়া প্ৰশ্ন কৰিলে বহুতেই অজ্ঞতা প্ৰকাশ কৰে। তলত ইলাচি তিয়াই থোৱা পানীয়ে আপোনাৰ কি উপকাৰ কৰিব পাৰে চাওক।

কেনেকৈ প্ৰস্তুত কৰিব ইলাচি পানী-

ইয়াৰ বাবে এক লিটাৰ পানীত পাচঁটা ইলাচি বাকলি গুচাই গোটেই ৰাতি তিয়াই থ’ব লাগিব।
পিছদিনা ৰুম টেম্পেৰেচাৰত উক্ত পানী সেৱন কৰিব লাগিব। পানী বেছি গৰম নকৰিব তেতিয়া ইলাচিৰ ঔষধি গুণ নষ্ট হৈ যাব পাৰে। উক্ত পানী দিনত দুই তিনিবাৰ সেৱন কৰিলে ভাল।

শৰীৰত কি কি উপকাৰ কৰিব পাৰে ইলাচি পানীয়ে?
কলেষ্ট্ৰেল নিয়ন্ত্ৰণ - ইলাচিত আছে অধিক পৰিমাণে ফাইবাৰ। ইএলডিএল অৰ্থাৎ বেয়া কলেষ্টৰেল ধাৰণ কৰাত সহায় কৰে, যিয়ে শৰীৰৰ অতিৰিক্ত তেজ গোট খুৱায়। এলডিএল শৰীৰত প্ৰস্তুত হলে ই হাৰ্ট এটাকৰ সম্ভৱনা হ্ৰাস কৰে।

তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ- প্ৰতিদিনে ইলাচি তিয়াই থোৱা পানী সেৱন কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ কম কৰে। ডাইবেটিচ ৰোগীৰ বাবে ইলাচি তিয়াই পানী খোৱা এক ধৰণৰ ঘৰুৱা প্ৰতিকাৰ বুলিও ক’ব পাৰি।

হজম শক্তি বৃদ্ধি- প্ৰতিদিনে ইলাচি তিয়াই থোৱা পানী সেৱন কৰিলে হজম শক্তি বৃদ্ধি কৰাৰ লগতে পেটৰ বিষ নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰি এই পানীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ওজন নিয়ন্ত্ৰণ- ইলাচি পানীয়ে শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি কম কৰাত সহায় কৰে। এয়া সম্ভৱ হয় কাৰণ ইয়াত বহু ধৰণৰ এণ্টিঅক্সিডেণ্ট ( Antioxidants ) থাকে আৰু তাৰ বাবেই ওজন কমোৱাত সহায় কৰে।

কেৱল সেয়াই নহয় শৰীৰ স্বাস্থ্য ভাল ৰখাৰ লগতে ই ছালৰ বাবে অতিকৈ ফলদায়ক। ইয়াৰ উপৰি শৰীৰত জমা হোৱা সকলো টক্সিন অথবা বিষ বাহিৰ কৰি দিয়াৰ ক্ষেত্ৰত ইলাচি তিয়াই থোৱা পানী সেৱনে সম্ভৱ কৰি তোলে।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি