মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Tips: এলাহ অনুভৱ হ'লে খাওক এই ৫বিধ খাদ্য, ২ মিনিটতে সতেজ কৰি তুলিব আপোনাক

Health Tips: এলাহ অনুভৱ হ'লে খাওক এই ৫বিধ খাদ্য, ২ মিনিটতে সতেজ কৰি তুলিব আপোনাক

News18 Assam | News18-Assam
Updated:June 23, 2021, 6:13 PM IST
Health Tips: এলাহ অনুভৱ হ'লে খাওক এই ৫বিধ খাদ্য, ২ মিনিটতে সতেজ কৰি তুলিব আপোনাক
অলসতা আহে, এনে পৰিস্থিতিত গোটেই দিনটো তেনেদৰেই পাৰ হয়, এইক্ষেত্ৰত আপুনি কিদৰে আপোনাৰ এই এলাহ ভাৱ দূৰ কৰিব?

অলসতা আহে, এনে পৰিস্থিতিত গোটেই দিনটো তেনেদৰেই পাৰ হয়, এইক্ষেত্ৰত আপুনি কিদৰে আপোনাৰ এই এলাহ ভাৱ দূৰ কৰিব?

  • Share this:

দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনত আমি আমাৰ স্বাস্থ্যৰ যতন সঠিককৈ ল'ব নোৱাৰোঁ। স্বাস্থ্যৰ যতন অবিহনেই দৈনিক কাম-কাজত ব্যস্ত হৈ থাকিব লগা হয়। ফলত আমাৰ শৰীৰত সঘনে এলেহুৱা ভাৱ বা অলসতা আহে। এনে পৰিস্থিতিত গোটেই দিনটো তেনেদৰেই পাৰ হয়। এইক্ষেত্ৰত আপুনি কিদৰে আপোনাৰ এই এলাহ ভাৱ দূৰ কৰিব সেই সম্বন্ধেই আজিৰ আমাৰ এই প্ৰতিবেদন। কি কি খাদ্য গ্ৰহণে আপোনাৰ শৰীৰ ভৰপূৰ শক্তি আৰু উদ্যমিতাৰে পৰিপূৰ্ণ কৰি ৰাখিব সেই বিষয়ে জানি লওঁ আহক।


কলে শক্তি প্ৰদান কৰিব


শৰীৰত গ্লুকোজৰ অভাৱৰ ফলত দুৰ্বলতা আহে বা অনুভৱ হয়। এনে ক্ষেত্ৰত কল খোৱাটো আপোনাৰ বাবে অতি লাভজনক হ'ব। কলত প্ৰাকৃতিক গ্লুকোজ আৰু চেনি অধিক থাকে, সেয়েহে শৰীৰে ইয়াক গ্ৰহণ কৰাৰ পিছত তাৎক্ষণিক শক্তি লাভ কৰে।



গাখীৰ আৰু শুকান ফল অত্যাৱশ্যকীয়


যদি আপুনি দুৰ্বল অনুভৱ কৰে নিশ্চিতভাৱে লগে লগেই গাখীৰ খাব। গাখীৰত ভিটামিন, খনিজ আৰু অন্যান্য আহাৰৰ পৰিপূৰক থাকে। আনকি আপোনাৰ শৰীৰত মেগনেছিয়ামৰ অভাৱ থাকিলেও আপুনি যথেষ্ট দুৰ্বল অনুভৱ কৰিব পাৰে। এইক্ষেত্ৰত আপুনি শুকান ফল বা ড্ৰাই ফ্ৰুইটৰ সহায় লোৱা উচিত।


চফগুটিয়ে কৰি ৰাখিব সতেজ


চফগুটিত পোৱা কেলচিয়াম, ছডিয়াম, আইৰন আৰু পটাছিয়ামে শৰীৰত ভাগৰৰ হৰম'ন নাইকিয়া কৰে। গতিকে আলস্য ভাব আহিলেই চফগুটি খাওক। ই আপোনাক সতেজ কৰি ৰাখিব।



গাজৰে ভাগৰ আঁতৰ কৰিব


গাজৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ গুণাগুণ আছে। এইক্ষেত্ৰত গাজৰ গ্ৰহণে আমাক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। গাজৰে শৰীৰত শক্তি বৃদ্ধি কৰাটো সহায়ক।


ডাৰ্ক চকলেটে কৰি ৰাখিব ৰিলেক্স


বেছিভাগ লোকে চকলেট ভাল পায়। চকলেটত থকা কোকাই শৰীৰৰ পেশীবোৰ শিথিল কৰাত সহায় কৰে। সেইকাৰণে চকলেট খোৱাৰ পিছত সতেজ অনুভৱ কৰে। ইয়াৰ লগতে ভালকৈ টোপনি গৈ শুৱা আৰু পৰ্যাপ্ত পানী খোৱাটোও জৰুৰী। ই স্বাস্থ্যৱান হৈ থকাত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে।

Published by: Gautam Barman
First published: June 23, 2021, 6:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি