আপুনি অফিচৰ পৰা বা বাহিৰৰ পৰা ঘৰলৈ অহাৰ পিছত ভৰি নোধোৱাকৈ বিচনাত শুই পৰে নেকি? যদি আপোনাৰ উত্তৰ হয়, যিমান সম্ভৱ সোনকালে এই অভ্যাসটো সলনি কৰক আপুনি অফিচৰ পৰা বা বাহিৰৰ পৰা ঘৰলৈ অহাৰ পিছত ভৰি নোধোৱাকৈ বিচনাত শুই পৰে নেকি? যদি আপোনাৰ উত্তৰ হয়, যিমান সম্ভৱ সোনকালে এই অভ্যাসটো সলনি কৰক Washing Feet before Sleeping Benefits: আপুনি অফিচৰ পৰা বা বাহিৰৰ পৰা ঘৰলৈ অহাৰ পিছত ভৰি নোধোৱাকৈ বিচনাত শুই পৰে নেকি? যদি আপোনাৰ উত্তৰ হয়, যিমান সম্ভৱ সোনকালে এই অভ্যাসটো সলনি কৰক আৰু ৰাতি শুবলৈ যোৱাৰ আগতে নিজৰ ভৰি ভালদৰে ধুই হে শোৱাৰ অভ্যাস কৰক। এনে কৰিলে আপোনাৰ স্বাস্থ্য উপকৃত হ'ব। যি কি নহওক, বাহিৰৰ পৰা অহা আৰু নিজকে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো এটা ভাল অভ্যাস। ইয়াৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰৰ সংক্ৰমণ, ৰোগ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰে। যদি আপুনি ৰাতি শুবলৈ যোৱাৰ আগতে গা ধুৱে বা হাত-ভৰি, মুখ ধুৱে, তেনেহ'লে আপোনাৰ ভাল টোপনি যাোৱাৰ লগতে সতেজ অনুভৱ কৰিব আৰু মুডটোও ৰিলেক্সেছেচনলৈ আহিব।
ৰাতি ভৰি ধোৱাৰ ফলত হ'ব পৰা লাভ :
Sleep.com-ৰ এক প্ৰতিবেদন অনুসৰি যিসকল লোকৰ ভৰিৰ পৰা অধিক পৰিমাণে ঘাম ওলাই বা হাইপাৰহিড্ৰোচিছৰ সমস্যা আছে তেওঁলোকে ভৰি নোধোৱাকৈ ৰাতি শুবলৈ যাব নালাগে। ভৰি ধুই শুলে বেক্টেৰিয়াৰ বৃদ্ধি নহয়।
যদি আপোনাৰ ভৰিৰ ছাল শুকান, ফ্লেকি, ফাটি যায়, তেনেহ'লে গোটেই দিনটো ঘাম, ধুলি আৰু লেতেৰা হৈ বেক্টেৰিয়া বৃদ্ধি হ'ব পাৰে। স্কেলি ছাল কেতিয়াবা বিচনাত পৰে, যাৰ ফলত আনৰো সংক্ৰমণ হ'ব পাৰে। শুবলৈ যোৱাৰ আগতে বা কাৰ্যালয়ৰ পৰা অহাৰ পিছত আপোনাৰ ভৰি চাবোনেৰে ভালদৰে ধুব। ছালখন কিছু মিনিটৰ বাবে স্ক্ৰাবাৰেৰে পৰিষ্কাৰ কৰক যাতে ছালৰ সকলো মৃত কোষ আঁতৰ হয়। ই ছালকো কোমল কৰি তুলিব।
ভৰি ধুই শুলে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ হয়। ভৰি ধোলে শৰীৰৰ তাপমাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ই মগজুক টোপনি যোৱাত সহায় কৰে।
ভৰি ধুই শুলে উদ্বেগ আৰু বিষ হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে, আধা বাল্টি পানীত এচামুচ নিমখ দি আপোনাৰ ভৰি ধুব। ই শৰীৰত শিথিলতাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু আপোনাক শান্তিৰে শুবলৈ দিয়ে।
ৰাতি গৰম পানীত ভৰি ধুই শুলে পেশীবোৰ শিথিল অনুভৱ কৰে। বিষটো আঁতৰি যায়। বিভিন্ন সমস্যা যেনে ক্ৰেম্প, জঠৰতা আদিৰ পৰা পৰিত্ৰাণ পাব।
ভৰি ভালদৰে ধুই, মচি ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰি শুবলৈ যোৱাভাল।
গোটেই দিনটো দৌৰি থাকিলে, পেশী, ভৰিৰ হাড় আৰু লগতে পেশীত চাপ পৰে। এনে পৰিস্থিতিত, ভৰি ভালদৰে ধুই শুলে যথেষ্ট আৰাম অনুভৱ কৰিব পাৰে।
(Disclaimer: এই প্ৰবন্ধৰ তথ্য আৰু পৰামৰ্শ সাধাৰণ বিশ্বাসৰ ওপৰত আধাৰিত। NEWS18 অসম নৰ্থ-ইষ্টে ইয়াৰ সত্যতা নিশ্চিত নকৰে। এইবোৰ নিজে প্ৰয়োগ কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰি লোৱাটো বাঞ্চনীয়।) Published by: Manjumoni Borah
First published: April 26, 2022, 20:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|