স্তন্যপান কৰাই দিয়াটো অতি গুৰুত্বপূৰ্ণ কিয়নো কেঁচুৱাটোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী (healthy) বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা কিছুমান মহিলাই বিচাৰিলেও তেওঁলোকৰ সন্তানক স্তন্যপান কৰাব নোৱাৰে। ইয়াৰ কাৰণ হৈছে মাতৃৰ স্তন (Breast)য়ে পৰ্যাপ্ত গাখীৰ উৎপাদন কৰা নাই। ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ তথ্যই দেখুৱাইছে যে প্ৰায় ৭৫ শতাংশ নতুন মাতৃয়ে তেওঁলোকৰ কেঁচুৱাক স্তন্যপান কৰাবলৈ আৰম্ভ কৰে। কিন্তু কেইদিনমানৰ ভিতৰতে, আংশিক বা সম্পূৰ্ণৰূপে, স্তন্যপান বন্ধ হয়। স্তনত পৰ্যাপ্ত গাখীৰ উৎপাদন নোহোৱাৰ বাবে ই সচৰাচৰ হয়।
healthline.com প্ৰকাশিত বাতৰি অনুসৰি ঘৰুৱা প্ৰতিকাৰে মাতৃদুগ্ধ উৎপাদন কি বৃদ্ধি কৰিব পাৰে বৰ্ণনা কৰোঁ আহক।
কেইবাবাৰো স্তন্যপান কৰাব
মাতৃদুগ্ধ অধিক কৰিবলৈ, আপুনি আপোনাৰ নৱজাতকক দিনে ৮ ৰ পৰা ১২ বাৰ স্তন্যপান কৰাব লাগে। এনে কৰিলে অধিক গাখীৰ তৈয়াৰ কৰাত সহায় কৰিব। দৰাচলতে, যেতিয়া কেঁচুৱাটোৱে স্তন্যপান কৰায়, স্তনবোৰক গাখীৰ তৈয়াৰ কৰিবলৈ ট্ৰিগাৰ কৰা হৰমন বোৰ মুকলি কৰা হয়। যাক "লেট-ডাউন" ৰিফ্লেক্স বুলি কোৱা হয়। স্তনৰ পেশীবোৰ সংকুচিত হ'লে আৰু নলীবোৰৰ মাজেৰে গাখীৰ স্থানান্তৰ কৰিলে এই প্ৰতিক্ৰিয়া হয়। কেঁচুৱাটোৱে স্তন্যপান কৰাবলৈ আৰম্ভ কৰাৰ অলপ পিছতে এইটো হ'বলৈ আৰম্ভ কৰে। গতিকে আপুনি যিমানে স্তন্যপান কৰাব সিমানে গাখীৰ গঠনৰ প্ৰক্ৰিয়া ভাল হ'ব।
খোৱাৰ মাজত স্তন পাম্পৰ সহায় ল'ব
স্তন পাম্পৰ সহায় ললে আপুনি যেতিয়াই কেঁচুৱাটোক স্তন্যপান কৰায় তেতিয়াই মাতৃদুগ্ধ বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে, প্ৰথমে আপোনাৰ কেঁচুৱাক স্তন্যপান কৰাওক আৰু যেতিয়া সি মাজতে খোৱা বন্ধ কৰে, আপুনি স্তন পাম্পৰ সহায়ত গাখীৰ সংগ্ৰহ কৰক। বা কেঁচুৱাটোৱে স্তন্যপান কৰোৱাৰ পিছত স্তনত অলপ গাখীৰ এৰি দিলেও পাম্প কৰি প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিব পাৰে। ই গাখীৰ উৎপাদন উন্নত কৰাত সহায় কৰে।
দুয়োফালে স্তন্যপান কৰাব
সদায়ে কেঁচুৱাটোক দুয়োটা স্তনেৰে খুৱাব, যি অত্যাধিক গাখীৰ খোৱাৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰিব। ইয়াৰ বাবে, আপুনি প্ৰথমে কেঁচুৱাটোক এফালৰ পৰা খুৱাব লাগে আৰু যেতিয়া কেঁচুৱাটোৱে গাখীৰ খোৱাৰ প্ৰক্ৰিয়াটো লেহেম কৰে, আনফালৰ পৰা খুৱাবলৈ আৰম্ভ কৰিব লাগে। এনে কৰিলে গাখীৰ অধিক হোৱাত সহায় কৰে আৰু গাখীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি কৰে
ইয়াৰ সহায় ল'ব পাৰে
কানাডিয়ান স্তন্যপান ফাউণ্ডেচনৰ মতে, আপুনি মাতৃদুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ কিছুমান ঘৰুৱা সামগ্ৰী গ্ৰহণ কৰিব পাৰে। প্ৰথম নামটো হৈছে মেথি, যি এসপ্তাহৰ ভিতৰত আপোনাক দেখুৱাবলৈ আৰম্ভ কৰিব। আপুনি নহৰু, আদা, চফ, alfalfa আৰু milk thistle আদিৰ দৰে বস্তুৰ সহায় ল'ব পাৰে।
এই মিশ্ৰণটোৰ সহায় ল'ব পাৰে
মাতৃদুগ্ধ অধিক প্ৰচুৰ পৰিমাণে প্ৰস্তুত কৰিবলৈ আপুনি নিউয়ৰ্ক টাইমছত উল্লেখ কৰা এই পদ্ধতিটো অনুসৰণ কৰিব পাৰে। আপোনাক দহটা কাঠবাদাম, দহটা খেজুৰ, অকণমান কেশৰ, অকণমান আদা গুৰি আৰু অলপ ইলাচী গুৰিৰ প্ৰয়োজন হ'ব। প্ৰথমে বাদাম আৰু খেজুৰবোৰ ধুই ৰাতিটো তিয়াই ৰাখিব। তাৰ পিছত বাদামবোৰ বাকলি উলিয়াই দিয়ক আৰু খেজুৰৰ গুটিবোৰ আঁতৰ কৰক আৰু দুয়োটা উপাদান মিক্সাৰত একেলগে ৰাখক আৰু পেষ্ট এটা তৈয়াৰ কৰিবলৈ সেইবোৰ মিহিকৈ গুৰি কৰক। এতিয়া এই পেষ্টত ইলাচীগুৰি, আদা গুৰি আৰু কেশৰ মিহলি কৰক আৰু ইয়াক এগিলাচ কুহুমীয়া গাখীৰৰ সৈতে মিহলি কৰক আৰু ৰাতি শুবলৈ যোৱাৰ আগতে দৈনিক সেৱন কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|