உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Corona Vaccination: ৪৫ বছৰৰ ওপৰৰ সকলো লোকে ল'ব কৰিব কোৰোণা ভেকচিন, পিছে কেতিয়াৰ পৰা?

    Corona Vaccination: ৪৫ বছৰৰ ওপৰৰ সকলো লোকে ল'ব কৰিব কোৰোণা ভেকচিন, পিছে কেতিয়াৰ পৰা?

     ১ এপ্ৰিলৰ পৰা দেশত ৪৫ উৰ্ধ্বৰ সকলো নাগৰিকেই ল'ব পাৰিব কোৰোণাৰ ভেকচিন।

     ১ এপ্ৰিলৰ পৰা দেশত ৪৫ উৰ্ধ্বৰ সকলো নাগৰিকেই ল'ব পাৰিব কোৰোণাৰ ভেকচিন।

     ১ এপ্ৰিলৰ পৰা দেশত ৪৫ উৰ্ধ্বৰ সকলো নাগৰিকেই ল'ব পাৰিব কোৰোণাৰ ভেকচিন।

    • Share this:
    দেশত আকৌ বাঢ়িছে কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ সংক্ৰমণৰ দিশটোলৈ লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে বহুকেইটা নতুন পদক্ষেপ। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে,  অহা ১ এপ্ৰিলৰ পৰা ৪৫ বছৰৰ ওপৰৰ সকলো লোকেই ল'ব কৰিব কোৰোণা ভেকচিন। যদিও ইয়াৰ পূৰ্বে ৪৫ বছৰৰ উৰ্ধ্বৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকসকলকহে এই টিকাকৰণৰ সুবিধা প্ৰদান কৰা হৈছিল। কিন্তু এতিয়াৰে পৰা ৪৫ উৰ্ধ্বৰ সকলো লোকেই কোৰোণাৰ ভেকচিন ল'ব পাৰিব।

    পিছে কোৰোণাৰ ভেকচিন ল'বলৈ আগবাঢ়িব লাগিব এনেদৰে?

    co-win2.0 পোৰ্টেলত কেনেকৈ পঞ্জীয়ন কৰিব ?

    • প্ৰথমে co-win2.0 এপ্লিকেশ্যন ব্যৱহাৰ কৰক বা www.cowin.gov.inত লগ ইন কৰক ৷

    • আপোনাৰ ম'বাইল নম্বৰ এণ্টাৰ কৰক আৰু  লাভ কৰা অটিপিৰ জৰিয়তে ৰেজিষ্টাৰ কৰক।

    • ইয়াৰ পিছতে আপুনি টিকাকৰণ পঞ্জীয়ন পৃষ্ঠাত নিজৰ ফটো আই ডি প্ৰুফৰ লগতে  আপোনাৰ নাম, বয়স, লিংগ তথ্য আৰু আই.ডি. প্ৰমাণ আপলোড কৰক।

    • ইয়াৰ পিছতে ৰেজিষ্টাৰ বুটামত ক্লিক কৰক।

    • পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত; চিষ্টেমে একাউণ্টৰ বিৱৰণ দেখুৱাব।

    • তাৰ পিছত Add More বুটামত ক্লিক কৰি এই ম'বাইল নম্বৰৰ সৈতে সম্পৰ্কিত আৰু তিনগৰাকী লোকক যোগ কৰিব পাৰিব ।

    • এপইণ্টমেণ্টৰ তথ্য প্ৰদান কৰা এটা বুটাম থাকিব।

    •  আপুনি আপোনাৰ পচন্দ অনুসৰি ৰাজ্য, জিলা, ব্লক আৰু পিন কোডৰ দ্বাৰা পচন্দৰ টিকাকৰণ কেন্দ্ৰটো বিচাৰ কৰক। য'ত তাৰিখ আৰু উপলব্ধতাৰ তথ্য থাকিব ।

    • Book বুটামত ক্লিক কৰক।

    •  এপইণ্টমেণ্ট এবাৰ বুক কৰাৰ পিছত, আপুনি এপইণ্টমেণ্টৰ এটা দিনৰ পূৰ্বে ইয়াক পুনৰ নিৰ্ধাৰণো কৰিব পাৰিব ।


    কেতিয়া আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া ?

    কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক কোভিদ১৯ টিকাকৰণ অভিযানত ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলক অন্তৰ্ভুক্ত কৰিবলৈ তাৎক্ষণিকভাৱে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়াৰ লগতে উল্লেখ কৰিছিল যে,  ১ এপ্ৰিলৰ পৰা co-win2.0 পোৰ্টেলয যোগে এই লোকসকলৰ পঞ্জীয়ন আৰম্ভ হ'ব ।

    কোনো প্ৰমাণপত্ৰৰ প্ৰয়োজন হ’ব নেকি ?

    "১ এপ্ৰিলৰ পৰা হ'বলগীয়া টিকাকৰণৰ বাবে ৪৫ৰ পৰা ৫৯ বছৰ বয়সৰ লোকসকলে কোনো ৰোগত আক্ৰান্ত হৈ থকাৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব নালাগে বুলি উল্লেখ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৷ লগতে তেওঁ কয় যে এই লোকসকলৰ পঞ্জীয়ন সম্ভৱ কৰিবলৈ co-win2.0 পৰ্টেলত প্ৰয়োজনীয় পৰিৱৰ্তন কৰা হৈছে।

    কেনেধৰণৰ চৰকাৰী আই.ডি. কাৰ্ড দেখুৱাব লাগিব ?

    আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপোৰ্ট, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, পেঞ্চন নথিপত্ৰ, বেংক/পোষ্ট অফিচ পাছবুক, এমজিএনৰেগা জব কাৰ্ড, এমপি/এমএলএ/এমএলচি কাৰ্ড, চৰকাৰী কৰ্মচাৰীসকলৰ সেৱা আইডি কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত জাৰি কৰা স্মাৰ্ট কাৰ্ড কেন্দ্ৰত দেখুৱাই টিকাকৰণ কৰিব পাৰিব ।
    Published by:Himangshu Bhuyan
    First published: