দিনটোত প্ৰায় একেৰাহে হামি আহি থাকে নেকি? টোপনি ধৰিলে বা অধিক ভাগৰুৱা অনুভৱ কৰিলে হামি অহাতো স্বাভাৱিক। কিন্তু অত্যাধিক হামি আহিলে আপুনি সাৱধান হ'ব লাগিব।ইয়াৰ আঁৰত কেইবাটাও কাৰণ থাকিব পাৰে । জানো আহক ইয়াৰ আঁৰৰ কাৰণ কি হ'ব পাৰেঃ -
অত্যাধিক ভাগৰ বা টোপনিৰ বাবে হাই উঠাটো স্বাভাৱিক।
টোপনি বিঘ্নিত হ'লে এনে ধৰণৰ সমস্যা হ'ব পাৰে। উদাহৰণ স্বৰূপে, শ্লীপ এপনিয়াত ভুগি থকা লোকসকলৰ অধিক হামি আহি থকাৰ প্ৰৱণতা থাকে ।
কিছুমান ঔষধ আছে যি পাৰ্শ্বক্ৰিয়া হিচাপে ভাগৰ সৃষ্টি কৰে। ফলস্বৰূপে, অধিক হামি আহি থাকে। বিশেষকৈ এই ধৰণৰ সমস্যাৰ যেনে ভাগৰ, উদ্বেগ অধিক হোৱাৰ ঔষধ গ্ৰহণ কৰিলে অধিক হামি আহে।
কিন্তু এই সচঁৰাচৰ সমস্যাবোৰৰ বাহিৰেও, ইয়াৰ আঁৰত কেইবাটাও বিপদজনক ৰোগ লুকাই আছে।
মস্তিষ্কৰ টিউমাৰৰ এটা লক্ষণ হ'ব পাৰে অত্যাধিক হামি আহি থকাতো । গোটেই দিনটো ভাল টোপনি পোৱাৰ পিছতো যদি আপোনাৰ হামি আহি থাকে তেন্তে সাৱধান হওক। ডাক্তৰৰ পৰামৰ্শ লওক।
হৃদজনিত সমস্যা প্ৰায়ে নীৰৱে হয়। হঠাতে হামি আহি থাকিলে সাৱধান হ'ব। হৃদযন্ত্ৰৰ আক্ৰমণো এটা লক্ষণ হ'ব পাৰে।