মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»কোৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ মাস্ক পৰিধান কৰিব? WHOৰ নিৰ্দেশাৱলীৰ বিষয়ে পঢ়ক

কোৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ মাস্ক পৰিধান কৰিব? WHOৰ নিৰ্দেশাৱলীৰ বিষয়ে পঢ়ক

News18 Assam | News18-Assam
Updated:May 12, 2021, 12:37 PM IST
কোৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কেনেধৰণৰ মাস্ক পৰিধান কৰিব? WHOৰ নিৰ্দেশাৱলীৰ বিষয়ে পঢ়ক
বজাৰত উপলব্ধ বহুতো মাস্কৰ মাজত কোৰোণা সংক্ৰমণৰ পৰা সুৰক্ষা পাবলৈ কোনবোৰ মাস্ক ব্যৱহাৰ কৰা উচিত সেই বিষয়ে সকলোৰে মনত প্ৰশ্ন উদয় হোৱা দেখা গৈছে।

বজাৰত উপলব্ধ বহুতো মাস্কৰ মাজত কোৰোণা সংক্ৰমণৰ পৰা সুৰক্ষা পাবলৈ কোনবোৰ মাস্ক ব্যৱহাৰ কৰা উচিত সেই বিষয়ে সকলোৰে মনত প্ৰশ্ন উদয় হোৱা দেখা গৈছে।

  • Share this:
কোৰোণা (corona virus) মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে সকলোকে মাস্ক (Mask) পিন্ধিবলৈ নিৰন্তৰ জোৰ দি আহিছে। মানুহে সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ মাস্ক ব্যৱহাৰ কৰিছে। কিন্তু বজাৰত উপলব্ধ বহুতো মাস্কৰ মাজত কোৰোণা সংক্ৰমণৰ পৰা সুৰক্ষা পাবলৈ কোনবোৰ মাস্ক ব্যৱহাৰ কৰা উচিত সেই বিষয়ে সকলোৰে মনত প্ৰশ্ন উদয় হোৱা দেখা গৈছে। সকলো তথ্য আৰু যুক্তিৰ মাজত মানুহে কোনবিধ মাস্ক পিন্ধা প্ৰয়জনীয় সেই বিষয়ে সন্দিহান। বিশ্ব স্বাস্থ্য সংস্থাই কোভিড-১৯ প্ৰতিৰোধৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ লগতে মেডিকেল মাস্ক আৰু ফেব্ৰিক মাস্কৰ বিষয়ে বিতংকৈ জনাইছে। গতিকে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই এই বিষয়ত কি কয় জানো আহক।

মেডিকেল বা চাৰ্জিকেল মাস্ক কেতিয়া পিন্ধিব লাগে
WHOই মাস্কবোৰৰ ওপৰত নিৰ্দেশনা শ্বেয়াৰ কৰিছে য'ত কৈছে যে স্বাস্থ্য কৰ্মী আৰু ৰোগীৰ যত্ন লোৱা লোকসকলে মেডিকেল মাস্ক বা চাৰ্জিকেল মাস্ক পিন্ধিব লাগিব। ইয়াৰ উপৰিও, এই মাস্ক সেইসকল লোকৰ বাবেও উপযোগী যিসকলৰ দেহত কোভিড-১৯ৰ লক্ষণ দেখা গৈছে আছে আৰু যিসকলৰ ওচৰত কাৰোবাৰ সংক্ৰমিত বুলি সন্দেহ কৰা হৈছে। ইয়াৰ উপৰি, যিসকলৰ পৰিয়ালত কাৰোবাৰ কোৰোণা আছে আৰু একেলগে বাস কৰি আছে তেওঁলোকেও মেডিকেল মাস্ক পিন্ধিব লাগে। স্বাস্থ্য সংস্থাটোৱে ৬০ বছৰতকৈ অধিক বয়সৰ লোক আৰু ৰুগীয়া লোকসকলক এই মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। উচ্চ বিপদাশংকা অঞ্চলৰ লোকসকলক আৰু এক মিটাৰ দূৰত্ব বজাই ৰখাত অসুবিধা হোৱা লোকসকলক মেডিকেল বা চাৰ্জিকেল মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়।

ফেব্ৰিক মাস্ক কেতিয়া পিন্ধিব লাগে
মহামাৰীৰ এই যুগত, কাপোৰৰ পৰা তৈয়াৰ কৰা ফেব্ৰিক মাস্ক সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি, কোভিড-১৯ লক্ষণ নথকা লোকসকলে ফেব্ৰিক মাস্ক পিন্ধিব লাগে। ইয়াক এনে ঠাইত পিন্ধিব পাৰি য'ত এক মিটাৰ দূৰত্ব বজাই ৰাখিব পাৰি। ইয়াৰ উপৰিও, ইয়াক ৰাজহুৱা পৰিবহন, মেট্ৰ' , বাছ আদিতো পিন্ধিব পাৰি। এইটো কৰ্মক্ষেত্ৰতো পিন্ধিব পাৰি।

মাস্ক পিন্ধি থাকোঁতে এই বোৰ কথা মনত ৰাখিব
কেতিয়াবা মানুহে মাস্ক পিন্ধে যদিও এনে মাস্ক পিন্ধাৰ কোনো অৰ্থ নাথাকে। কিছুমান লোকে মাস্ক ডিঙিত ওলমাই ৰাখে, আনহাতে আন কিছুমানে মাস্কেৰে কেৱল নাক ঢাকি ৰাখে। বহুলোকে কেৱল সৰু কাপোৰেৰে মুখ ঢাকি ৰাখে যিটো সঠিক উপায় নহয়। তদুপৰি, মানুহে একেখন মাস্ক নোধোৱাকৈ কেইবাদিনলৈ ব্যৱহাৰ কৰে, যাৰ ফলত সংক্ৰমণ হ্ৰাস হোৱাৰ সলনি বৃদ্ধি হোৱাৰ কাৰণ হৈ পৰে।

মাস্ক পিন্ধা আৰু খোলাৰ সঠিক উপায়
১. WHOৰ মতে, মাস্ক এখন পিন্ধাৰ সময়ত প্ৰথমে আপোনাৰ হাত ভালদৰে পৰিষ্কাৰ কৰক।
২. নাক আৰু মুখ মাস্কৰে ভালদৰে আবৃত হৈ থকাটো নিশ্চিত কৰিব।
৩. মাস্ক পিন্ধি থকাৰ সময়ত ইয়াক আপোনাৰ হাতেৰে সঘনাই স্পৰ্শ নকৰিব।
৪. যদি আপুনি মাস্কখন স্পৰ্শ কৰিবলগীয়া হয়, প্ৰথমে হাতদুখন ভালদৰে চেনেটাইজ কৰক বা চাবোনেৰে পৰিষ্কাৰ কৰক। তাৰ পিছতহে মাস্কখন স্পৰ্শ কৰক।
৫. যদি আপুনি মাস্কখন খুলিব বিচাৰে তেন্তে মাস্কখন সমুখৰ পৰা স্পৰ্শ নকৰিব। ইয়াক কাণৰ দিশৰ পৰা খোলক।
৬. মাস্কখন খোলাৰ লগে লগে, ইয়াক চাবোন পানীৰে ভালদৰে ধুই দিয়ক বা যদি ই পুনৰ ব্যৱহাৰযোগ্য নহয়, ইয়াক এখন কাগজত মেৰিয়াই ডাষ্টবিনত ৰাখক।
৭. মাস্ক স্পৰ্শ কৰাৰ পিছত চাবোনেৰে হাত ভালদৰে ধুব বা ছেনিটাইজ কৰিব।
৮. গৰম পানী আৰু চাবোনত ফেব্ৰিক মাস্ক পৰিষ্কাৰ কৰক।
Published by: Sanjay Kumar Das
First published: May 12, 2021, 12:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি