যদি চকুৰে অস্পষ্ট দেখিছে তেন্তে ই সাধাৰণ কথা নহয়, ডায়েবেটিক ৰেটিনোপেথি (diabetic retinopathy)ও হ'ব পাৰে।
যদি চকুৰে অস্পষ্ট দেখিছে তেন্তে ই সাধাৰণ কথা নহয়, ডায়েবেটিক ৰেটিনোপেথি (diabetic retinopathy)ও হ'ব পাৰে।
৩৫-৪০ বছৰৰ পিছত চকুৰ দৃষ্টি শক্তি কমি অহাটো সাধাৰণ কথা বুলি ভবা হয়। মানুহে ভাবে যে বয়সৰ প্ৰভাৱৰ বাবে দৃষ্টি শক্তি কমিবলৈ ধৰে । আচলতে কেতিয়াবা এনে হোৱাৰ কাৰণ বেলেগ বেলেগ হ'ব পাৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি মতে, ডাঃ মল্লিকাৰ্জুন ভিজেই কয় যে যদি চকুৰ দৃষ্টি অস্পষ্ট হয়, ই ডায়েবেটিছৰ বাবেও হ'ব পাৰে। তেওঁ কয় যে প্ৰায়ে ডায়েবেটিছ থকা লোকসকলে চকুৰ বিষয়ে অভিযোগ কৰে। তেওঁলোকে পৰিষ্কাৰকৈ নেদেখা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ বেছিভাগ মানুহে এনে সমস্যাৰ বাবে চিকিৎসকৰ ওচৰলৈ নাযায়। তেওঁলোকে ভাবে যে এইটো বয়সৰ প্ৰভাৱ। ডাঃ মল্লিকাৰ্জুনে কয় যে ডায়েবেটিক ৰোগীসকলে চকুৰে অস্পষ্ট দেখাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে অনিয়ন্ত্ৰিত ৰক্ত শৰ্কৰাৰ স্তৰ ( blood sugar levels) । ই ৰেটিনাত থকা পাতল সংবেদনশীল কলাত উপনীত হোৱা ৰক্ত নলীবোৰ ক্ষতিগ্ৰস্ত কৰে। গতিকে এইটো গুৰুত্বপূৰ্ণ যে ডায়েবেটিছৰ ৰোগীসকলে সদায় ৰক্ত শৰ্কৰাৰ স্তৰ সন্তুলিত কৰি ৰাখিব লাগে।
ডায়েবেটিক চকু কেনেকৈ চিনাক্ত কৰিব-
ডায়েবেটিছৰ ফলত হোৱা চকুৰ সমস্যাক ৰেটিনোপেথি (diabetic retinopathy) বুলি কোৱা হয়। ইয়াৰ ফলত চকুৰ পেশী ফুলা (macular edema), ছানি ধৰা আৰু গ্লুকোমা (glaucoma) হ'ব পাৰে। ডাঃ মল্লিকাৰ্জুনে পৰামৰ্শ আগবঢ়াই কয় যে যে ডায়েবেটিক চকু ইয়াৰ কিছুমান প্ৰাৰম্ভিক লক্ষণৰ পৰা চিনাক্ত কৰিব পাৰি। এইবোৰ হৈছে অস্পষ্ট চকু, ৰং চিনাক্ত কৰাত অসুবিধা, নিশা দেখাত অসুবিধা, চকুৰ ওচৰত ডাঠ দাগ হোৱা ইত্যাদি। তেওঁ আৰু কয় যে কিছুমান ব্যৱস্থা গ্ৰহণৰ যোগেদি এইসমূহ সমস্যাৰ পৰা চকু দুটা উন্নত কৰিব পাৰি।
ডায়েবেটিক চকুৰ সমস্যাৰ পৰা কেনেদৰে বাচিব পাৰি ?
সদায়ে ৰক্ত শৰ্কৰা (Blood Sugar) পৰীক্ষা কৰিব আৰু ইয়াক নিয়ন্ত্ৰণত ৰাখিব। ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হোৱাৰ লগে লগে চকুৰ সমস্যা দেখা দিবলৈ আৰম্ভ কৰে।
যদি আপুনি ধূমপান কৰে, এই অভ্যাস আজিয়েই ত্যাগ কৰক কিয়নো ধূমপানে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে আৰু দৃষ্টিশক্তিৰ বাবেও ই অতি ক্ষতিকাৰক।
ব্যায়ামে কেৱল মেদবহুলতা হ্ৰাস নকৰে ই দৃষ্টিশক্তিও দ্ৰুত কৰে আৰু ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰে।
যদি আপুনি ডায়েবেটিছ ৰোগী, বছৰত এবাৰ চকু পৰীক্ষা কৰোৱাটো খুবেই জৰুৰী।
আপোনাৰ আহাৰত নিয়মিতভাৱে সেউজীয়া শাক-পাচলি আৰু আঁহযুক্ত খাদ্য অন্তৰ্ভূক্ত কৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|