মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Jackfruit Seed Benefits: যি ৫টা কাৰণত কঁঠালৰ গুটি খোৱাটো জৰুৰী, ৰক্তহীনতাৰ পৰা কেঞ্চাৰলৈ আছে নিদান

Jackfruit Seed Benefits: যি ৫টা কাৰণত কঁঠালৰ গুটি খোৱাটো জৰুৰী, ৰক্তহীনতাৰ পৰা কেঞ্চাৰলৈ আছে নিদান

News18 Assam | News18-Assam
Updated:August 23, 2021, 12:52 AM IST
Jackfruit Seed Benefits:  যি ৫টা কাৰণত কঁঠালৰ গুটি খোৱাটো জৰুৰী, ৰক্তহীনতাৰ পৰা কেঞ্চাৰলৈ আছে নিদান
কঁঠালৰ দৰে ইয়াৰ গুটিৰো থকা খাদ্যগুণে আপোনাক বহুক্ষেত্ৰত সহায় কৰে।

কঁঠালৰ দৰে ইয়াৰ গুটিৰো থকা খাদ্যগুণে আপোনাক বহুক্ষেত্ৰত সহায় কৰে।

  • Share this:

গ্ৰীষ্মকালত বিভিন্ন ধৰণৰ ফল থাকে। সাধাৰণতে এনে কিছু ফলৰ বিষয়ে আলোচনা কৰা নহয়, যি আপুনি নভবাধৰণৰ গুণেৰে ভৰপূৰ। এয়া হৈছে কঁঠালৰ গুটি। কঁঠালৰ দৰে ইয়াৰ গুটিৰো থকা খাদ্যগুণে আপোনাক বহুক্ষেত্ৰত সহায় কৰে।


কঁঠালৰ গুটিৰ গুণাগুণবোৰ কি?


(১) কঁঠাল গুটিত এনে গুণ থাকে, যি বিভিন্ন খাদ্যসামগ্ৰী একেলগে শৰীৰত প্ৰৱেশ কৰা বুলি ক'ব পাৰি। এই খাদ্যত কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন বি, প্ৰ'টিন সকলো উপলব্ধ। ৰক্তহীনতাৰ সমস্যা থাকিলে এই বীজ খোৱাটো অতি গুৰুত্বপূৰ্ণ।



(২) কঁঠালৰ গুটিত আঁহৰ পৰিমাণ যথেষ্ট বেছি। সেয়ে ই কলেষ্টেৰল হ্ৰাস কৰে। ই হজম কৰাতো সহায় কৰে। কঁঠালৰ গুটিবোৰে ওজন হ্ৰাস কৰাত সহায় কৰে, কিয়নো ই পাচন তন্ত্ৰ  মজবুত কৰে।


(৩) ডায়েবেটিচ থকা ৰোগীসকলৰ বাবেও এই বীজ অতি উপকাৰী। ইয়াত থকা আঁহে খাদ্যৰ কাৰ্বোহাইড্ৰেট শোষণ কৰে। ফলস্বৰূপে, তেজত গ্লুকোজৰ পৰিমাণ বেছি বৃদ্ধি হ'ব নোৱাৰে।


(৪) কঁঠালৰ গুটি চকুৰ বাবেও উপকাৰী। ইয়াত থকা ভিটামিন এ-য়ে দৃষ্টিশক্তিৰ যত্ন লয়। ভিটামিন এ(বিটা-কেৰোটিন) সমৃদ্ধ হোৱাৰ বাবে কঁঠালে আমাৰ চকুক স্বাস্থ্যকৰ পুষ্টি প্ৰদান কৰে। ই চকুক বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত কৰে। ই দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে। ৰেটিনাৰ অৱক্ষয় প্ৰতিহত কৰাত বিশেষভাৱে কাৰ্যকৰী আৰু ছানিৰ আশংকা হ্ৰাস কৰে।


(৫) কৰ্কট ৰোগ প্ৰতিৰোধ কৰে কঁঠালৰ গুটিয়ে। কঁঠালত এণ্টিঅক্সিডেণ্ট, ফাইটোনিউট্ৰিয়েণ্ট (phytonutrients) আৰু ফ্লেভোনইড (flavonoids) থাকে। এই এণ্টিঅক্সিডেণ্টবোৰৰ উপস্থিতিয়ে শৰীৰৰ দ্বাৰা উৎপন্ন হোৱা বিষাক্ত পদাৰ্থৰ লগতে আমাৰ বাবে ক্ষতিকাৰক মুক্ত ৰেডিকেলবোৰ নাইকিয়া কৰে। বিষাক্ত পদাৰ্থ আৰু মুক্ত ৰেডিকেল (radicals) দুয়োটাই শৰীৰত কৰ্কট ৰোগ সৃষ্টি কৰে বুলি জনা গৈছে।

Published by: Gautam Barman
First published: August 23, 2021, 12:50 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি