• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Health Tips : ঘৰৰ কাম কৰিয়ে হ্ৰাস কৰক ওজন, আহাৰ আৰু ব্যায়ামৰ উপৰি কৰক এইসমূহ কাম

Health Tips : ঘৰৰ কাম কৰিয়ে হ্ৰাস কৰক ওজন, আহাৰ আৰু ব্যায়ামৰ উপৰি কৰক এইসমূহ কাম

স্বাস্থ্যকৰ আহাৰ, ব্যায়াম আৰু যোগৰ সৈতে ঘৰুৱা কামবোৰেও শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

স্বাস্থ্যকৰ আহাৰ, ব্যায়াম আৰু যোগৰ সৈতে ঘৰুৱা কামবোৰেও শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

স্বাস্থ্যকৰ আহাৰ, ব্যায়াম আৰু যোগৰ সৈতে ঘৰুৱা কামবোৰেও শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে।

  • Share this:
শৰীৰৰ অত্যধিক ওজন হ্ৰাস কৰিবলৈ সাধাৰণতে সকলোৱে ডাইটিং আৰু শাৰীৰিক ব্যায়াম কৰে। কিন্তু একে সময়তে, যদি আপুনি ঘৰটোত ঝাড়ু লগোৱা-মচা, ৰন্ধা-বঢ়া কৰা আৰু পৰিষ্কাৰৰ সকলো কাম নিজেই কৰিবলৈ লয়, তেন্তে ইয়ে আপোনাৰ মেদবহুলতাৰ লগতে কঁকাল, ভৰি আৰু পিঠিৰ বিষৰ পৰা যথেষ্ট পৰিমাণে মুক্তি দিব। শৰীৰটো যিমানেই সক্ৰিয় হৈ থাকে, আপুনি সিমানেই ৰোগমুক্ত হৈ থাকিব। স্বাস্থ্যকৰ আহাৰ, ব্যায়াম আৰু যোগৰ সৈতে ঘৰুৱা কামবোৰেও শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। যদি আপুনি দীৰ্ঘ সময়ৰ বাবে ফিট থাকিব বিচাৰে, আপুনি ঘৰুৱা কামৰ অভ্যাস বজাই ৰাখিব লাগিব।

ঘৰ মচা কৰক -
আপুনি জানেনে ঘৰ মচি থাকোতে ৩০ মিনিটত প্ৰায় ১৪৫ কেলৰি বাৰ্ণ কৰিব পাৰে, যি ট্ৰেডমিলত ১৫ মিনিট দৌৰাৰ সমতুল্য। অৱশ্যে, যদিহে আপোনাৰ ভৰি অথবা পিঠিৰ বিষ আছে, আপুনি বহিয়েই ঘৰ মচিবলৈ চেষ্টা কৰক কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ ভৰিৰ একপ্ৰকাৰ ভাল ব্যায়াম হ'ব, ভৰিৰ চৰ্বি কম হ'ব আৰু ভৰিখন দেখিবলৈ সুন্দৰ হৈ উঠিব৷

কাপোৰ ধোৱা কৰক -

ৱাছিং মেচিন অহাৰ পৰাই কাপোৰত লাগি অহা দাগ আঁতৰ কৰাটো অতি সহজ হৈ পৰিছে, যদিও হাতেৰে কাপোৰ ধোৱাৰ সময়ত যথেষ্ট কেলৰি বাৰ্ণ কৰিব পাৰি। যি প্ৰায় ১০০টা চিট আপৰ সমতুল্য৷ ইয়ে আপোনাক শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰিব।

নিজেই খাদ্য ৰন্ধা কৰক -

পাচলি কটাৰ পৰা আদি কৰি ৰুটি বেলালৈকে ৰন্ধা-বঢ়া কৰাৰ সময়ছোৱাত এনে বহু বস্তু আছে, যিয়ে গোটেই শৰীৰটো কামত লগাই ৰাখে। খাদ্য ৰান্ধি থাকোতে আপুনি ১ ঘণ্টাত প্ৰায় ১৫০ কেলৰি বাৰ্ণ কৰিব পাৰে যি ১৫ মিনিটৰ এৰোবিক্সৰ সমতুল্য।

ঘৰৰ চাফ-চিকুণৰ কাম-
টিভি, ফ্ৰিজ, টেবুলত চাফ-চিকুণ কৰি, আপুনি ৩০ মিনিটত ১৮০ কেলৰিলৈকে বাৰ্ণ কৰিব পাৰে, যি ১৫ মিনিটৰ বাবে চাইকেল চলোৱাৰ সমতুল্য। এনে কৰিলে শৰীৰটো ফিট হৈ থাকে।

বিচনা পৰা কাম -

বিচনা পৰাৰ সময়ত আপুনি ১৫ মিনিটত প্ৰায় ৬৬ কেলৰি বাৰ্ণ কৰিব পাৰি, যি ২ কিলোমিটাৰতকৈ অধিক খোজ কঢ়াৰ সমতুল্য। কেৱল এয়াই নহয়, ই হৃদৰোগৰ আশংকা হ্ৰাস কৰে আৰু শৰীৰটো ফিট কৰি ৰাখে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি