Health Tips for Immunity Boosting : কোভিডসৃষ্ট কালত ইমিউনিটি বঢ়াবৰ বাবে ভাল উপায় মাছাজ, জানক সবিশেষ
Health Tips for Immunity Boosting : কোভিডসৃষ্ট কালত ইমিউনিটি বঢ়াবৰ বাবে ভাল উপায় মাছাজ, জানক সবিশেষ
চিকিৎসকসকলে উল্লেখ কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব। গঢ়ি তুলিব লাগিব বেছি ইমিউনিটি। সংক্ৰামক প্ৰতিৰোধ তথা যিকোনো সংক্ৰামক ৰোগৰ সৈতে যুদ্ধ কৰাত সহায় কৰে ইমিউনিটিয়ে।
চিকিৎসকসকলে উল্লেখ কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব। গঢ়ি তুলিব লাগিব বেছি ইমিউনিটি। সংক্ৰামক প্ৰতিৰোধ তথা যিকোনো সংক্ৰামক ৰোগৰ সৈতে যুদ্ধ কৰাত সহায় কৰে ইমিউনিটিয়ে।
দেশ তথা ৰাজ্যত কোৰোণা ভাইৰাছে ভীতিগ্ৰস্ত কৰি থকাৰ মাজতে কোভিডৰ তৃতীয় লহৰ তথা অমিক্ৰনৰ সন্ত্ৰাস। দিনক দিনে বাঢ়িছে আক্রান্তৰ সংখ্যা। সমগ্ৰ দেশৰ লগতে ৰাজ্যতো একেই পৰিস্থিতি। নিতৌ বাঢ়িছে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা। নানা ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে। পৰিস্থিতি কেতিয়া ভাল হ’ব, তাকে লৈ সকলোৱে অপেক্ষাত। যদিও চিকিৎসকসকলে উল্লেখ কৰিছে যে ভৱিষ্যতৰ পিনে হতাশ হৈ চাই লাভ নাই। বৰং সাধাৰণ মানুহে আৰু বেছি প্ৰস্তুত থাকিব লাগিব। কিন্তু কেনেকৈ?
চিকিৎসকসকলে উল্লেখ কৰিছে যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব। গঢ়ি তুলিব লাগিব বেছি ইমিউনিটি। সংক্ৰামক প্ৰতিৰোধ তথা যিকোনো সংক্ৰামক ৰোগৰ সৈতে যুদ্ধ কৰাত সহায় কৰে ইমিউনিটিয়ে। সেইবাবে বহুতেই স্বাস্থ্যকৰ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰি আছে। নিয়মিতভাৱে শৰীৰচৰ্চা কৰি আছে। কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ আৰু অন্যান্য উপায়ো আছে। ইয়াৰে অন্যতম হ’ল মাছাজ।