உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে যদি পুৱা কেতিয়াও নকৰিব এইকেইটা কাম!

    শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ বিচাৰিছে যদি পুৱা কেতিয়াও নকৰিব এইকেইটা কাম!

    Image-shutterstock.com

    Image-shutterstock.com

    সাধাৰণতে আমাৰ পুৱাৰ ৰুটিনত এনে কিছুমান অভ্যাস আছে, যিয়ে আমাৰ ওজনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়।

    • Share this:
    Weight Loss Tips: কিছুমান লোকৰ বাবে ওজন হ্ৰাস কৰাটো অতি কঠিন। কেতিয়াবা আমি ভাবো যে সকলোবোৰ ভালদৰে চলি আছে আৰু কেইদিনমানৰ ভিতৰত ওজন হ্ৰাস হ'ব। কিন্তু যেতিয়া আমি পুনৰ ওজন জোখো, তেতিয়া দেখিবলৈ পোৱা যায় যে সতৰ্কতা অৱলম্বন কৰাৰ পিছতো আমাৰ ওজন হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈছে। দৰাচলতে, ইয়াৰ কাৰণ হৈছে ভুল তথ্য বা পুৰণি পৰামৰ্শ।

    বিশেষজ্ঞসকলে মতে, সাধাৰণতে আমাৰ পুৱাৰ ৰুটিনত কিছুমান অভ্যাস আছে, যিয়ে আমাৰ ওজনক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। এই অভ্যাসবোৰৰ বাবে আমি প্ৰয়োজনীয় সকলো কৰাৰ পিছতো ওজন হ্ৰাস কৰিবলৈ সক্ষম নহও। গতিকে আমাৰ ওজন দ্ৰুতগতিত হ্ৰাস কৰিবলৈ আমি পুৱা কি অভ্যাস সলনি কৰিব পাৰো জানো আহক।

    ১) পুৱা পানী সেৱন

    বহু মানুহে পুৱা উঠি চাহ বা কফিৰে দিনটো আৰম্ভ কৰে। প্ৰথমে পুৱা সাৰ পোৱাৰ পিছত সকলোতকৈ প্ৰথমে পানী সেৱন কৰাৰ অভ্যাস কৰিব লাগে। আমি পুৱা খালী পেটত পানী সেৱন নকৰিলে, শৰীৰ ডিহাইড্ৰেটেড হৈ পৰে, যি আমাৰ পাচন প্ৰক্ৰিয়াক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু ওজন দ্ৰুতভৱে বৃদ্ধি কৰিব পাৰে।

    ২) ছুগাৰফ্ৰী জুছ সেৱন কৰা

    মানুহে সাধাৰণতে ঘৰত পুৱাৰ আহাৰত সতেজ জুচৰ সলনি পেকেটৰ জুচ ব্যৱহাৰ কৰে। জনাই দিওঁ যে এই পেকেটযুক্ত জুচবোৰত যথেষ্ট পৰিমানে চৰ্বি আৰু চেনী থাকে। তদুপৰি, সেইবোৰ কেলৰি সমৃদ্ধ হয় যাক আমি সহজে হজম কৰিব নোৱাৰো আৰু মেদবহুলতাৰ সমস্যা হয়।

    ৩) ব্ৰেকফাষ্ট নকৰা

    পুৱাৰ সময়ত সকলোৱে খৰখেদা হয়। মানুহে দৌৰা-দৌৰিকৈ আৰু পুৱাৰ আহাৰ খায়। কেতিয়াবা মানুহে ব্ৰেকফাষ্ট নকৰাকৈ ঘৰৰ পৰা ওলায় যায়, যাৰ বিপাকৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰে আৰু প্ৰক্ৰিয়াটো লেহেমীয়া হয়। ইয়াৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে।

    ৪) আহাৰত ভজা আৰু অস্বাস্থ্যকৰ খাদ্য

    বহুতো ঘৰত, মানুহে পুৱাৰ আহাৰত পিজ্জা, বাৰ্গাৰ, পৰঠা আদি খাবলৈ ভাল পায়। সেইবোৰ প্ৰতিটো ক্ষেত্ৰতে অস্বাস্থ্যকৰ, উচ্চ কেলৰি আৰু উচ্চ চৰ্বিযুক্ত খাদ্য হয়, পুৱা স্বাস্থ্যকৰ খাদ্য খোৱাটো অধিক ভাল বুলি গণ্য কৰা হয়। যদি আপুনি পুৱাৰ আহাৰত এনে খাদ্য খাই আছে তেনেহ'লে ই আপোনাৰ মেদবহুলতাৰ কাৰণ। যদি আপুনি এই অভ্যাস সলনি নকৰে, আপুনি ওজন হ্ৰাস কৰিব নোৱাৰিব।

    ৫) ব্যায়াম নকৰা

    খোজ কঢ়া, ব্যায়াম বা যোগাভ্যাসেৰে দিনটোৰ আৰম্ভ কৰক। ই আপোনাৰ ওজন হ্ৰাস কৰা সহায় কৰিব। যদি আপুনি ঘৰত থাকিবলগীয়া হয়, পুৱা যিমান সম্ভৱ সক্ৰিয় হৈ থাকিব।

    (Disclaimer : এই লিখনিৰ তথ্য আৰু সমল সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18-এ এইসমূহ নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)
    Published by:Sanjay Kumar Das
    First published: