মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health: পুৱা বিছনাৰ পৰা উঠাৰ পিছতে গঢ় দিয়ক এই ৬টা অভ্যাস, সুস্বাস্থ্য আৰু সুন্দৰ জীৱনৰ বাবে

Health: পুৱা বিছনাৰ পৰা উঠাৰ পিছতে গঢ় দিয়ক এই ৬টা অভ্যাস, সুস্বাস্থ্য আৰু সুন্দৰ জীৱনৰ বাবে

News18 Assam | News18-Assam
Updated:July 11, 2021, 12:44 AM IST
Health: পুৱা বিছনাৰ পৰা উঠাৰ পিছতে গঢ় দিয়ক এই ৬টা অভ্যাস, সুস্বাস্থ্য আৰু সুন্দৰ জীৱনৰ বাবে
মাত্ৰ কিছু সময় সময় হাতত লৈ কৰিব পাৰি এনে ছটা কাম।

মাত্ৰ কিছু সময় সময় হাতত লৈ কৰিব পাৰি এনে ছটা কাম।

  • Share this:

ৰাতিপুৱা উঠাৰ আছে সুকীয়া আমেজ। কিন্তু ইয়াক আৰু স্বাস্থ্যসন্মত কৰি তুলিব পাৰি কেইটামান কামৰ মাজেৰে। এনে অভ্যাসে সুস্বাস্থ্যৰ লগতে দিয়ে যোগাত্মক দিশ। মাত্ৰ কিছু সময় হাতত লৈ কৰিব পাৰি এনে ছটা কাম।


কি কৰিব?


তামৰ পাত্ৰত ৰখা পানী খাওক


প্ৰতিদিনে ৰাতিপুৱা উঠি তামৰ পাত্ৰত ৰখা পানী খাব লাগে, আপুনি ৰাতি এটা তামৰ পাত্ৰত পানী ভৰ্তি কৰিব লাগে যাতে আপুনি ৰাতিপুৱা উঠি পানী খাব পাৰে, যি পেট সম্পৰ্কীয় প্ৰতিটো ৰোগ নিৰ্মূল কৰিব পাৰে, অৱশ্যে কোনো ৰোগ থাকিলে চিকিৎসকৰ সৈতে আলোচনা কৰি এনে কৰা উচিত।


যোগ আৰু ধ্যান কৰক
আপুনি দীৰ্ঘসময় ধৰি স্বাস্থ্যৱান আৰু বয়স কম কৰি ৰাখিব বিচাৰে তেন্তে প্ৰতিদিনে যোগ আৰু ধ্যান কৰা উচিত। ই সকলো ধৰণৰ ৰোগৰ পৰা আঁতৰাই ৰাখে আৰু দিনটো সুস্থ কৰি ৰাখে।


আধ্যাত্মিক পৰিচৰ্যা


যি যি ধৰ্মৰ লোক নহওক, নিজ ধৰ্ম মতে আধ্যাত্মিক ভাবনাৰ মাজত অলপ সময় কটাব লাগে।


ফুলৰ টাব বা তুলসী গুৰিত পানী
আপুনি সদায় ৰাতিপুৱা উঠি তুলসী বা কোনো ফুলত পানী দিয়ক। ই মনলৈ এক প্ৰশান্তি অনাৰ লগতে যোগাত্মক কৰি ৰাখে।


চৰাই–চিৰিকটি বা পশুক আহাৰ দিয়ক
ৰাতিপুৱাটো সকলোৰে বাবে এটা নতুন জীৱন। এক আনন্দময় পৰিৱেশ থাকে। এনে সময়ত পোহনীয়া জীৱ–জন্তু থাকিলে ইয়াক আহাৰ দিব লাগে। আনহাতে বনৰীয়া চৰাই–চিৰিকটিকো অকণমান আহাৰ খুৱাব পাৰে। ই প্ৰশান্তি অনাৰ লগতে যোগাত্মক চিন্তাৰ উন্মেষ ঘটায়।


তেল মালিচ
শৰীৰত তেল মালিচৰ বাবে ৰাতিপুৱা সৰ্বশ্ৰেষ্ঠ সময়, তেল মালিচ কৰিলে ছিদ্ৰবোৰ খোলে আৰু ছাল পৰিষ্কাৰ কৰে আৰু গা ধোৱাৰ কিছু সময় আগেয়ে এনে কৰিব লাগে।

Published by: Gautam Barman
First published: July 11, 2021, 12:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি