মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Health Tips : পুৱাৰ এই ৭টা অভ্যাসে বৃদ্ধি কৰে শৰীৰৰ ওজন! অধিকাংশ লোকেই কৰে এইকেইটা ভুল

Health Tips : পুৱাৰ এই ৭টা অভ্যাসে বৃদ্ধি কৰে শৰীৰৰ ওজন! অধিকাংশ লোকেই কৰে এইকেইটা ভুল

News18 Assam | News18-Assam
Updated:March 25, 2021, 1:06 PM IST
Health Tips : পুৱাৰ এই ৭টা অভ্যাসে বৃদ্ধি কৰে শৰীৰৰ ওজন! অধিকাংশ লোকেই কৰে এইকেইটা ভুল
ওজন হ্ৰাসৰ বাবে পুৱাৰ অভ্যাসবোৰেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ৷ পুৱাৰ বেয়া অভ্যাসে কেৱল আপোনাৰ ওজন দ্ৰুতভাৱে বৃদ্ধিয়েই নকৰে, ইয়ে আপোনাক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে।

ওজন হ্ৰাসৰ বাবে পুৱাৰ অভ্যাসবোৰেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ৷ পুৱাৰ বেয়া অভ্যাসে কেৱল আপোনাৰ ওজন দ্ৰুতভাৱে বৃদ্ধিয়েই নকৰে, ইয়ে আপোনাক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে।

  • Share this:
ওজন হ্ৰাস হৈছে এনে এক প্ৰক্ৰিয়া, যাৰ সৈতে সৰু সৰু বহু কথাই জড়িত হৈ থাকে। আপোনাৰ বহু সৰু সৰু অভ্যাস ওজন হ্ৰাস আৰু ওজন বৃদ্ধিৰ কাৰণ হ’ব পাৰে। ওজন হ্ৰাসৰ বাবে পুৱাৰ অভ্যাসবোৰেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ৷ পুৱাৰ বেয়া অভ্যাসে কেৱল আপোনাৰ ওজন দ্ৰুতভাৱে বৃদ্ধিয়েই নকৰে, আপোনাক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে। সেয়েহে পুৱাৰ অভ্যাসবোৰ এনে হ’ব লাগে, যিয়ে আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখে আৰু ওজন বৃদ্ধি নকৰে আৰু আপুনি গোটেই দিনটো সতেজ অনুভৱ কৰে।

ইয়াৰ বাবে জানি লওক পুৱাৰ এই অভ্যাসবোৰ, যিয়ে আপোনাৰ ওজন বৃদ্ধি কৰে।

- আপুনি পুৱা উঠাৰ লগে লগে পানী নোখোৱাকৈ চাহ বা কফি খাব নালাগে৷ বেছিভাগ লোকেই ৰাতি পানী খাই টোপনি যায়। তেনেস্থলত পুৱালৈ খোৱা পানী এটা দীঘলীয়া ব্যৱধান হৈ পৰে আৰু শৰীৰত পানীৰ অভাৱ হ’বলৈ লয়। পানীৰ পৰিমাণ কম হোৱাৰ ফলত শৰীৰৰ ডিহাইড্ৰেচন হয় আৰু ইয়ে পাচন প্ৰক্ৰিয়াক পোনপটীয়াকৈ প্ৰভাৱিত কৰে। ইয়াৰ বাবে পুৱা শুই উঠি প্ৰথমে কুহমীয়া গৰম পানীত নেমু চেপি খোৱাটো অতি গুৰুত্বপূৰ্ণ। অথবা আপুনি প্ৰথমে স্বাভাৱিক পানীও খাব পাৰে।

- যদি আপুনি পুৱাৰ আহাৰত ফলৰ ৰস খাব বিচাৰে, তেন্তে পেকেটত উপলব্ধ ৰস খাব নালাগে ৷ ইয়াত অতি উচ্চ পৰিমাণৰ চৰ্বি আৰু চেনী থাকে। পুৱাৰ আহাৰত ঘৰত সতেজ ফলৰ ৰস অথবা ঘৰতে প্ৰস্তুত কৰা ফলৰ ৰস খাবলৈ চেষ্টা কৰক। ইয়াত চেনী যোগ নকৰিব।

- পুৱাৰ আহাৰ গ্ৰহণ নকৰাকৈ ওলাই নাযাব ৷ এনে কৰিলে বিপাক লেহেম হয়। ৰাতিৰ আহাৰৰ পিছত, পুৱাৰ আহাৰলৈকে এটা দীঘলীয়া ব্যৱধান থাকে, যাৰ বাবে পেট খালী হৈ থাকে। সেয়েহে আপুনি পুৱা স্বাস্থ্যকৰ আৰু গধুৰ আহাৰ খাব লাগে।

- পুৱাৰ আহাৰৰ বাবে একো তৈয়াৰ কৰিব নোৱাৰি বহুতে ফাষ্ট ফুড গ্ৰহণ কৰাটো সঠিক নহয়। ই পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে গুৰুতৰ ৰোগৰো সৃষ্টি কৰিব পাৰে।

- আহাৰত অধিক কেলৰিয়ে আপোনাক শকত কৰিব৷ যিমান সম্ভৱ কম কেলৰিযুক্ত খাদ্য খাব। যদি আপুনি অধিক কেলৰি গ্ৰহণ কৰিছে, আপুনি ইয়াক বাৰ্ণ কৰিবলৈ স্পীড ৱাক, জগিং, ট্ৰেড মিল ৱাকিং বা কিছু ব্যায়াম কৰিব পাৰে।

- পুৱা উঠাৰ পিছতো দীৰ্ঘ সময় বিচনাত শুই থকাটো এটা বেয়া অভ্যাস৷ ইয়ে শৰীৰৰ শক্তি হ্ৰাস কৰে আৰু আপোনাক দিনটো ভাগৰুৱা অনুভৱ কৰায়।
Published by: Sanjay Kumar Das
First published: March 25, 2021, 1:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি