ACৰ পৰিৱৰ্তে Radiant Coolingৰ ব্যৱহাৰে হ্ৰাস কৰিব পাৰে শক্তিৰ ব্যৱহাৰৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ

News18 Assam | News18-Assam
Updated:April 23, 2021, 12:53 PM IST
ACৰ পৰিৱৰ্তে Radiant Coolingৰ ব্যৱহাৰে হ্ৰাস কৰিব পাৰে শক্তিৰ ব্যৱহাৰৰ লগতে ক’ভিড-১৯ৰ সংক্ৰমণ
শীতল পেনেলৰ এক নতুন প্ৰণালী যিয়ে শীত তাপ (air conditioning) নিয়ন্ত্ৰণ সলনি কৰিব পাৰে, ইনড'ৰ ৰোগ সংক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে, এক নতুন গৱেষণাই পৰামৰ্শ এই পৰামৰ্শ দিছে।

শীতল পেনেলৰ এক নতুন প্ৰণালী যিয়ে শীত তাপ (air conditioning) নিয়ন্ত্ৰণ সলনি কৰিব পাৰে, ইনড'ৰ ৰোগ সংক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে, এক নতুন গৱেষণাই পৰামৰ্শ এই পৰামৰ্শ দিছে।

  • Share this:
শীতল পেনেলৰ এক নতুন প্ৰণালী যিয়ে শীত তাপ (air conditioning) নিয়ন্ত্ৰণ সলনি কৰিব পাৰে, ইনড'ৰ ৰোগ সংক্ৰমণৰ আশংকা হ্ৰাস কৰাত সহায় কৰিব পাৰে, এক নতুন গৱেষণাই এই পৰামৰ্শ দিছে। ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ (UBC) গৱেষকৰ এটা দলে বিশ্বৰ আটাইতকৈ জনবহুল চহৰৰ ৬০ খনত ক’ভিড-১৯ৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত বায়ু চলাচলৰ সৈতে শীততাপ নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা গণনা কৰিছিল। তাৰ পিছত, তেওঁলোকে শক্তিৰ ব্যয়ক শীতল পেনেল আৰু প্ৰাকৃতিক বায়ু চলাচল ব্যৱহাৰ কৰি তেওঁলোকৰ শীতলকৰণ পদ্ধতিৰ সৈতে তুলনা কৰিছিল।

Applied Energyৰ ক’ভিড-১৯ সংস্কৰণত প্ৰকাশিত ফলাফলবোৰে দেখুৱাইছে যে বৈকল্পিক সমাধানে প্ৰয়োজনীয় শক্তিৰ ৪৫ শতাংশ লৈকে ৰাহি কৰিব পাৰে আৰু অট্টালিকাটোৰ অধিবাসীসকলক আৰামদায়ক আৰু কোঠাবোৰ পৰ্যাপ্ত ভাৱে সতেজ হোৱাটো নিশ্চিত কৰিব পাৰে। বহুতো ৰাজহুৱা স্বাস্থ্য নিৰ্দেশনা, লগতে নিৰ্মাণ উদ্যোগ সংস্থাসমূহে ক’ভিড-১৯ আৰু অন্যান্য ৰোগ সংক্ৰমণৰ আশংকা হ্ৰাস কৰাৰ বাবে অট্টালিকাবোৰত সতেজ, বাহিৰৰ বায়ুৰ প্ৰবাহ বৃদ্ধি কৰাৰ পৰামৰ্শ দিয়ে, UBCৰ স্থাপত্য আৰু লেণ্ডস্কেপ স্থাপত্য বিদ্যাৰ অধ্যাপক এডাম ৰাইচানেকে (Adam Rysanek) কয়।
"অৱশ্যে, যদি আমি ভিতৰৰ সতেজ বায়ুৰ হাৰ বৃদ্ধি কৰিবলৈ পৰম্পৰাগত HVAC প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি থাকোঁ, আমি প্ৰকৃততে শক্তি ব্যৱহাৰ দুগুণ কৰিব পাৰোঁ। এয়াই পৰম্পৰাগত HVACৰ প্ৰকৃতি," ৰাইচানেকে কৈছিল।

নতুন প্ৰকাৰৰ Radiant Cooling প্ৰণালীয়ে মানুহক বাহিৰত গৰম থাকিলেও তেওঁলোকৰ খিৰিকী খোলা ৰাখিবলৈ অনুমতি দিয়ে। এই বৈকল্পিক প্ৰণালীবোৰে পৰ্যাপ্ত পৰিমাণৰ তাপীয় আৰাম প্ৰদান কৰিব পাৰে, পৰিৱেশৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰাৰ সময়ত ৰোগৰ বিৰুদ্ধে সুৰক্ষা বৃদ্ধি কৰিব পাৰে।দলটোৱে ছিংগাপুৰৰ গৰম আৰু আৰ্দ্ৰ বতৰত তেওঁলোকৰ শীতলকৰণ প্ৰণালী প্ৰদৰ্শন কৰিছিল। তেওঁলোকে এটা ৰাজহুৱা পেভিলিয়ন নিৰ্মাণ কৰিছিল য'ত ঘনীকৰণ-প্ৰতিৰোধকাৰী আৱৰণৰ ভিতৰত আৱদ্ধ শীতল নলীৰ প্ৰণালী আছিল। ইয়াৰ ফলত আৱাসীসকলে মানৱ শৰীৰৰ চাৰিওফালে থকা বায়ুৰ তাপমাত্ৰা সলনি নকৰাকৈ আৰামদায়ক আৰু আনকি ঠাণ্ডা অনুভৱ কৰিব পাৰিছিল।
এই পৰীক্ষাটো টৰণ্টো, বেইজিং, মিয়ামি, মুম্বাই, নিউয়ৰ্ক আৰু পেৰিছত সম্পন্ন কৰা হ'ব - যিবোৰ অঞ্চলত গ্ৰীষ্মকালৰ সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰে।
যদিও শীতল পেনেল প্ৰণালী কেইবা দশক ধৰি চলি আহিছে, গৱেষণা দলটোৱে প্ৰস্তুত কৰা বিশেষ আৱৰণ যোগ কৰাটো সকলো জলবায়ুত পৰম্পৰাগত HVAC প্ৰণালীৰ বাবে বাণিজ্যিকভাৱে লাভজনক বিকল্প হিচাপে গঢ়ি তোলাৰ মূল চাবিকাঠি হ'ব পাৰে, ৰাইচানেকে উল্লেখ কৰে।
Published by: Kokil Sarma
First published: April 23, 2021, 12:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি