Pumpkin Seeds: ব্লাড প্ৰেছাৰৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈকে, জীৱনদায়িনী ৰঙালাউৰ গুটিৰ ৭টা সৰ্বশ্ৰেষ্ঠ গুণাগুণ

News18 Assam | News18-Assam
Updated:June 9, 2021, 2:35 PM IST
Pumpkin Seeds: ব্লাড প্ৰেছাৰৰ পৰা ডায়েবেটিছ নিয়ন্ত্ৰণলৈকে, জীৱনদায়িনী ৰঙালাউৰ গুটিৰ ৭টা সৰ্বশ্ৰেষ্ঠ গুণাগুণ
ৰঙালাউৰ বীজ ফছফৰাছ, মেগনেছিয়াম, আইৰন, জিংক, ক'পাৰ, ভিটামিন কে, প্ৰ'টিন, ফাইবাৰ, ফেটি এচিড, এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ।

ৰঙালাউৰ বীজ ফছফৰাছ, মেগনেছিয়াম, আইৰন, জিংক, ক'পাৰ, ভিটামিন কে, প্ৰ'টিন, ফাইবাৰ, ফেটি এচিড, এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ।

  • Share this:

 ৰঙালাউৰ বীজ বা গুটি (Pumpkin Seeds) দেখাত যিমানেই সৰু, সিমানেই বেছি ইয়াৰ পুষ্টিগত মূল্য (Nutritional Value)। আনকি আপুনি প্ৰতিদিনে ৰাতিপুৱাৰ আহাৰত এক চামুচকৈ খালেও ই আপোনাৰ শৰীৰৰ জিংক, মেগনেছিয়াম আৰু স্বাস্থ্যকৰ চৰ্বি যোগান পূৰণ কৰিব পাৰে। খনিজ পদাৰ্থ, ভিটামিন, উচ্চ আঁহেৰে সমৃদ্ধ এই বীজ শুকান ফলৰ (Dry Fruits) শ্ৰেণীত পৰে আৰু আমি সাধাৰণতে ইয়াক মিঠাই বা ব্যঞ্জন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰোঁ। কিন্তু ই স্বাস্থ্যৰ বাবে কোনোগুণে ঔষধতকৈ কম নহয়। হেল্পলাইনৰ প্ৰতিবেদন অনুসৰি, ই ফছফৰাছ, মেগনেছিয়াম, আইৰন, জিংক, কোপাৰ, ভিটামিন কে, প্ৰ'টিন, ফাইবাৰ, ফেটি এচিড, পটাছিয়াম, ভিটামিন বি–২ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ, যি আমাক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। ইয়াৰ লাভালাভবোৰৰ বিষয়ে জানো আহক–


১. ৰক্তচাপ নিয়ন্ত্ৰণ কৰে


ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত ৰঙালাউৰ বীজ বা গুটিত থকা মেংগানিজ, ক'পাৰ, জিংক আৰু ফছফৰাছে সহায় কৰে। ইয়াত থকা বহুতো খনিজ পদাৰ্থই তেজত নিমখৰ পৰিমাণ স্বাভাৱিক কৰে, যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ই ৰক্তস্ৰোতত থকা শৰ্কৰা শোষণ কৰে, ফলত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আহে।



২. শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখে


ৰঙালাউৰ বীজত উচ্চ আঁহ থাকে, যি আপোনাৰ পেট ভৰাই ৰাখে। ফলত আমাৰ ভোকৰ পৰিমাণ কমি থাকে আৰু আমি কমকৈ খাওঁ। কম খোৱাৰ ফলতেই শৰীৰৰ ওজন দ্ৰুতগতিত হ্ৰাস হ'ব পাৰে।


৩. মেটাবলিজিম বৃদ্ধি কৰে


ৰঙালাউৰ বীজে শৰীৰত মেটাবলিজিম বৃদ্ধি কৰে। হজম হ'বলৈ সময় লাগে আৰু পেট দীঘলীয়া সময়ৰ বাবে পূৰ্ণ হৈ থাকে। ইয়াৰ ব্যৱহাৰে হজম সম্পৰ্কীয় সমস্যাও আঁতৰ কৰে।



৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে


ইয়াত যথেষ্ট জিংক থাকে, যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰে। ৰঙালাউৰ বীজ গ্ৰহণে আমাক চৰ্দি, কাহ, জ্বৰ আৰু সকলো ধৰণৰ ভাইৰেল প্ৰভাৱৰ পৰা সুৰক্ষিত কৰি ৰাখে।


৫. ছুগাৰ বা ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে


ৰঙালাউৰ বীজৰ ইনছুলিনৰ পৰিমাণ সন্তুলিত কৰাৰ ক্ষমতাও আছে। ই ৰক্তস্ৰোতৰ শৰ্কৰা শোষণ কৰে, ফলত ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণলৈ আহে। ই ডাইজেচন প্ৰক্ৰিয়াটো লেহেম কৰে, যি তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে। তদুপৰি ই পেনক্ৰিয়াজক সঠিক পৰিমাণৰ ইনছুলিন প্ৰস্তুত কৰিবলৈ যথেষ্ট সময় দিয়ে। ৰক্ত শৰ্কৰাৰ স্তৰো স্বাভাৱিক হৈ পৰে।


৬. এণ্টিঅক্সিডেণ্ট সমৃদ্ধ


ইয়াত বহুতো এণ্টিঅক্সিডেণ্ট থাকে, যি আমাৰ ছালক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰে। ই যিকোনো ধৰণৰ প্ৰদাহক নিয়ন্ত্ৰণ কৰে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰে।


৭. হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে


ৰঙালাউৰ বীজ বা গুটিয়ে বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, যাৰ ফলত হৃদযন্ত্ৰ স্বাস্থ্যৱান হৈ থাকে আৰু যিকোনো ধৰণৰ ৰোগৰ পৰা আঁতৰত ৰাখে।

Published by: Gautam Barman
First published: June 9, 2021, 2:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি