• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • কেতিয়া, কেনেকৈ আৰু ক’ত লগাব কোৰোণাৰ ভেকচিন? জানক প্ৰতিটো প্ৰশ্নৰ উত্তৰ

কেতিয়া, কেনেকৈ আৰু ক’ত লগাব কোৰোণাৰ ভেকচিন? জানক প্ৰতিটো প্ৰশ্নৰ উত্তৰ

কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে দেশত সকলোকে ফ্ৰীত কোৰোণাৰ ভেকচিন লগোৱা হ’ব।

কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে দেশত সকলোকে ফ্ৰীত কোৰোণাৰ ভেকচিন লগোৱা হ’ব।

কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিছে যে দেশত সকলোকে ফ্ৰীত কোৰোণাৰ ভেকচিন লগোৱা হ’ব।

  • Share this:
দনতুন দিল্লীঃ কেন্দ্ৰৰ দ্বাৰা কোৰোণা ভাইৰাছৰ দুটা ভেকচিনক মঞ্জুৰি দিয়াৰ পিছত চৰকাৰে দেওবাৰে তিনিটা খণ্ডৰ এটা ভিডিও টুইট কৰিছে। এই ভিডিওত টীকাকৰণ কাৰ্যসূচীত প্ৰায়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰা ভিডিওটোত এইমছৰ ডায়ৰেক্টৰ ৰণদীপ গুলেৰিয়াই টীকাকৰণ কাৰ্যসূচীৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰিছে। কোৰোণা ভেকচিনক লৈ প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ দিয়া হৈছে।

কোৰোণা ভাইৰাছৰ ভেকচিনৰ টীকাকৰণ কেতিয়া আৰম্ভ হ’ব?

কেন্দ্ৰ চৰকাৰৰ দ্বাৰা ভেকচিনৰ মঞ্জুৰি দিয়াৰ পিছতেই টীকাকৰণৰ কাৰ্যসূচী আৰম্ভ হ’ব পাৰে। ক’ভিশ্বীল্ড আৰু কভাক্সিনক ড্ৰাগ কন্ট্ৰ’লাৰ অৱ ইণ্ডিয়াই মঞ্জুৰি প্ৰদান কৰিছে।

সকলোকে একেলগে টীকা লগোৱা হ’ব নে কি?

কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে সৰ্বপ্ৰথমে স্বাস্থ্য কৰ্মী আৰু ফ্ৰণ্টলাইন ৱৰ্কাৰসকলক টীকা লগোৱা হ’ব। ইয়াৰ পিছত ৫০ বছৰৰ ওপৰৰ গম্ভীৰ ৰোগীসকলক টীকা লগোৱা হ’ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ কোৰোণা ভেকচিনৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত ল’ব।

ভেকচিন লোৱাটো বাধ্যতামূলক নে কি?
কোৰোণা ভাইৰাছৰ ভেকচিন লগোৱা স্বেচ্ছামূলক হয়। অৱশ্যে কোৰোণা ভাইৰাছৰ ভেকচিনৰ চিডিউল সম্পূৰ্ণ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

কোৰোণা ভাইৰাছৰ ভেকচিনৰ কিমান ড’জ ল’ব লাগিব আৰু কিমান দিনৰ গেপ থাকিব?

ভেকচিনৰ দুটা ড’জৰ মাজত ২৮দিনৰ গেপ ৰখা প্ৰয়োজনীয়। ইয়াৰ প্ৰতি লক্ষ্য ভেকচিন লগোৱা সকলোৱে ৰাখিব লাগিব।

শৰীৰত এণ্টিবডী কেতিয়া প্ৰস্তুত হ’ব?

কোৰোণা ভাইৰাছৰ দ্বিতীয়টো ড’জ লোৱাৰ দুসপ্তাহ পিছত সাধাৰণতে শৰীৰত সুৰক্ষামূলক এণ্টিবডী বিকশিত হয়।

কোৰোণা ভাইৰাছৰ ভেকচিনৰ সম্ভাৱিত চাইড এফেক্ট কি?

সাধাৰণতে ভেকচিনৰ চাইড এফেক্ট অনুসৰি পাতলীয়া জ্বৰ আৰু সামান্য গাৰ বিষ হয়। কেন্দ্ৰ চৰকাৰে ৰাজ্যসমূহত কোৰোণাৰ ভেকচিনৰ চাইড এফেক্টৰ কাৰণে সাজু থাকিবলৈ কৈছে।

বহুকেইটা উপলব্ধ ভেকচিনৰ ভিতৰত টীকাকৰণৰ কাৰণে ভেকচিনৰ বাচনি কেনেকৈ হ’ল?

ড্ৰাগ ৰেগুলেটৰে ভেকচিনৰ ক্লিনিকেল ডাটাৰ পৰীক্ষা কৰে আৰু গভীৰ অধ্যয়নৰ পিছত কোম্পানীক জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ কাৰণে মঞ্জুৰি দিছে। মঞ্জুৰি প্ৰাপ্ত ভেকচিন সম্পূৰ্ণৰূপে প্ৰভাৱী আৰু সুৰক্ষিত। উল্লেখ্য যে, এটা ভেকচিনৰ টীকা লগোৱা পিছত চিডিউল পূৰা কৰা হ’ব। এজন ব্যক্তিয়ে টীকা লগোৱাৰ পিছত ভেকচিন পৰস্পৰৰ সৈতে সলনি কৰিব পৰা নাযায়।

মই কেনেকৈ গম পাম যে মই ভেকচিন লগাব পাৰো?

প্ৰাৰম্ভিক চৰণত কোৰোণাৰ ভেকচিন লক্ষ্য গ্ৰহণ কৰা সমূহক প্ৰদান কৰা হ’ব। যোগ্য প্ৰাৰ্থীক ম’বাইলত মেচেজ পঠিওৱা হ’ব। ইয়াৰ জৰিয়তে তেওঁক টীকা চেণ্টাৰ আৰু সময়ৰ তথ্য প্ৰদান কৰা হ’ব। এই সম্পূৰ্ণ প্ৰক্ৰিয়া ৰেজিষ্ট্ৰেশ্যনত যাতে কোনো বাধা নাহে তাৰ কাৰণে কৰা হ’ব।

বিনা ৰেজিষ্ট্ৰেশ্যনৰে টীকা লগোৱাব পাৰিব নে?

নহয়, টীকাকৰণৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন অনিবায্য

ভেকচিনৰ টীকা লগাবলৈ কি নথি–পত্ৰৰ প্ৰয়োজন হ’ব?

কোৰোণা ভাইৰাছৰ ভেকচিনৰ টীকা লগাবলৈ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ড্ৰাইভিং লাইচেন্স, হেলথ ইন্সুৰেন্স স্মাৰ্ট কাৰ্ড, পেন কাৰ্ড, পাচবুক, পাচপ’ৰ্ট, চাৰ্ভিচ আই ডি বা ভোটাৰ কাৰ্ড দেখুৱাব লাগিব পাৰে।

যদি মোৰ ওচৰত ফটো পৰিচয় পত্ৰ নাই?

টীকা লগাবৰ কাৰণে ব্যক্তিজনে ৰেজিষ্ট্ৰশ্যন আৰু ভেৰিফিকেচনৰ সময়ত ফটো আইডি প্ৰস্তুত কৰাটো প্ৰয়োজনীয়।

টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰালৈকে মই আপডেট পাম নে?

হয়, কোৰোণা ভাইৰাছৰ টীকা লগাবলৈ ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপুনি প্ৰতিটো তথ্য ম’বাইলত এছএমএছৰ জৰিয়তে লাভ কৰিব। যেনে দ্বিতীয়টো টীকা কেতিয়া দিয়া হ’ব আৰু কেনেকৈ আপুনি ক্যু আৰ ক’ড আধাৰিত চাৰ্টিফিকেট লাভ কৰিব?

কোৰোণা পজিটিভ ব্যক্তি এজনে ভেকচিন ল’ব পাৰিব নে?

সংক্ৰমিত ব্যক্তি এজনৰ পৰা টীকাকৰণ চেণ্টাৰত সংক্ৰমণৰ আশংকা থাকে। লগতে এইটো গম পোৱা নাযায় যে এনে পৰিস্থিতিত ভেকচিনৰ প্ৰভাৱ কিমান হ’ব পাৰে। এই কাৰণেই পজিটিভ ব্যক্তি কমেও ১৪দিন অপেক্ষা কৰিব লাগিব যাতে তেওঁৰ শৰীৰৰ পৰা কোৰোণাৰ লক্ষণ সমাপ্ত হৈ পৰে।

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ওলাই অহা ব্যক্তিৰ কাৰণে ভেকচিন লগোৱাটো কিমান জৰুৰী?

হয়, পৰামৰ্শ এইটো যে কোৰোণা ভাইৰাছৰ ভেকচিনৰ চিডিউল সম্পূৰ্ণ কৰে যেন। এই কথাটোলৈ গুৰুত্ব দিব নালাগে যে আপুনি কোৰোণা পজিটিভ হয়। ভেকচিনৰ এই টীকা লগোৱাৰ পিছত আপুনি উন্নত প্ৰতিৰক্ষা তন্ত্ৰ গঢ়াত সহায় পাব।

কেন্সাৰ, চুগাৰ আৰু হাইপাৰটেনশ্যনৰ দৰৱ খাই থকা লোকে ভেকচিনৰ ড’জ ল’ব পাৰিব নে?

হয়, গম্ভীৰ ৰোগৰ ৰোগীৰ কাৰণে ভেকচিনৰ টীকা লগোৱাটো গুৰুত্বপূৰ্ণ। কিয়নো এইসকল লোক হাইৰিস্ক গ্ৰুপত আহে। লগতে এই কথা জনাটো দৰকাৰ যে দৰৱ খোৱাক লৈ ভেকচিনৰ প্ৰভাৱত কোনো প্ৰতিক্ৰিয়া নহয়।

টীকাকৰণ কেন্দ্ৰত মানিবলগীয়া আৰু কোনো পৰামৰ্শ আছে নে কি?

হয়, ভেকচিন লগোৱাৰ পিছত মানুহক অনুৰোধ কৰিব লাগে যে আধাৰ পৰা এঘণ্টালৈকে আৰাম কৰে যাতে। যদি কোনো সমস্যাৰ সন্মুখীন হৈছে তেনেহ’লে তাৎক্ষণিকভাৱে প্ৰশাসনক অৱগত কৰক যাতে তেওঁলোকে আপোনাক সহায় কৰিব পাৰে।

ইমান কম সময়ত বিকশিত আৰু পৰীক্ষা কৰা ভেকচিন সুৰক্ষিত নে?

ভাৰতত ভেকচিনক তেতিয়াহে মঞ্জুৰি দিয়া গৈছে যেতিয়া ড্ৰাগছ কন্ট্ৰ’লাৰ অৱ ইণ্ডিয়াই ইয়াৰ সুৰক্ষিত আৰু প্ৰভাৱী হৈ থকাৰ বিষয়ে মঞ্জুৰি দিয়ে। ভেকচিনক মঞ্জুৰি দিবলৈ ষ্টেণ্ডাৰ্ড প্ৰট’কলৰ পালন কৰা হয়।
First published: