মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কোৰোণাৰ তৃতীয় ঢৌত ভেকচিনে কিমানদূৰ সুৰক্ষিত কৰিব আপোনাক?

কোৰোণাৰ তৃতীয় ঢৌত ভেকচিনে কিমানদূৰ সুৰক্ষিত কৰিব আপোনাক?

News18 Assam | News18-Assam
Updated:June 1, 2021, 4:33 PM IST
কোৰোণাৰ তৃতীয় ঢৌত ভেকচিনে কিমানদূৰ সুৰক্ষিত কৰিব আপোনাক?
দেশত বৰ্তমান কোভিশ্বিল্ড (Covishield), স্পুটনিক-ভি (Sputnik-V), আৰু কোভাক্সিন (Covaxin)ভেকচিন প্ৰদানৰ ক্ষেত্ৰতহে অনুমতি আছে।

দেশত বৰ্তমান কোভিশ্বিল্ড (Covishield), স্পুটনিক-ভি (Sputnik-V), আৰু কোভাক্সিন (Covaxin)ভেকচিন প্ৰদানৰ ক্ষেত্ৰতহে অনুমতি আছে।

  • Share this:
ভাৰতত কোভিড–১৯ৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনত ইতিমধ্যে ভেকচিন গ্ৰহণ কৰা লোকৰ সংখ্যাই অতিক্ৰম কৰিছে ২১ কোটিৰ ঘৰ। অৱশ্যে ভেকচিনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা, দুয়োটা পালি গ্ৰহণৰ মাজৰ ব্যৱধানসহ বহুতো প্ৰশ্ন আছে, যিবোৰৰ বিষয়ে সাধাৰণ মানুহৰ লগতে বিশেষজ্ঞসকলো সম্পূৰ্ণৰূপে অৱগত নহয়। দেশত বৰ্তমান কোভিশ্বিল্ড (Covishield), স্পুটনিক-ভি (Sputnik-V), আৰু কোভাক্সিন (Covaxin)ভেকচিন প্ৰদানৰ ক্ষেত্ৰতহে অনুমতি আছে। অৱশ্যে চৰকাৰে বহুতো বিদেশী ভেকচিন নিৰ্মাণকাৰী সংস্থাৰ সৈতেও অব্যাহত ৰাখিছে যোগাযোগ।

জানো আহক ভেকচিন গ্ৰহণৰ পিছত কেতিয়ালৈকে থাকিব ৰোগ প্ৰতিৰোধ ক্ষমতা? প্ৰকাৰবোৰৰ প্ৰভাৱ কি হ'ব -

প্ৰশ্ন - টিকাকৰণৰ পিছত কিমানদিনৰ ভিতৰত গঢ়ি উঠে ৰোগ প্ৰতিৰোধ ক্ষমতা?

উত্তৰ - বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) চিকিৎসক কেথেৰিন অ'ব্ৰায়েনে কয় যে প্ৰথম পালিৰ প্ৰায় ২ সপ্তাহৰ ভিতৰত এক সুন্দৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ আৰম্ভ হয়। আনহাতে, দ্বিতীয় পালিৰ পিছত ৰোগ প্ৰতিৰোধ সঁহাৰি দ্ৰুত হয়। তাৰ পিছত ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু অধিক শক্তিশালী হয়।

প্ৰশ্ন - ভেকচিনৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান দিন থাকে?
উত্তৰ - বিজ্ঞানীসকলৰ মতে, ভেকচিনৰ দুয়োটা পালিৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ম্যাদ সম্পৰ্কীয় কোনো কথা স্পষ্ট নহয়। ডাঃ কেথেৰিনে কৈছে যে ভেকচিন গ্ৰহণ কৰাৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা কিমান দিন চলিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। তেওঁ এইটোও উল্লেখ কৰিছে যে এইটো স্পষ্ট কৰিবলৈ কিছু সময় লাগিব।

প্ৰশ্ন - ফাইজাৰ আৰু মডাৰ্ণাই কিমান দিন কাম কৰিব?

উত্তৰ - এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, ফাইজাৰ ভেকচিন অতিকমেও ৬ মাহ বা অধিক সময়ৰ বাবে কাৰ্যকৰী হৈ থাকে। একেদৰে, মৰ্ডাণাৰ ক্ষেত্ৰতো দ্বিতীয় পালিৰ পিছত ৬ মাহৰ বাবে এণ্টিবডী পোৱা গৈছে। ভাৰতত কোভিশ্বিল্ড প্ৰয়োগ কৰাৰ পিছত ৰোগ প্ৰতিৰোধ সঁহাৰি এবছৰ বা অধিক সময়ৰ বাবে অব্যাহত থাকিব পাৰে। তেওঁ কৈছিল 'এই মুহূর্তত, আমি ক'ব নোৱাৰো, কিন্তু Oxford ChAdOx1 প্ৰযুক্তি ব্যৱহাৰ কৰা এটা ভেকচিনে এক ৰোগ প্ৰতিৰোধ সঁহাৰি প্ৰস্তুত কৰিব পাৰে যি এবছৰ বা অধিক সময় ধৰি থাকিব পাৰে।'

প্ৰশ্ন - নতুন ভেৰিয়েণ্টতকৈ কম হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা?
উত্তৰ - খবৰ পোৱা গৈছিল যে কোৰোণাৰ ভেৰিয়েণ্টৰ বিৰুদ্ধে ভেকচিন প্ৰভাৱিত হৈছে। বিজ্ঞানীসকলে কৈছে যে দুটা পালিৰ পিছত তৃতীয় বুষ্টাৰ ড'জৰ প্ৰয়োজন হ'ব। ভেকচিন নিৰ্মাতা ভাৰত বায়'টেকে বুষ্টাৰ ড'জৰ বাবে ইতিমধ্যে পৰীক্ষণ আৰম্ভ কৰিছে। পৰীক্ষণত দ্বিতীয় পালি প্ৰাপ্ত কৰা ব্যক্তিজনক ৬ মাহৰ পিছত বুষ্টাৰ দিব লাগিব। পৰীক্ষণটো ২০২০ চনৰ ছেপ্টেম্বৰ আৰু অক্টোবৰত হৈছিল। আনহাতে, নিউয়ৰ্ক টাইমছত প্ৰকাশিত দুটা প্ৰতিবেদনত কোৱা হৈছে যে কোৰোণা ভাইৰাছৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা এবছৰৰ বাবে থাকে। একে সময়তে, টিকাকৰণৰ পিছত এইটোৰ সময়সীমা হ্ৰাস হোৱাৰো সম্ভাৱনা আছে। ইয়াৰ অৰ্থ হৈছে যে কোভিড–১৯ৰ পৰা আৰোগ্য হোৱা ৰোগী বা সম্পূৰ্ণৰূপে টিকাকৰণ কৰা ব্যক্তি এজনক বুষ্টাৰ ড'জৰ প্ৰয়োজন নহয়।
Published by: Sanjay Kumar Das
First published: June 1, 2021, 4:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি