আম ফ্ৰিজত ৰাখিলে ইয়াৰ পুষ্টি আৰু সোৱাদ দুয়োটাই প্ৰভাৱিত হয়। এছ বি এছত প্ৰকাশিত এটা বাতৰিত কোৱা হৈছে যে আমবোৰ ফ্ৰিজত নৰখাই ভাল। Never Keep Mangoes In Fridge Know The Facts : গ্ৰীষ্মকালত আমৰ চাহিদা যথেষ্ট বেছি। বজাৰৰ লগতে প্ৰায়সংখ্যক লোকৰ ঘৰ ভৰি থাকে আমেৰে। বিশেষকৈ গাঁও অঞ্চলত প্ৰায় প্ৰতিঘৰ লোকৰে বাৰীত আম থাকে। পিছে পকা আমবোৰ আপুনি কিদৰে সংৰক্ষণ কৰি ৰাখে সেয়াও আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কিছুমান লোকে আম বাহিৰত আৰু কিছুমানে ফ্ৰিজত (Fridge) ৰাখে। এনে পৰিস্থিতিত আপোনাৰ স্বাস্থ্যৰ উপযোগী হোৱাকৈ ঘৰত ফ্ৰিজত বা ফ্ৰিজৰ বাহিৰত আম ক'ত ৰাখিব লাগে সেই বিষয়ে জনাটোও অত্যন্ত গুৰুত্বপূৰ্ণ। আম সংৰক্ষণ কৰাৰ বিষয়ে মানুহৰ মাজত সদায় বিভ্ৰান্তি থাকে।
Mango.org মতে, এনে কৰিলে ইয়াৰ পুষ্টি আৰু সোৱাদ দুয়োটাই প্ৰভাৱিত হয়। এছ.বি.এছত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে যে আমবোৰ ফ্ৰিজত নৰখাই ভাল। সেয়েহে আজি আমি আপোনাক আম সম্পৰ্কীয় কিছুমান অত্যাৱশ্যকীয় তথ্যৰ বিষয়ে অৱগত কৰিম। যি আপোনাৰ বিভ্ৰান্তি দূৰ কৰাৰ লগতে আম কেনেকৈ সংৰক্ষণ কৰি ৰাখিব সেই বিষয়েও জ্ঞাত হ'ব।
ইয়াৰ বাবে আমবোৰ ফ্ৰিজৰ বাহিৰত ৰাখক
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগৰ এক প্ৰতিবেদন অনুসৰি, আম আৰু আন সকলোবোৰ তেনেধৰণৰ ফল কোঠাৰ তাপমাত্ৰাৰ সৈতে একেদৰে ৰখাটো ভাল। ইয়াক ফ্ৰিজৰ বাহিৰত সাধাৰণ উষ্ণতাত ৰাখিলে এণ্টিঅক্সিডেণ্টবোৰ সক্ৰিয় থাকে আৰু আমাৰ স্বাস্থ্যক বিভিন্ন ধৰণে লাভান্বিত কৰে। বিশেষজ্ঞসকলে এইটোও বিশ্বাস কৰে যে আমৰ বাহিৰে আন ক্ৰান্তীয় ফলবোৰো ফ্ৰিজত ৰাখিব নালাগে কিয়নো সেইবোৰ ঠাণ্ডা পৰিৱেশত অতি সংবেদনশীল।
আম সংৰক্ষণ কৰোতে এই কথা মনত ৰাখিব
- কেঁচা হ'লে আমবোৰ কেতিয়াও ৰেফ্ৰিজেৰেটৰত নাৰাখিব। এনে কৰিলে সেইবোৰ ভালদৰে নপকে আৰু সোৱাদ বেয়া হ'ব।
- যদি আমবোৰ কোঠাৰ উষ্ণতাত পকে তেতিয়া সেইবোৰ অধিক মিঠা আৰু কোমল হ'ব। অধিক স্বাস্থ্যকৰো হ'ব।
- যেতিয়া আমটো পকে তেতিয়া আপুনি ইয়াৰ অত্যাধিক পকা প্ৰক্ৰিয়া হ্ৰাস কৰিবলৈ ইয়াক ফ্ৰিজত ৰাখিব পাৰে।
- সম্পূৰ্ণৰূপে পকা আমবোৰ ৰেফ্ৰিজেৰেটৰত ৫ দিনলৈকে ৰাখিব পাৰি।
- যদি আমটো সোনকালে পকিব লাগে, ইয়াক কোঠাৰ তাপমাত্ৰাত কাগজৰ মোনা এখনত ৰাখক।
- আমৰ বাকলি গুচাই, কাটি এটা এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত ছয়মাহলৈকে ৰাখিব পাৰি।
আন ফল আৰু পাচলিৰ সৈতে আম নাৰাখিব
কেতিয়াবা আমি অন্য ফল আৰু পাচলিৰ সৈতে আম সংৰক্ষণ কৰি ৰাখো, যেতিয়া কোনো অতিৰিক্ত ঠাই নাথাকে। কিন্তু এইটো সঠিক উপায় নহয়। যদি আপুনি এনেদৰে আম ৰাখে, তেন্তে আমৰ সোৱাদত পাৰ্থক্য দেখা পাব।
Published by: Sanjay Kumar Das
First published: June 22, 2021, 13:55 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|