বিপদৰ আগজাননী! যদিহে আপোনাৰো হাড়ৰ পৰা ওলাই কট-কট শব্দ , তেন্তে সতৰ্ক হওক!

News18 Assam | News18-Assam
Updated:March 22, 2021, 2:18 PM IST
বিপদৰ আগজাননী! যদিহে আপোনাৰো হাড়ৰ পৰা ওলাই কট-কট শব্দ , তেন্তে সতৰ্ক হওক!
বহু সময়ত আমাৰ হাড়ৰ পৰা কট-কট শব্দ ওলোৱা শুনিবলৈ পোৱা যায় । এনেই কিন্তু এই শব্দ শুনা নাযায় । ই কোনো বেমাৰৰ সংকেতো হ'ব পাৰে। ইয়াৰ বাবে গ্ৰহণ কৰক এই সমূহ উপায়।

বহু সময়ত আমাৰ হাড়ৰ পৰা কট-কট শব্দ ওলোৱা শুনিবলৈ পোৱা যায় । এনেই কিন্তু এই শব্দ শুনা নাযায় । ই কোনো বেমাৰৰ সংকেতো হ'ব পাৰে। ইয়াৰ বাবে গ্ৰহণ কৰক এই সমূহ উপায়।

  • Share this:
আপুনি আপোনাৰ শৰীৰৰ হাড়ৰ গাঁঠিৰ পৰা কট-কটৰ শব্দ শুনে নেকি ? যদিহে শুনিছে তেন্তে সাৱধান হওক, কিয়নো এই শব্দ এনেই শুনিবলৈ পোৱা নাযায়। এয়া বেমাৰৰ সংকেত হ'ব পাৰে। এই শব্দ দৰাচলতে আমাৰৰ শৰীৰৰ হাড়ৰ গাঁঠিৰ পৰা আহে য'ত দুইৰ পৰা অধিক হাড্ডি একেলগ হৈ থাকে। এই হাড়সমূহ শক্তিশালী উপাস্থিৰে আৱৰি থাকে বাবে ইহতে সুন্দৰকৈ কাম নিজৰ নিজৰ কাম কৰি থাকে। কিন্তু যেতিয়া অষ্টিঅ'আৰ্থ্ৰাইটছে এই গাঁঠিবোৰ উপাস্থিৰ স্তৰ দুৰ্বল কৰে তেতিয়াই ইহঁতৰ মাজত সংঘৰ্ষ হয় আৰু কট-কট শব্দ শুনিবলৈ পোৱা যায়।

কোনো কোনোৱে শব্দৰ লগতে গাঁঠিৰ বিষ, ফুলা আৰু জঠৰতা অনুভৱ কৰে, তেতিয়াই কিন্তু আপুনি পৰামৰ্শ ল'ব লাগিব চিকিত্সকৰ। লগতে এনে আপোনা খাদ্যভ্যাসত এনে কিছুমান আহাৰ অন্তৰ্ভূক্ত কৰক যিয়ে আপোনাক কিছু সকাহ দিব। যিয়ে মজবুত কৰিব আপোনাৰ হাড় আৰু অন্য সমস্যাৰ পৰা সকাহ লাভ কৰিব। অন্তৰ্ভূক্ত কৰক এইসমূহ আহাৰ ...

১. খাওক গুড় আৰু শুকান ভজা বুট : হাড় শক্তিশালী কৰি ৰাখিবলৈ প্ৰতিদিনে খাওক গুড় আৰু শুকান ভজা বুট। কিয়নো শুকান ভজা বুটত কেলচিয়াম,কাৰ্বহাইড্ৰেট,প্ৰটিন,ভিটামিন আৰু লোহ যথেষ্ট পৰিমাণে থাকে। যি হাড়ৰ বাবে অতি উত্তম।

২. প্ৰতিদিনে পুৱা মিথি গুটি তিয়াই খোৱাৰ অভ্যাস গঢ়ি তোলক। যি হাড়ৰ বাবে লাভজনক । ৰাতিয়েই আধা চামুচ মেথি পানীত তিয়াই থওক আৰু পুৱাই পানীখিনিৰ লগতে মেথি গুটিখিনি চুবাই খাওক। আপোনাৰ গাঁঠিৰ বিষৰ লগতে শব্দৰ উপশম হ'ব।

৩. দৈনিক এগিলাচ গাখীৰ আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰক। কিয়নো গাখীৰত প্ৰচুৰ পৰিমাণে থাকে কেলচিয়াম,প্ৰ'টিন,ভিটামিন,পটেচিয়াম আৰু ফচফৰাচৰ লগতে অন্যান্য উপাদান। যিয়ে হাড়ৰ শব্দ অহা বন্ধ কৰাৰ লগতে মজবুত কৰে হাড়।

এনেদৰেই সুস্থ,সবল কৰি ৰাখক আপোনাৰ হাড়।
First published: February 8, 2021, 12:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি