মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Covid-19: ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে পঢ়ক এই প্ৰতিবেদন ! এইসমূহ সতৰ্কতাৰ জৰিয়তেহে আপুনি সংক্ৰমণ মুক্ত হৈ থাকিব পাৰিব...

Covid-19: ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে পঢ়ক এই প্ৰতিবেদন ! এইসমূহ সতৰ্কতাৰ জৰিয়তেহে আপুনি সংক্ৰমণ মুক্ত হৈ থাকিব পাৰিব...

News18 Assam | News18-Assam
Updated:June 12, 2021, 3:38 PM IST
Covid-19: ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে পঢ়ক এই প্ৰতিবেদন ! এইসমূহ সতৰ্কতাৰ জৰিয়তেহে আপুনি সংক্ৰমণ মুক্ত হৈ থাকিব পাৰিব...
Image Credit Pexels/Cedric Fauntleroy

আপুনি বাহিৰলৈ যাওতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। জ্ঞাত বা অজ্ঞাতে আপুনি আপোনাৰ লগতে পৰিয়ালক যাতে সংক্ৰমিত নকৰে তাৰ প্ৰতিও ল'ব লাগিব সাৱধানতা।

  • Share this:
কোৰোণা ভাইৰাছৰ (Corona virus) আশংকা এতিয়াও মাৰ যোৱা নাই। ই দ্ৰুতগতিত মানুহক চিকাৰৰ লক্ষ্য কৰি লৈছে। এনে পৰিস্থিতিত এই সংক্ৰমণ (Infection) প্ৰতিৰোধ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। অলপ অসাৱধানতাই সহজে সংক্ৰমিত কৰিব পাৰে আপোনাক।

অৱশ্যে, এই মুহূৰ্তত বহুতো ৰাজ্যই লকডাউনৰ ক্ষেত্ৰত কিছু শিথিলতা দিয়াৰ লগে লগে মানুহে তেওঁলোকৰ কাম আৰু অত্যাৱশ্যকীয় বজাৰ আদিৰ বাবে ঘৰৰ পৰা ওলাই যাবলৈ আৰম্ভ কৰিছে। কিন্তু এইক্ষেত্ৰত আপুনি বাহিৰলৈ যাওতে সতৰ্কতা অৱলম্বন কৰিব লাগিব। জ্ঞাত বা অজ্ঞাতে আপুনি আপোনাৰ লগতে পৰিয়ালক যাতে সংক্ৰমিত নকৰে তাৰ প্ৰতিও ল'ব লাগিব সাৱধানতা। যদি আপুনি অত্যাৱশ্যকীয় সামগ্ৰী (Grocery Shopping) ক্ৰয় বা কাৰ্যালয়লৈ গৈছে তেন্তে আপুনি ল'ব লাগিব সাৱধানতা। আপোনাৰ সচেতনতাই কিদৰে আপোনাৰ লগতে পৰিয়ালক সুৰক্ষিত কৰি ৰাখিব সেই বিষয়ে জানো আহক...

জনসমাগমৰ পৰা আঁতৰত থাকক

প্ৰথমে ঘৰৰ পৰা ওলাই যোৱাৰ আগতে মাস্ক পিন্ধাটো নিশ্চিত কৰক। কোৰোণা প্ৰতিৰোধ কৰিবলৈ মাস্কক প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ অস্ত্ৰ বুলি গণ্য কৰিব পাৰি আৰু এই ক্ষেত্ৰত সাৱধান হৈ থাকিব। মাস্কে আপোনাৰ নাক আৰু মুখৰ জৰিয়তে ভাইৰাছ আপোনাৰ শৰীৰত প্ৰৱেশ কৰাত বাধা দিব। যদি আপুনি বজাৰ কৰিবলৈ গৈছে তেন্তে ভিৰ অথবা সমাগম হোৱা ঠাইৰ পৰা দূৰত অৱস্থান কৰক।

বাহিৰত বেছি সময় নকটাব

যদি বজাৰ কৰিবলৈ যায় বেছি সময় বাহিৰত নথকাৰ বাবে চেষ্টা কৰক। লগতে, যিমান সম্ভৱ সোনকালে বজাৰ কৰি ঘৰলৈ উভতি যাওক। আপুনি বাহিৰলৈ যোৱাৰ আগতে কি কিনিব লাগে তাৰ সম্পূৰ্ণ তালিকা প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ। আপোনাৰ বেগ আদি চেনিটাইজ কৰিবলৈ নাপাহৰিব।

হাত চেনিটাইজ কৰক

ঘৰৰ পৰা ওলাই যোৱাৰ আগতে আপুনি লগত এটা চেনিটাইজাৰ নিবলৈ নাপাহৰিব। সংক্ৰমণৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আপোনাৰ হাতত হেণ্ড গ্লভছো পিন্ধিব পাৰে। তাৰ পিছতহে ঘৰৰ পৰা ওলাই যাওক। লগতে সময়ে সময়ে আপোনাৰ হাত দুখন চেনিটাইজ কৰি থাকক।

মুখ স্পৰ্শ নকৰিব

কোৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ আপোনাৰ চকু, মুখ, নাক স্পৰ্শ নকৰিব। ইয়াৰ কাৰণ হৈছে যদি আপুনি সংক্ৰমিত বস্তু এটা স্পৰ্শ কৰিছিল ই আপোনাৰ হাতৰ জৰিয়তে আপোনাৰ মুখলৈ আহিব পাৰে আৰু ভাইৰাছটো আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। গতিকে এইটো কথা মনত ৰাখিব।

আপোনাৰ বাহনেৰে যাওক

যদি আপুনি কোৰোণা কালত ঘৰৰ পৰা বাহিৰলৈ যাব লাগে তেন্তে যিমান দূৰ সম্ভৱ ৰাজহুৱা পৰিবহণ ব্যৱহাৰ নকৰিব। যদি আপোনাৰ বাহন নাই তেন্তে কেব বা অটোৰে যাওক। এইটো সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

ঘূৰি অহাৰ পিছত কৰক এই কাম

এই সময়ত বাহিৰলৈ যোৱাটো ভয়-ভাবুকিতকৈও কোনোগুণে কম নহয়। যদি আপুনি কাম, কাৰ্যালয় বা বজাৰ আদিৰ বাবে ঘৰৰ পৰা ওলাই গৈছে, ঘৰলৈ ঘূৰি আহি প্ৰথমে ভালদৰে গা ধুই লওক। গা ধোৱাৰ পূৰ্বে ঘৰৰ একো বস্তুৱেই স্পৰ্শ নকৰিব আৰু ঘৰৰ মানুহৰ সৈতে সংস্পৰ্শলৈ নাহিব।
Published by: Kokil Sarma
First published: June 12, 2021, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি