হাৰ্ট এটেক হোৱাৰ এমাহ পূৰ্বেই শৰীৰত দেখা দিয়ে এই কেইটা লক্ষণে, জানি লওক

News18 Assam | News18-Assam
Updated:December 18, 2020, 1:01 PM IST
হাৰ্ট এটেক হোৱাৰ এমাহ পূৰ্বেই শৰীৰত দেখা দিয়ে এই কেইটা লক্ষণে, জানি লওক
Source-Google

বৰ্তমান দিনে দিনে বৃদ্ধি পাইছে হৃদ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। যাৰ এবাৰ হাৰ্ট এটেক হৈ যায়, তেওঁলোকে অতি সাৱধানে গোটেই জীৱন কটাবলগীয়া হয়।

  • Share this:
বৰ্তমান দিনে দিনে বৃদ্ধি পাইছে হৃদ ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। যাৰ এবাৰ হাৰ্ট এটেক হৈ যায়, তেওঁলোকে অতি সাৱধানে গোটেই জীৱন কটাবলগীয়া হয়। হাৰ্ট এটেক এক নিৰৱ ঘাটক। যিকোনো সময়ত ইয়াৰ চিকাৰ হ’ব পাৰে। শৰীৰ চৰ্চা নকৰিলে বা অস্বাস্থ্যকৰ খাদ্যগ্ৰহণ আৰু জীৱন-যাপনৰ অনিময় হ’লে বাঢ়ি যায় হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা। এই লক্ষণ সমূহ জানিলে আগতীয়াকৈয়ে সাৱধানতা অৱলম্বন কৰিব পৰা যায়। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশ পোৱা মতে, হাৰ্ট এটেকৰ এমাহ পূৰ্বেই শৰীৰত বিভিন্ন লক্ষণে দেখা দিব পাৰে।

শৰীৰৰ অস্বাভাৱিক পৰিৱৰ্তন বা এই বিশেষ সাতটা লক্ষণে দেখা দিয়ে চিকিত্‍সকৰ পৰামৰ্শ লোৱা অতিকৈ জৰুৰী-


  • অস্বাভাৱিক ধৰণে শৰীৰ দুৰ্বল হোৱাঃ ৰক্ত চলাচলত অসুবিধা হ’লে, শৰীৰত এনে সমস্যাই দেখা দিয়ে। ৰক্তৰ সিৰা-উপসিৰাত চৰ্বি জমা হৈ বাধাৰ সৃষ্টি কৰিলে বা মাংসপেশী দুৰ্বল হৈ পৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনা থাকে।

  • অত্যাধিক ভাগৰুৱাঃ ৰক্ত সঞ্চালন কমি গ’লে শৰীৰ ভাগৰুৱা হৈ পৰে। মস্তিষ্কলৈ তেজৰ সঞ্চালন কমি গ’লে অত্যন্ত ভাগৰুৱা অনুভৱ হয়।

  •  ঘাম ওলোৱাৰ পিছত শৰীৰ ঠাণ্ডা হৈ পৰিলে।

  •  বুকুৰ বিষঃ বুকু, বাহু, পিঠি, কান্ধৰ বিষ হ’লে লগে লগে চিকিত্‍সকৰ ওচৰ চাপক।


  • হাৰ্ট এটেকৰ চিকাৰ হোৱাৰ বহু ৰোগীক প্ৰায় এমাহ মানৰ আগৰ পৰাই সঘনাই ঠাণ্ডা-চৰ্দি বা ফ্লুত আক্ৰান্ত হৈ থকা দেখা যায়।

  •  শ্বাস-প্ৰশ্বাসত কষ্ট পালে চিকিত্‍সকৰ পৰামৰ্শ লওক।

  • বমি, বদহজম, তলপেটৰ বিষ, বুকু জ্বলা-পুৰা কৰা আদিও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। গতিকে এই ক্ষেত্ৰত চিকিত্‍সকৰ পৰামৰ্শ লোৱা অতি জৰুৰী।

Published by: Himangshu Bhuyan
First published: December 18, 2020, 1:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি