বলীউড(Bollywood)ৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ (
Naseeruddin Shah) নিম'নিয়াত আক্ৰান্ত হৈছে। তেওঁক যোৱা ২ দিন ধৰি মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে য'ত তেওঁ চিকিৎসাধীন হৈ আছে। তেওঁৰ সৈতে তেওঁৰ পত্নী ৰত্ন পাঠক শ্বাহ আৰু সন্তান চিকিৎসালয়ত আছে। তথ্য অনুসৰি, অভিনেতাজন চিকিৎসাৰ পিছত কিছু সুস্থ হৈছে আৰু তেওঁৰ স্বাস্থ্য উন্নত হৈ আছে। তেওঁৰ মেনেজাৰে জনাইছে যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন আছিল। এতিয়া তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে।
![]()
photo- @Naseeruddin Shah instagra,
অভিনেতা নাছিৰুদ্দিন শ্বাহৰ আগত প্ৰবীণ অভিনেতা দিলীপ কুমাৰ(Dilip Kumar)ক মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অভিনেতাজনক উশাহ-নিশাহৰ অসুবিধাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
নাছিৰউদ্দিন শ্বাহে তুষাৰ কাপুৰৰ পৰৱৰ্তী ছবি 'মাৰিচ'ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তুষাৰক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব। ছবিখন ধ্ৰুৱ লাথাৰে পৰিচালনা কৰিব। তুষাৰে টুইটাৰৰ জৰিয়তে ছবিখনৰ বিষয়ে কৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|