• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Weight Loss Drink: প্ৰতিদিনে শোৱাৰ আগেয়ে খাওক এই ঘৰুৱা পানীয়, মেদবহুলতাৰ পৰা কেইসপ্তাহমানতে পাব মুক্তি

Weight Loss Drink: প্ৰতিদিনে শোৱাৰ আগেয়ে খাওক এই ঘৰুৱা পানীয়, মেদবহুলতাৰ পৰা কেইসপ্তাহমানতে পাব মুক্তি

চৰ্বী আৰু ওজন বৃদ্ধি বহুতো ৰোগৰ কাৰক, গতিকে সময় থাকোঁতে ইয়াক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

চৰ্বী আৰু ওজন বৃদ্ধি বহুতো ৰোগৰ কাৰক, গতিকে সময় থাকোঁতে ইয়াক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

চৰ্বী আৰু ওজন বৃদ্ধি বহুতো ৰোগৰ কাৰক, গতিকে সময় থাকোঁতে ইয়াক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

  • Share this:

আজিৰ দিনত মেদবহুলতাত প্ৰতিজন চতুৰ্থ ব্যক্তি ভুগি আছে। ব্যস্ত জীৱনত নিজৰ স্বাস্থ্যৰ সামান্যতম যত্নৰ অভাৱৰ লগতে আমি মেদবহুলতাৰ সমস্যাৰ সন্মুখীন হোৱাৰ এটা কাৰণ হৈছে অস্বাস্থ্যকৰ আহাৰ। কিন্তু শৰীৰত চৰ্বি জমা হোৱাটো যিমান সহজ, চৰ্বী আঁতৰ কৰাটো সিমানে কঠিন। আনহাতে এয়াও জনা দৰকাৰ যে চৰ্বী আৰু ওজন বৃদ্ধি বহুতো ৰোগৰ কাৰক। গতিকে সময় থাকোঁতে ইয়াক নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।


সাধাৰণতে স্বাস্থ্যসন্মত আহাৰৰ লগতে ওজন হ্ৰাস কৰিবলৈ ব্যায়াম কৰাটো প্ৰয়োজনীয়। ওজন হ্ৰাস কৰাৰ বাবে ইয়াৰ লগতে ওজন হ্ৰাস কৰিব পৰা পানীয়ও খাব পাৰে। ই আপোনাৰ ওজন দ্ৰুতগতিত হ্ৰাস কৰিব। এনে পানীয়ই শৰীৰত থকা অতিৰিক্ত চৰ্বি আঁতৰ কৰাত সহায় কৰিব।


ওজন হ্ৰাসৰ বাবে কিদৰে প্ৰস্তুত কৰিব পানীয়


প্ৰথমে পেন গৰম কৰক। তাৰ পিছত তাত জিৰা গুটি দি ভাজক। ভজাৰ পিছত ইয়াক এখন প্লেটত আঁতৰাওক। ইয়াৰ পিছত পেনটোত ৫০ গ্ৰাম ডালচেনি যোগ দিয়ক আৰু ভাজক। ইয়াকো প্লেটত ৰাখক। এতিয়া এই দুটা বস্তু পৃথক গ্ৰাইণ্ডাৰত ৰাখক আৰু সেইবোৰ গুৰি কৰক। তাৰ পিছত ইয়াক পৃথককৈ বায়ু সোমাব নোৱাৰা পাত্ৰত ৰাখক।


প্ৰতিদিনে খালী পেটত এগিলাচ কুহুমীয়া পানীত আধা চামুচ জিৰা গুড়ি আৰু আধা চামুচ ডালচেনি মিহলাই খাওক। ইয়াৰ লগতে নিশা আহাৰ গ্ৰহণৰ আধা ঘণ্টা পিছতো খাওক। কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ দেহৰ চৰ্বী তথা ওজনৰ পাৰ্থক্যটো দেখিবলৈ পাব।

Published by:Gautam Barman
First published: