• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ব'হাগৰ বিহুৰ আন এক পৰম্পৰা এশ এবিধ শাকৰ জুতি ল'লেনে? কিয় খোৱা হয় ১০১ বিধ শাক?

ব'হাগৰ বিহুৰ আন এক পৰম্পৰা এশ এবিধ শাকৰ জুতি ল'লেনে? কিয় খোৱা হয় ১০১ বিধ শাক?

ব'হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা ।

ব'হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা ।

ব'হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা ।

  • Share this:
সমগ্র অসমতে সর্বত্রে এতিয়া চলিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন । ৰঙালী বিহুক লৈ ব্যস্ততাৰ সীমা নােহােৱা হৈছে গাঁৱৰ জীয়ৰী - বােৱাৰী , ডেকা গাভৰুসকলৰ । এফালে যদি মাকোৰ শব্দ , আনফালে আকৌ ঢােল - পেঁপাৰ শব্দত ৰজনজনাইছে সমগ্ৰ ৰাজ্য । বিহু হৈছে কৃষিৰ লগত জড়িত উৎসৱ । এনে উৎসৱত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নােৱাৰা লােক পৰম্পৰা থাকে । কিন্তু সময়ৰ গতিত তথা আধুনিকতাৰ ধামখুমীয়াত এনেবােৰ লােক পৰম্পৰা চকুৰ সন্মুখতে হেৰাই যাবলৈ ধৰাত অসমীয়া সমাজখনৰ বাবে দুর্ভাগ্যজনক ।

ব'হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা । সাধাৰণতে ব'হাগৰ বিহুৰ বতৰত খােৱা এনে শাকৰ ঔষধি গুণে জ্বৰ , কাহ , চর্দি আদিৰ উপশম ঘটায় বুলি অসমীয়া সমাজত জনবিশ্বাস আছে । উজনি অসমৰ লগতে নামনি অসমত এনে এশ এবিধ শাক খােৱাৰ প্ৰচলন বিদ্যমান । ব'হাগ মাহত মহিলাসকলে মূৰত শৰাই লৈ গীত গাই পথাৰত শাক তুলিব যায় আৰু এটুকুৰা ঠাইত থাপনা পাতি চাকি বন্তি জ্বলাই চেনি আৰু নিমখৰ নৈবেদ্যৰে নাম-কীর্তন কৰি আনন্দ উল্লাসেৰে শাক তুলিব ধৰে । এই এশ এবিধ শাক ঠাই বিশেষে বেলেগ বেলেগ।ব’হাগ মাহৰ যিকোনাে এটা দিনত এই এশ এবিধ শাক খোৱাৰ পৰম্পৰা এটা আছে । কোনাে কোনাে ঠাইত গৰু বিহুৰ দিনাখন সন্ধিয়া এনে বনৌষধি শাক খােৱা হয় । সাধাৰণতে সহজতে পােৱা শাকেই ব্যৱহাৰ কৰা হয় ।

সহজতে লাভ কৰা এনে শাক কিছুমান হ’ল জাতিলাউ , বেঁকীয়া , চেংমৰা , ভাত মেটেকা , বিহলঙণি , বৰপুৰৈ , লাচকচি , মধুৰি , মৰাণ আদা , কলা শিমলু , চাংগুৰি টেঞ্জ , মধুসালেং , লৰবৰুৱা , ধুটনি , হেলচি শাক , ৰঙালাউ , কলমৌ , মেচাকি , কচলু , মেজেঙা , কোমােৰা কাবৰি , বালি চাপৰি , লফা , চুটিয়া , পালেং , লাই শাক , মেমধু , চলাপালেং , খুতুবা , মাটিমাহ , বেঙেনা , কেৰেলা , জালুক , ভেকুৰী , জিকা , ধুন্দুলি , ভােল , বিলাহী , ভাতকেৰেলা , কলিয়াকচু , দাদাহক , নীলকণ্ঠ , চা , কৰ্শলা বন , জেটুলিপকা , দীঘলতি , জেকা , আনাৰস , দুৱৰি , তুলসী , বৰ মানিমুণি , সৰুমানিমুণি , কুকুৰে মতা , মানভােগ , পনৌনােৱা , তিতাবাহেক , পিকনিবৰুৱা , কৈ - কৈ টেঙা , বনি লতা , উচ্চ , ভেদাইলতা , হেটভেদালি , গান্ধ বিৰিণা , খেৰেজু , বহমথুৰি , তিল , তেতেলি , কেহৰাজ , শেলুক , কেহেৰু , বেতগাজ , তংলতি , সেউতি , তগৰ , খৰিকাজাই , পাৰিজাত , বকুল , কণ্ঠনা , নাহৰ , কপৌফুল , কেক্কেী , চিংৰা , দ্রোণফুল , কেঁতুৰী , লং , গুৱামানি , পদুম , ফুটুক , আদা , এডালিয়া কচু , কচু , বিৰিণা , বছ , মাধেলতা ইত্যাদি । শাকসমুহৰ সলনি অন্য শাকো ব্যৱহাৰ কৰে বহুতে ।

অসমীয়া সমাজত চলি অহা এনে লােক পৰম্পৰাই সংস্কৃতিক জীয়াই ৰখাৰ লগতে ই ঐতিহ্যও বহন কৰে।ঐতিহ্য বহনকাৰী পৰম্পৰাগতভাৱে চলি অহা লােক কৃষ্টিৰ বিধৰ আদৰ ক্ৰমাৎ কমি যাব ধৰাতাে অসমীয়া সমাজখনৰ বাবে ক্ষতিকৰ । এনেবােৰ কৃষ্টি যদি আমিবােৰে ধৰি ৰাখিবলৈ যত্ন নকৰো , তেন্তে অসমীয়াৰ কৃষ্টি বুলি কি থাকিবগৈ ই আজিৰ তাৰিখত এক  ডাঙৰ  প্ৰশ্ন হৈ পৰিছে ।
Published by:Kokil Sarma
First published: