অসমত আকৌ লকডাউন হ’ব নেকি? দ্ৰুত গতিত বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ। শুকুৰবাৰে দিনটোত নতুনকৈ আক্ৰান্ত হ’ল ৬৩ জন।

News18 Assam | News18-Assam
Updated:April 3, 2021, 12:16 AM IST
অসমত আকৌ লকডাউন হ’ব নেকি? দ্ৰুত গতিত বাঢ়িছে ক’ৰোনাৰ সংক্ৰমণ। শুকুৰবাৰে দিনটোত নতুনকৈ আক্ৰান্ত হ’ল ৬৩ জন।
শুকুৰবাৰে দিনটোত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত ৬৩ জন লোক। বিগত ১২ দিনত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত ৫৫৭ গৰাকী লোক। ১২ দিনত ক’ৰোনাত আক্ৰান্ত হৈ ৭ জনৰ মৃত্যু

শুকুৰবাৰে দিনটোত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত ৬৩ জন লোক। বিগত ১২ দিনত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত ৫৫৭ গৰাকী লোক। ১২ দিনত ক’ৰোনাত আক্ৰান্ত হৈ ৭ জনৰ মৃত্যু

  • Share this:
নতুন শিক্ষাবৰ্ষৰ আৰম্ভণি আৰু ৰঙালী বিহুৰ বতৰৰ মাজতে অশনি সংকেত দিছে ক’ৰোনাৰ সংক্ৰমণে। প্ৰতিদিনেৰাজ্যত বৃদ্ধি পাব ধৰিছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে দিনটোত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হ’ল ৬৩ জন লোক।

১ এপ্ৰিলৰ পৰা আৰম্ভ হৈছে নতুন শিক্ষাবৰ্ষ। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক এতিয়া দিনে নিশাই দুশ্চিন্তাত কটাবলগীয়া হৈছে। বিদ্যালয়ত পূৰ্ণোদ্যমে আৰম্ভ হৈছে পাঠদান। সমানে সমানে বাঢ়ি আছে ক’ৰোনাৰ সংক্ৰমণ। দেশৰ আন প্ৰান্তটো ক’ৰোনাৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱৰ বাবে শংকিত হৈছে অভিভাৱকসকল।

নতুনকৈ আক্ৰান্তসকলৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাতে আছে ২৮গৰাকী। ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ৭গৰাকী লোক। কামৰূপ গ্ৰাম্য আৰু শোণিতপুৰ জিলাত ৪গৰাকীকৈ লোক হৈছে আক্ৰান্ত।

বঙাইগাঁও, যোৰহাট, নগাঁও আৰু তিনিচুকীয়া জিলাত ৩ গৰাকীকৈ লোক ক’ৰোনাত আক্ৰান্ত হৈছে।

বিগত ১২ দিনত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈছে ৫৫৭ গৰাকী লোক। ১ এপ্ৰিলত আক্ৰান্ত হৈছিল ৫৮ গৰাকী, ৩১ মাৰ্চত  ৪৯ গৰাকী, ৩০ মাৰ্চত ৫৩ গৰাকী, ২৯ মাৰ্চত ৪০ গৰাকী, ২৮ মাৰ্চত ৪৮ গৰাকী, ২৭ মাৰ্চত ৪৬ গৰাকী, ২৬ মাৰ্চত ৩৭ গৰাকী, ২৫ মাৰ্চত ৪০ গৰাকী, ২৪ মাৰ্চত ৪১ গৰাকী, ২৩ মাৰ্চত ৫২ গৰাকী আৰু ২২ মাৰ্চত ৩০ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে।

আনহাতে এই ১২ দিনত ক’ৰোনাত আক্ৰান্ত হৈ ৭ জনৰ মৃত্যু হৈছে।

সকলোৰে মনত এটাই প্ৰশ্ন,  অসমত আকৌ লকডাউন হ’ব নেকি?
Published by: Manjumoni Borah
First published: April 3, 2021, 12:16 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি