মচলাৰ উপৰি নহৰুৰ আন বহুতো গুণে মনত কৰি দিয়ে ইয়াৰ গুৰুত্ব।
মচলাৰ উপৰি নহৰুৰ আন বহুতো গুণে মনত কৰি দিয়ে ইয়াৰ গুৰুত্ব।
নহৰুৰ গুণ অনেক। ভাৰতীয় মচলা মানেই নহৰু এক এৰাব নোৱাৰা উপাদান। ব্যঞ্জনৰ সোৱাদ বৃদ্ধিৰ লগতে নহৰুৰ আছে ঔষধী গুণো। মচলাৰ উপৰি নহৰুৰ আন বহুতো গুণে মনত কৰি দিয়ে ইয়াৰ গুৰুত্ব।
– পুৱা টোপনিৰ পৰা উঠি খালী পেটত কুহমীয়া গৰম পানীৰ সৈতে দুকোহ নহৰু খাওক। তাৰ পিছত দিনটো পৰ্যাপ্ত পৰিমাণে পানী খাওক। ওজন কমাব বিচাৰিলে সেই পানীত মিহলাই লওক নেমুৰ ৰস।
– ডায়েটত নহৰু থাকিলে কলেষ্টৰেল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কাৰণ নহৰুত এণ্টি অক্সিডেণ্ট উপাদান এলিচিন থাকে। উচ্চ ৰক্তচাপ আৰু তেজত শৰ্কৰা কমোৱাতো নহৰুৱে সহায় কৰে। সেয়ে ৰন্ধাৰ সলনি কেঁচা নহৰু খোৱা বেছি উপকাৰী।
– শিশুসকলৰ কৃমিনাশক হিচাপে নহৰু কাৰ্যকৰী। আনকি কেভিটিসহ দাঁতৰ আন সমস্যাতো নহৰু উপকাৰী।
– কেঞ্চাৰৰ সৈতে যুঁজত প্ৰতিৰোধ গঢ়ি তোলে নহৰুৱে। লগতে নহৰুৰ নিয়মিত ব্যৱহাৰে ছাল আৰু চুলিৰ বাবে অতি উপকাৰী। চুলি সৰা কম কৰিবলৈ বহুতে নহৰুৰ পেষ্টেৰে মালিচ কৰে।
– কিন্তু নহৰুৰ কিছু বাধানিষেধো আছে। হাপানী ৰোগীৰ বাবে নহৰু যথাসম্ভৱ কম ব্যৱহাৰ কৰিবলৈ কোৱা হয়। কাৰণ তেওঁলোকৰ ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়া দেখা যোৱাৰ আশংকা থাকি যায়। যিকোনো অস্ত্ৰোপচাৰৰ পূৰ্বে নহৰু ব্যৱহাৰ কৰা নিষেধ কৰা হয়। চিকিৎসকৰ পৰামৰ্শ অবিহনে কেঁচা নহৰু দৈনিক ২–৩ ফোটাৰ অধিক নাখাব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|