Shy Bladder Syndrome : ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিবলৈ ভয় কৰে নেকি আপুনি? ভয় নকৰিব, ইয়াৰো উপায় আছে...

News18 Assam | News18-Assam
Updated:July 20, 2021, 1:43 PM IST
Shy Bladder Syndrome : ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰিবলৈ ভয় কৰে নেকি আপুনি? ভয় নকৰিব, ইয়াৰো উপায় আছে...
representative image

এইটো আচলতে এটা ৰোগহে, যাক কোৱা হয় পাৰুৰেছিছ (Paruresis) বা ছাই ব্লাডাৰ ছিণ্ড্ৰম (shy bladder syndrome)।

  • Share this:
ealthআমি ২৪ ঘণ্টাই ঘৰৰ ভিতৰত থাকিব নোৱাৰোঁ। কাম-কাজ, বজাৰ-সমাৰ ব ফুৰা-চকাৰ কাৰণে বা বিভিন্ন কাৰণত ঘৰৰ পৰা ওলাই যাব লগা হৈয়েই। তেনে অৱস্থাত বহু সময়ত আমি বাহিৰতেই প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হওঁ। কিন্তু বহু লোকে বাহিৰত প্ৰস্ৰাৱ কৰিবলৈ সংকোচ কৰে আৰু দীৰ্ঘ সময়লৈ নকৰাকৈ থাকে যিটো স্বাস্থ্যৰ পক্ষে অতিকেই হানিকাৰক। তেন্তে আপুনি কৰিব কি?

বাহিৰত প্ৰস্ৰাৱ কৰা মানে ইয়াত মুকলি স্থানত প্ৰস্ৰাৱ কৰাৰ কথা কোৱা নাই। আমি কৈছোঁ ৰাজহুৱা স্থান মানে ৰাজহুৱা প্ৰস্ৰাৱগাৰ বা টয়লেটৰ কথা। য'ত সামান্য মাননীৰ বিনিময়ত আপুনি প্ৰস্ৰাৱ কৰি স্বস্তি লভিব পাৰে। আজি কালি প্ৰায়বোৰ সৰু-বৰ নগৰ-চহৰত এই ব্যৱস্থা গঢ়ি উঠিছে।

আচলতে সমস্যাটো কি?

কিন্তু বহু সময়ত বহু লোকে এই ৰাজহুৱা প্ৰস্ৰাৱগাৰত প্ৰস্ৰাৱ কৰিবলৈ টান পায় অথবা সংকোচ কৰে। বিশেষকৈ ওচৰত যদি কোনোবা থাকে তেনেহ'লে তেনে লোকে প্ৰস্ৰাৱ নকৰাকৈও ওলাই আহে, যিটো স্বাস্থ্যৰ বাবে ভাল নহয়। এইটো আচলতে এটা ৰোগহে, যাক কোৱা হয় পাৰুৰেছিছ (Paruresis) বা ছাই ব্লাডাৰ ছিণ্ড্ৰম (shy bladder syndrome)। এই ৰোগত আক্ৰান্ত লোকে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাৰ সময়ত আশে-পাশে কোনোবা আছে নেকি এই কথাটোক লৈ অতি শংকিত হৈ থাকে আৰু অনবৰত এক সংকোচ ভাৱ মনত লৈ ফুৰে। এইটো এক ফবিয়া বা ভীতিগ্ৰস্ততা। যিদৰে বহু লোকে ৰাজহুৱা স্থানত বা সভা আদিত কথা ক'বলৈ ভয় কৰে বা ক'ব নোৱাৰে তেনেধৰণৰেই এই ৰোগবিধ।

এনে লোকে নিজৰ ঘৰৰ বা সঘনাই ব্যৱহাৰ কৰা টয়লেটৰ সলনি আন স্থানত প্ৰস্ৰাৱ কৰিব নোৱাৰে। বহু সময়ত এনে লোকে বাহিৰলৈ যাবলৈও এৰি দিয়ে, অথবা গ'লেও পানী খাই নাযায় বা প্ৰস্ৰাৱ আহিব বুলি বাহিৰত পানীও নোখোৱকৈ থাকে। এই ৰোগ যিকোনো লোকৰ যিকোনো বয়সত দেখা দিব পাৰে যদিও সাধাৰণতে স্কুলতেই এই ৰোগবিধৰ অংকুৰণ হয়। আমেৰিকাৰ দৰে দেশতো এটা বছৰত এই ৰোগত আক্ৰান্ত ২ কোটিৰো অধিক লোক পোৱা গৈছে। কিন্তু এইটো কোনো জটিল ৰোগ নহয় আৰু ইয়াৰ পৰা সহজে হাত সাৰিবও পাৰি। কিন্তু বেছি পুৰণি হ'লে এই ৰোগে কোনো লোকক ডিপ্ৰেছনলৈ (Depression)ও নিব পাৰে।

পাৰুৰেছিছ ৰোগ কিদৰে ভাল হয়

ভাল কথাটো হ'ল আপোনাৰ যদি এই ধৰণৰ সমস্যা আছে তেনেহ'লে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈও আপুনি ইয়াৰ পৰা হাত সাৰিব পাৰে। তাৰ বাবে কৰিব লাগিব কেইটামান কাম। প্ৰথমেই মনৰ পৰা ভয় দূৰ কৰি বাহিৰলৈ ওলোৱাৰ অভ্যাস কৰিব লাগে আৰু যিমান পৰা যায় সিমান মানুহৰ সৈতে কথ-বতৰা পাতিব লাগে। যিমান বেছি মানুহৰ সৈতে কথা পতা যায় সিমান সংকোচ দূৰ হ'ব। অৱশ্যে ইয়াৰ প্ৰতিকাৰৰ বাবে চিকিৎসকৰ ওচৰলৈ গৈ কগনিটিভ বিহেভিয়াৰেল থেৰাপী (Cognitive Behavioural Therapy)ও গ্ৰহণ কৰিব পাৰে। এই থেৰাপী অতি উপকাৰী।

অতি জটিল পৰিস্থিতি হ'লে কিছুমান দৰৱো চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। তদুপৰি গ্ৰেজুৱেটেড এক্সপোজাৰ থেৰাপী (Graduated exposure therapy) ব্যৱহাৰ কৰিব পাৰে য'ত ৰোগীজনক কিছুক্ষেত্ৰত বলপূৰ্বকভাৱে ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰোৱা হয়।
Published by: Manjumoni Borah
First published: July 19, 2021, 5:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি