Spiny Gourd: ঔষধি গুণেৰে সমৃদ্ধ ভাতকেৰেলা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণকে ধৰি ইয়াৰ ৫টা বিশেষ গুণাগুণ

News18 Assam | News18-Assam
Updated:July 18, 2021, 7:22 PM IST
Spiny Gourd: ঔষধি গুণেৰে সমৃদ্ধ ভাতকেৰেলা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণকে ধৰি ইয়াৰ ৫টা বিশেষ গুণাগুণ
বাৰিষা কালত হোৱা ভাতকেৰেলাই প্ৰতিৰোধ কৰিব পাৰে বাৰিষাৰ কালজিনত বহু ৰোগ।

বাৰিষা কালত হোৱা ভাতকেৰেলাই প্ৰতিৰোধ কৰিব পাৰে বাৰিষাৰ কালজিনত বহু ৰোগ।

  • Share this:

Benefits Of Spiny Gourd: ভাতকেৰেলা স্বাস্থ্যৰ বাবে অতি উপকাৰী। বাৰিষা ঋতুত হোৱা এই পাচলিয়ে বহুতো স্বাস্থ্যজনিত সমস্যা আঁতৰ কৰে। ই প্ৰ'টিন আৰু লো (Protein And Iron) সমৃদ্ধ আৰু ইয়াত কেলৰি কম থাকে। আঁহ আৰু এণ্টিঅক্সিডেণ্টো থাকে, সেয়েহে ইয়াক খোৱাৰ ফলত কোষ্ঠকাঠিন্য আৰু হজমৰ সমস্যা আঁতৰ হয়। আনহাতে ই বাৰিষাৰ সময়ত হোৱা নানা সংক্ৰমণ হ্ৰাস কৰাতো সহায়ক হয়। ভাতকেৰেলাৰ লাভালাভবোৰ জানো আহক–


উচ্চ ৰক্তচাপত উপকাৰী


উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে ভাতকেৰেলা যথেষ্ট উপকাৰী হয়। হেল্থ বেনিফিট টাইমছৰ এক প্ৰতিবেদন অনুসৰি, সতেজ ভাতকেৰেলাৰ ৰস উলিয়াই খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।



ঋতুগত সংক্ৰমণ প্ৰতিৰোধ কৰে


বাৰিষাৰ সময়ৰ ফলত প্ৰায়ে জ্বৰ, চৰ্দি আৰু কাহ আদিৰ ৰূপত সাধাৰণ ভাইৰেল সংক্ৰমণ হয়। এইক্ষেত্ৰত আপুনি এই সংক্ৰমণ প্ৰতিহত কৰিবলৈ ভাতকেৰেলা খাব পাৰে। ই ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰে। ভাতকেৰেলাৰ এণ্টি-এলাৰ্জি, এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, এনালজেচিক আৰু এণ্টি-ইনফ্লেমেটৰী গুণ আছে। এইক্ষেত্ৰত ইয়াৰ গ্ৰহণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে স্বাস্থ্যৱান হৈ থকাত সহায় কৰে।


শালমন আঁতৰত সহায় কৰে


ছালত সতেজ ভাতকেৰেলাৰ ৰস প্ৰয়োগ কৰিলে মুখৰ শালমনৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰি। লগতে ইয়াৰ ভজা বীজে একজিমা আৰু ছালৰ অন্যান্য সমস্যাৰ বাবে উপকাৰী।



হজমত সহায়ক


ভাতকেৰেলা পাচলি ঠাণ্ডা প্ৰকৃতিৰ। ইয়াক হজম কৰাও সহজ। ই দ্ৰৱণীয় আঁহেৰে সমৃদ্ধ। ইয়াৰ গ্ৰহণে স্বাস্থ্যৰ বিকাৰ যেনে গেষ্ট্ৰিক আলচাৰ, কোষ্ঠকাঠিন্যৰ পৰা ৰক্ষা কৰে।


ওজন হ্ৰাস কৰে


ভাতকেৰেলাক কম কেলৰিযুক্ত পাচলি বুলি গণ্য কৰা হয়। এইক্ষেত্ৰত, ই শৰীৰৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে। গতিকে ইয়াক আপোনাৰ বাৰিষাৰ আহাৰত অন্তৰ্ভুক্ত কৰা নিতান্তই উচিত।

Published by: Gautam Barman
First published: July 18, 2021, 7:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি