• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বাৰিষা কালত বৃদ্ধি পাবলৈ লয় ভিন্ন ঋতুগত ৰোগ! এই সময়ছোৱাত স্বাস্থ্যৱান হৈ থাকিবলৈ কি কৰিব?

বাৰিষা কালত বৃদ্ধি পাবলৈ লয় ভিন্ন ঋতুগত ৰোগ! এই সময়ছোৱাত স্বাস্থ্যৱান হৈ থাকিবলৈ কি কৰিব?

Image Credit : Shutterstock

Image Credit : Shutterstock

Monsoon Health Care Tips : বাৰিষাৰ এই সময়চোৱাত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হৈ থাকে, যাৰ ফলত আমি অকণমান অসাৱধান হ'লেই যিকোনো বেক্টেৰিয়াৰ চিকাৰ হ'বলগীয়া হ'ব পাৰে।

  • Share this:
Monsoon Health Care Tips : বাৰিষা হৈছে এক মনোৰম ঋতু, এই ঋতুৱে পৰিৱেশ সুন্দৰ কৰি তোলে ঠিকেই। কিন্তু এই ঋতুৰ আগমনৰ লগে লগে ডেংগু, মেলেৰিয়াৰ দৰে বহু ঋতুগত ৰোগো বিয়পি পৰে আৰু ইয়ে এক বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত এই ঋতুত নিজৰ লগতে পৰিয়ালৰ আন সদস্য়সকলক স্বাস্থ্যৱান কৰি ৰখাৰ প্ৰত্যাহ্বান অধিক বৃদ্ধি হয়।

যিহেতু সম্প্ৰতি সমগ্ৰ বিশ্বতে কোৰোণা মহামাৰীৰ তাণ্ডৱ চলি আছে, তেনেস্থলত যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য ডেংগুসদৃশ ৰোগৰ সংস্পৰ্শলৈ আহে, তেন্তে ইয়ে সঁচাকৈয়ে আপোনাৰ পৰিয়ালত সমস্যা বৃদ্ধি পাৰে।

গতিকে এই ঋতুত আপোনাৰ আহাৰ আৰু জীৱনশৈলীৰ বিশেষ যত্ন লোৱাটো অতি জৰুৰী। Farmesi.inৰ মতে, দৰাচলতে এই ঋতুত আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কম হৈ থাকে, যাৰ ফলত আমি অকণমান অসাৱধান হ'লেই যিকোনো বেক্টেৰিয়াৰ চিকাৰ হ'বলগীয়া হ'ব পাৰে।

সেয়েহে জানি লওক আমি কেনেদৰে এই ৰোগবোৰৰ নিজকে আঁতৰাই ৰাখিব পাৰো -

ভিটামিন চি গ্ৰহণ বৃদ্ধি কৰক -

বাৰিষা কালত বিভিন্ন ধৰণৰ ভাইৰাছ আৰু বেক্টেৰিয়া সক্ৰিয় হৈ পৰে, যাৰ ফলত এই সময়ছোৱাত ভিন্ন ভাইৰেল জ্বৰ, এলাৰ্জি আদিয়ে যিকোনো লোকক সহজে আক্ৰমণ কৰিব পাৰে। গতিকে এই ঋতুত আমি অধিক ভিটামিন চি খাদ্য খোৱাটো অতি গুৰুত্বপূৰ্ণ। উদাহৰণ স্বৰূপে, বুট-মাহ, সেউজীয়া পাচলি, কমলা ইত্যাদি।

জাংক ফুডৰ পৰা আঁতৰি থাকিব -

এই ঋতুত যিমান সম্ভৱ ঘৰত বনোৱা খাদ্য খাব। জাংক ফুড বা ষ্ট্ৰীট ফুডে বিভিন্ন ধৰণৰ বিপজ্জনক মাইক্ৰ'অৰ্গেনিজন বিকশিত কৰে, যিয়ে আমাক ৰুগীয়া কৰিব পাৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ যত্ন লওক -

আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা খাদ্য গ্ৰহণ কৰিব। যিমান পাৰে সিমান সতেজ ফল, পাচলি আদি খাব।

প্ৰ'বায়োটিক্স ব্যৱহাৰ কৰক -

আপোনাৰ আহাৰত দৈ আদি অন্তৰ্ভুক্ত কৰক। সেইবোৰত থকা প্ৰ'বায়োটিকবোৰে পেটৰ ভাল বেক্টেৰিয়াবোৰক স্বাস্থ্যকৰ কৰে আৰু আমাক বহু ৰোগৰ পৰা সুৰক্ষিত কৰে। দক্ষিণ ভাৰতীয় খাদ্য হৈছে প্ৰ'বায়োটিকৰ এক ভাল উৎস। ইয়াত অন্তৰ্ভুক্ত থাকে ইডলি, ডোচা আদি, যি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল।

পৰিস্কাৰ-পৰিচ্ছন্ন হৈ থকাটো অতি জৰুৰী -

এই ঋতুত পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত অধিক গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। অৱশ্যে, কোৰোণাকালীন এই সময়ত আমি পৰিচ্ছন্নতাৰ গুৰুত্ব বুজি পাইছো আৰু এতিয়া ই আমাৰ এটা অভ্যাস হৈ পৰিছে।

মহৰ পৰা আঁতৰি থাকক -

এই ঋতুত যিমান সম্ভৱ মহৰ পৰা আঁতৰি থকাটো ভাল। ঘৰত বা চাৰিওফালে নজৰ ৰাখিব যাতে ভঙা বাচন-বৰ্তন, পাত্ৰ, কুলাৰ আদিত মহ বিকশিত নহয়। ইয়ে আপোনাক ডেংগু, মেলেৰিয়া আদিৰ পৰা আঁতৰাই ৰখাত সহায় কৰিব। যদি মহ থাকে তেন্তে আঁঠুৱা ব্যৱহাৰ কৰক।
Published by:Sanjay Kumar Das
First published: