নতুন বছৰক কিদৰে আদৰাৰ প্লেন কৰিছে? ঘৰতে বনাওক গৰম-গৰম চিকেন টণ্ডুৰি... জানি লওক

গ্ৰীল বা বাৰবিকিউ কৰাৰ যন্ত্ৰ হাতত নাথাকিলেও গেছতে বনাওক সোৱাদযুক্ত টণ্ডুৰি চিকেন।
গ্ৰীল বা বাৰবিকিউ কৰাৰ যন্ত্ৰ হাতত নাথাকিলেও গেছতে বনাওক সোৱাদযুক্ত টণ্ডুৰি চিকেন।
- News18 Assam
- Last Updated: January 1, 2021, 3:44 PM IST
টণ্ডুৰি চিকেন।
ল’কডাউনৰ ফলত কম বেছি পৰিমাণে সকলো লোকেই খাদ্য প্ৰস্তুত কৰিবলগীয়া হৈছিল। বা মাজে মাজে পাকঘৰত ব্যস্ত হৈ সময় পাৰ কৰিছিল। বিৰিয়ানীৰ পৰা আদি কৰি বিভিন্ন ৰেচিপি ঘৰতে প্ৰস্তুত কৰি বন্ধুমহলৰ মাজত চেফ উপাধিও লাভ কৰিছিল। নতুন বছৰৰ প্ৰথম দিনটোত ঘৰতে বনাওক চিকেন টণ্ডুৰি।
চিকেন লেগ পিচ ৪ টুকুৰা।
জলকীয়া গুৰি- ১ চামুচ, গালধী গুৰি আধা চামুচ, ধনীয়াৰ গুৰি- ১ চামুচ, নিমখীয়া সোৱাদযুক্ত গোলমৰিচৰ গুৰী আধা চামুচ, জিৰাৰ গুৰি ১ চামুচ, গৰম মচলা ১ চামুচ, আদা-নহৰু, নেমুৰ ৰখ-দুই দেটুল চামুচ, সামান্য ৰঙা ফুড কালাৰ।
তেল প্ৰয়োজন অনুসৰি আৰু বাটাৰ ১ চামুচ।
ম্যেৰিনেটৰ উপকৰণৰ সৈতে চিকেন লেগ পিচ কেইটা ভাল দৰে মঠি ফ্ৰীজত ৰাখি দিয়ক। প্ৰায় ৮ ঘণ্টা ফ্ৰীজত ৰাখক।
ফ্ৰিজৰ পৰা উলিওৱাৰ পিছত ৰুমৰ তাপ মাত্ৰাৰ সৈতে মিলি যোৱা পৰ্যন্ত অপেক্ষা কৰক। তাৰ পিছত ২ চামুচ তেলৰ সৈতে মুৰ্গীৰ মাংসৰ টুকুৰাবোৰ ভালদৰে মঠি লওক।
তাৰ পিছত সামান্য তেল বা বাটাৰত মুৰ্গীৰ লেগপিচ কেইটুকুৰা ভাজি লওক। প্ৰায় ১০ মিনিট ভাজিব লাগিব। তাৰ পিছত কিছু সময় ঢাকি ৰাখক। ঢাকোন আঁতৰাই পুনৰ
কিছু সময় ভাজি লওক। আৰু তেতিয়াই তণ্ডুৰিৰ ‘পুৰা’ ভাব আহিব।
স্মোকি ভাব আনিবলৈ কেইটুকুৰা মান কাঠৰ কয়লা গৰম কৰি তাৰ ওপৰত এটা বাটিত চিকেন লেগ পিচ কেইটুকুৰা ৰাখি ঢাকি ৰাখক। ধোৱা বাহিৰ হ’লেই আহিব স্মোকিং
ফ্লেভাৰ। ৫ মিনিটৰ পিছত খাওক গৰম গৰম টণ্ডুৰি!